বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে গাঁথনি আধাৰিত সম্ভাৱ্য এণ্টিভাইৰেলক চিনাক্তকৰণ সম্পৰ্কীয় অধ্যয়ণত সমৰ্থন ডিএছটি-এছইআৰবিৰ
Posted On:
27 MAY 2020 5:36PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ডিএছটি)ৰ অধীনস্ত বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে(এছইআৰবি) এতিয়া ছাৰ্ছ-ক’ভ-২ৰ বিৰুদ্ধে গাঁথনি আধাৰিত সম্ভাৱ্য এণ্টিভাইৰেলসমূহক চিনাক্তকৰণৰ বাবে আইআইটি ৰুৰকীৰ অধ্যাপক প্ৰবীন্দ্ৰ কুমাৰৰ দ্বাৰা এক প্ৰস্তাৱিত অধ্যয়নৰ সমৰ্থন কৰিছে৷
উচ্চ অগ্ৰাধিকাৰ খণ্ডসমূহত গৱেষণা প্ৰৱল কৰি ইয়াৰ অধীনত বিত্তায়ণ হ’বলগীয়া এই অধ্যয়ন সৰ্বাধিক গুৰুত্বপূৰ্ণ ভাইৰেল ৰেপ্লিকেচনক লক্ষ্য কৰা ক্ষুদ্ৰ মলিকুল ইনহিবিটৰ্ছৰ অনুসন্ধান কৰিব৷ ই এনজাইম ভাইৰেল প্ৰটিয়েজ(পপেনৰ দৰে প্ৰটিয়েজ তথা ৩ চিএল প্ৰটিয়েজ), আৰএনএভিত্তিত আৰএনএ প’লিমাৰ(এনএচপি১২) আৰু মেথিলট্ৰান্সফেৰাজ বা এমটিৰ দৰে হয়৷ ভাইৰেল প্ৰটিয়েজ হৈছে ভাইৰেল ৰোগজনিত জেনেটিক মেটেৰিয়েল(ডিএনএ তথা আৰএনএ)ৰ দ্বাৰা এনক’ডেড এনজাইম, ই চেলুলাৰ প্ৰটিনত বিশিষ্ট পেপ্টিক বণ্ডৰ ক্লিয়েৱেজক প্ৰেৰিত কৰে৷
এই অধ্যয়নত এক কম্পিউটাৰ আধাৰিত হাই থ্ৰ’পুট ভাৰ্চুৱেল স্ক্ৰিনিং দৃষ্টিকোণৰ ব্যৱহাৰে বিভিন্ন কম্পাউণ্ড লাইব্ৰেৰীজৰ দ্বাৰা এণ্টিভাইৰেল মলিকুল চিনাক্ত কৰাৰ বাবে কৰা হ’ব, যিটো এণ্টিভাইৰেল সম্ভাৱনাৰ বাবে প্ৰায়োগিক ৰূপত বৈধ বুলি বিবেচিত হৈছে৷ আইআইটি ৰুৰকীৰ ডা০ শ্বেলী টোমৰ তথা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান বেৰেইলীৰ ড০ গৌৰৱ শৰ্মাই ছাৰ্ছ ক’ভ-২ ভাইৰাছৰ বিৰুদ্ধে চিহ্নিত এণ্টিভাইৰেল মলিকুলক এণ্টিভাইৰেল দক্ষতাৰ ব্যৱহাৰিক পৰীক্ষা আৰু মুল্যাংকনত সহায় কৰিব৷
(অধিক জানিবলৈ ড০ প্ৰবীন্দ কুমাৰৰ সৈতে ই-মেইলযোগে pravshai[at]gmail[dot]com যোগাযোগ কৰিব পাৰিব?).
*****
KGS/DST/DB
(Release ID: 1627428)
Visitor Counter : 222