জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

‘ট্ৰাইফেড-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়’ৰ সহযোগিতাৰে ৰাজস্থান ‘ডিএছটি’-ৰ ‘বন ধন যোজনা’-ক’ভিড-১৯-উত্তৰ পৰিস্থিতিৰ বাবে শিকনি’ শীৰ্ষক ৱে’বিনাৰ

Posted On: 26 MAY 2020 5:49PM by PIB Guwahati

ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেডৰ সহযোগত ৰাজস্থান চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আয়োজন কৰা আপোনালোকৰ আঁচনি সম্পৰ্কে অৱগত হওক শীৰ্যক বক্তৃতা-শৃংখলৰ অংশ হিচাপে অনুষ্ঠিত বন ধন যোজনা-কভিড-১৯-উত্তৰ পৰিস্থিতিৰ বাবে শিকনি সম্পৰ্কীয় এক ৱেবিনাৰ আজি অনুষ্ঠিত হৈ যায়। ৱেবিনাৰত ট্ৰাইফেডৰ সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণই কভিড-১৯-উত্তৰ পৰিস্থিতিত কৰণীয় সম্পৰ্কে মূল বক্তৃতা প্ৰদান কৰে। ৱেবিনাৰখন সঞ্চালন কৰে ৰাজস্থান চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব শ্ৰীমতী মুগ্ধা সিনহাই।

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি বাস্তৱিকতে অভুতপূৰ্ব আৰু আক্ষৰিক অৰ্থতে দেশত অভাৱনীয় সংকটৰ সৃষ্টি কৰিছে। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই বিভিন্ন পৰ্যায়ত এই সংকটৰ বলি হবলগীয়া হৈছে। এই অৱস্থাই শোচনীয় ৰূপত মাধমাৰ সোধাইছে দৰিদ্ৰ আৰু পীড়িত জনগোষ্ঠী সকলৰ পৰিয়ালসমূহক। স্বাভৱিকতেই এই অৱস্থাই বাৰুকৈয়ে কাঢ়িল কৰিছে বনজ সামগ্ৰী (অনা কাঠ বনজ উত্পাদন-এনটিএফপি) সংগ্ৰহৰে জীৱিকা অৰ্জন কৰা জনজাতীয়সকলৰ জীৱন।

অনুষ্ঠানত ভাষণ দি শ্ৰী প্ৰবীৰ কৃষ্ণই কয় যে, দেশৰ প্ৰায় ৫লাখ জনজাতীয় কাৰু-শিল্পীয়ে হস্ত-শিল্প আৰু তাঁত শিল্প, বস্ত্ৰ শিল্প, ধাতু-শিল্প, গৃহ সজ্জা, গহণা, ব্লক প্ৰিণ্টিং, অলংকাৰিক চিত্ৰকলা আদিৰ সৈতে জড়িত হৈ আছে। পিচে, এইসকল জনজাতীয় শিল্পীয়ে সন্মুখীন হৈ অহা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকে উত্পাদন কৰা সামগ্ৰীসমূহৰ বিপণন কৰিব পৰাকৈ বজাৰৰ সমস্যা। অৱশ্যে এই ক্ষেত্ৰত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেডয়ে জনজাতীয় কাৰু-শিল্পীয়ে উত্পাদন কৰা সামগ্ৰীসমূহ সংগ্ৰহ কৰি দেশত আৰু ট্ৰাইবছ ইণ্ডিয়া শীৰ্ষকেৰে ইয়াৰ পৃথিৱীজোৰা বিপণনৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। সংস্থাটোৱে আৰম্ভ কৰা #GoTribal campaign অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত(বিমান বন্দৰসমূহকে ধৰি) স্থাপন কৰা ১২০খন স্থায়ী বিপণীৰ লগতে বাণিজ্য মেলা, প্ৰদৰ্শনী আদিৰ উপৰি আদি মহোত্সৱ আদিৰ দৰে কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰীক ভাবে এই কাৰ্যক্ৰমক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

প্ৰসংগক্ৰমে শ্ৰী কৃষ্ণই কয় যে দেশৰ ৫০লাখ জনজাতীয় লোকে বনজ উত্পাদন সংগ্ৰহ কৰি জীৱিকা আহৰণ কৰি আহিছে। এয়া তেঁওলোকৰ পৰম্পৰাগত পেছা। নিজৰ দক্ষতাৰ সুবাদত এইসকল জনজাতীয়ই আধাৰ পৰা এক টন পৰ্যন্ত বনজ সম্পদ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। সঞ্চালকগৰাকীয়ে কয় যে, তেওলোকৰ দক্ষতা আৰু অপাৰ সম্ভাৱনীয়তা আছেই, আমি কেৱল সহযোগিতা আগবঢ়ালেই হল।

অনুষ্ঠানত ৰাজস্থান চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে বন ধন যোজনাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰাৰ উপৰি ট্ৰাইফেডৰ সৈতে জোঁট বান্ধি টেক ফৰ ট্ৰাইবেল কাৰ্যক্ৰম আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰে।

 

*****

NB/SK/MoTA/26.05.2020/KB



(Release ID: 1627260) Visitor Counter : 212