শক্তি মন্ত্ৰালয়
ভিডিঅ’ কনফাৰেন্সিযোগে আমফানৰ পাছত শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ পুনৰুদ্ধাৰৰ পৰ্যালোচনা শক্তি মন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 MAY 2020 6:30PM by PIB Guwahati
কেন্দ্রীয় শক্তি মন্ত্রী শ্রী আৰ কে সিঙে আজি পশ্চিমবংগ আৰু ওড়িশাত আমফান ঘূৰ্ণীবতাহত বিধ্বস্ত শক্তি খণ্ডৰ আন্তঃগাঁথনিৰ পুনৰুদ্ধাৰৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে পর্যালোচনা কৰে৷ এই পর্যালোচনা বৈঠকত পশ্চিমবংগৰ শক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, ওড়িশাৰ শক্তি বিভাগৰ প্ৰধান সচিব, শক্তি বিতৰণ সংস্থাসমূহৰ মুখ্য কার্যবাহী বিষয়া, কেন্দ্রীয় শক্তি মন্ত্ৰালয়ৰ সচিব, অতিৰিক্ত সচিব, পাৱাৰ গ্রিডসমূহৰ বিষয়াৰ লগতে অন্যান্য কর্মকর্তাসকলে অংশগ্ৰহণ কৰে৷
বৈঠকত মন্ত্ৰী সিঙে কয় যে ঘূৰ্ণীবতাহৰ বাবে বিদ্যুৎ সেৱাত যি বিঘিনি ঘটিছে, সেয়া স্বাভাৱিক কৰিবলৈ দ্রুত গতিত প্ৰচেষ্টা হাতত লোৱা হৈছে৷ তেওঁ আন্তঃৰাজ্যিক ট্রান্সমিচন ব্যৱস্থা কেইটামান ঘন্টাৰ ভিতৰতে পুনৰুদ্ধাৰ কৰা সম্ভৱ আৰু কেন্দ্রীয় শক্তি বিতৰণ কেন্দ্ৰসমূহত অতিৰিক্ত কর্মী ৰাখি ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত অঞ্চলত স্থানীয় বিদ্যুৎ সেৱা ক্ষিপ্ৰতাৰে স্বাভাৱিক কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে কয় যে আজি সন্ধিয়াৰ ভিতৰত ওড়িশাত বিদ্যুৎ সেৱা পুনৰ আৰম্ভ হৈছে। তদুপৰি, কলকাতাকে ধৰি পশ্চিমবংগৰ অন্যান্য কেইবাখনো জিলাত দ্রুতগতিত কাম চলি আছে৷
পশ্চিমবংগৰ বিদ্যুৎ বিভাগৰ কাজ-কাজত সহায় কৰিব পৰাকৈ এনটিপিচি আৰু পাৱাৰ গ্রিডসমূহৰ বাবে অতিৰিক্ত কর্মী সাজু কৰি ৰখা হৈছে৷ প্ৰয়োজনীয় সাহায্যৰ বাবে তেওঁলোক সাজু আছে আৰু নিয়মীয়াকৈ পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ আনহাতে কলকাতা আৰু ভূৱনেশ্বৰত পিজিচিএল আৰু এনটিপিচিয়ে ২৪ ঘণ্টাই কাৰ্যক্ষম নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷ মন্ত্ৰালয়ে ৰাজ্য দুখনত ৰাজ্যিক ট্ৰান্সমিচন লাইন আৰু শক্তি খণ্ডৰ অন্যান্য আন্তঃগাঁথনিমুলক ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷
***
RCJ/M/DB
(ৰিলিজ আই ডি : 1626880)
অতিথি কক্ষ : 216