ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’ল বিভাগে ২৫ মে’ ২০২০ (১০:০০ বজালৈক) লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪০ লাখতকৈও অধিক যাত্ৰী কঢ়িয়াইছে

ৰে’ল লাইনত ২৩/২৪ মে’ ২০২০ ত দেখিবলৈ পোৱা ভীৰ হ্ৰাস পাইছে।

বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ৰে’লপথত দুই তৃতীয়াংশ ৰে’লগাড়ীৰ চলাচল হোৱাৰ বাবে আৰু ৰাজ্য প্ৰশাসনে সম্পাদন কৰিবলগা হোৱা বিভিন্ন স্বাস্থ্য নীতিৰ বাবে টাৰ্মিনেল খালী কৰাত পলম হোৱাত উক্ত যানজঁটৰ সৃষ্টি হৈছিল।

ৰাজ্য চৰকাৰসমূহৰ লগত সক্ৰিয় পৰ্যালোচনা আৰু অন্যান্য সম্ভৱপৰ বিকল্প যাত্ৰাপথৰ চিনাক্তকৰণৰ যোগেদি এই সমস্যাৰ সমাধান কৰা হৈছে।

শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ লগতে ৰে’ল বিভাগে নতুন দিল্লীৰ লগত সংযোগ হোৱাকৈ ১২ মে’ৰপৰা ৩০ খন বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ১ জুনত ২০০ খন সময়সূচী থকা ৰে’লগাড়ীৰ চলাচলৰ কথা চিন্তা কৰিছে।

Posted On: 25 MAY 2020 7:13PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মানি ঘৰৰ পৰা দূৰত বিভিন্ন ঠাইত ৰৈ যোৱা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ আৰু অন্যান্য লোকসকলক নিজ গৃহলৈ কঢ়িয়াই নিবলৈ ভাৰতীয় ৰে’ল বিভাগে ১ মে’, ২০২০ ৰ পৰা শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচলৰ সিদ্ধান্ত লৈছিল।
২৫ মে’ ২০২০ (১০:০০ বজালৈক) লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪০ লাখতকৈও অধিক যাত্ৰী ইয়াৰ জৰিয়তে লক্ষ্যস্থানত উপস্থিত হৈছেগৈ।

৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ ২৬০৮ খনে ইতিমধ্যে গন্তব্যস্থান পাইছেগৈ আৰু ৪৫৩ খনৰ যাত্ৰা অব্যাহত আছে। ২৪.০৫.২০২০ তাৰিখে ২৩৭ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে ৩.১ লাখ যাত্ৰীয়ে যাত্ৰা কৰি আছিল।

এই ৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীয়ে দেশৰ বিভিন্ন ৰাজ্যৰপৰা যাত্ৰাৰম্ভ কৰিছে। পাঁচখন সৰ্বাধিক ৰে’লগাড়ীৰ যাত্ৰাৰম্ভ হোৱা ৰাজ্য হ’ল গুজৰাট (৮৫৩ খন ৰে’লগাড়ী), মহাৰাষ্ট্ৰ (৫৫০ খন ৰে’লগাড়ী), পঞ্জাৱ (৩৩৩ খন ৰে’লগাড়ী), উত্তৰ প্ৰদেশ (২২১ খন ৰে’লগাড়ী), দিল্লী (১৮১ খন ৰে’লগাড়ী)।

এই শ্ৰমিক বিশেষ ৰে’লগাড়ীসমূহ দেশৰ বিভিন্ন ৰাজ্যলৈ গৈছে। পাঁচখন সৰ্বাধিক ৰে’লগাড়ীৰ গন্তব্যস্থান হোৱা ৰাজ্য হ’ল উত্তৰ প্ৰদেশ (১২৪৫ খন ৰে’লগাড়ী), বিহাৰ (৮৪৬খন ৰে’লগাড়ী), ঝাৰখণ্ড (১২৩খন ৰে’লগাড়ী), মধ্য প্ৰদেশ (১১২খন ৰে’লগাড়ী), উৰিষ্যা (৭৩খন ৰে’লগাড়ী)।

ৰে’ল লাইনত ২৩/২৪ মে’ ২০২০ ত দেখিবলৈ পোৱা ভীৰ হ্ৰাস পাইছে। বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ৰে’ল পথত দুই তৃতীয়াংশ ৰে’লগাড়ীৰ চলাচল হোৱাৰ বাবে আৰু ৰাজ্য প্ৰশাসনে সম্পাদন কৰিবলগা হোৱা বিভিন্ন স্বাস্থ্য নীতিৰ বাবে টাৰ্মিনেল খালী কৰাত পলম হোৱাত উক্ত যানজঁটৰ সৃষ্টি হৈছিল। ৰাজ্য চৰকাৰসমূহৰ লগত সক্ৰিয় পৰ্যালোচনা আৰু অন্যান্য সম্ভৱপৰ যাত্ৰাপথৰ চিনাক্তকৰণৰ যোগেদি এই সমস্যাৰ সমাধান কৰা হৈছে।

শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ লগতে ৰে’ল বিভাগে নতুন দিল্লীৰ লগত সংযোগ হোৱাকৈ ১২ মে’ৰপৰা ১৫ যোৰ বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ১ জুনত ২০০ খন সময়সূচী থকা ৰে’লগাড়ীৰ চলাচলৰ কথা চিন্তা কৰিছে।

*****

DJN/MKV/PRK



(Release ID: 1626856) Visitor Counter : 203