স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বাবে সমৰ্পিত নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰিলে ডা০ হৰ্ষ বৰ্ধনে
আয়ুৰ্বেদৰ জৰিয়তে ক’ভিড ৰোগীক চিকিৎসা আগবঢ়াই উল্লেখযোগ্য ভূমিকা পালন কৰিছে চিবিপিএচিএছেঃ ডা০ হৰ্ষ বৰ্ধন
পোষ্ট কৰা হৈছে:
24 MAY 2020 7:21PM by PIB Guwahati
কেন্দ্ৰীয় স্বা্স্থ্য মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনে আজি ক’ভিড-১৯ৰ বাবে সমৰ্পিত নতুন দিল্লীৰ নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰে৷ এই উপলক্ষে তেওঁ কেন্দ্ৰটোত কভিড-১৯ ৰোগীক চিকিৎসা ব্যৱস্থা পৰ্যালোচনা কৰে৷ স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ লগতে ক’ভিড-১৯ ৰোগীৰ সৈতে মত বিনিময় কৰে৷ তেওঁ ক’ভিড-১৯ৰ নামত সমৰ্পিত স্বাস্থ্য কেন্দ্ৰটোৰ সুবিধাৰ বিষয়ে মতামত বিচৰাৰ লগতে আয়ুৰ্বেদিক ঔষধৰ জৰিয়তে কৰা চিকিৎসাৰ ফলাফলো জানিব বিচাৰে৷
কেন্দ্ৰটোৰ সা-সুবিধা সন্দৰ্ভত মত বিনিময় আৰু পৰিদৰ্শন কৰি চিবিপিএচিএছে ডিচিএইচচি হিচাপে কৰা কামক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে চিবিপিএচিএছৰ গোটেই টীমটোৱে উৎসাহ, উদ্দীপনা আৰু সাহস তথা নিৰন্তৰ প্ৰচেষ্টাৰে ক’ভিড আক্ৰান্ত ৰোগীসকলক আগবঢ়োৱা চিকিৎসা নিতান্তই প্ৰশংসনীয় আৰু এনে কাম কৰা এইখনেই ভাৰতৰ প্ৰথম আয়ুৰ্বেদ চিকিৎসালয়৷ চিবিপিএচিএছে সমগ্ৰ দেশত আয়ুৰ্বেদৰ জৰিয়তে ক’ভিড ৰোগীক আগবঢ়োৱা চিকিৎসাই নিদৰ্শন দাঙি ধৰিছে৷ তেওঁ কয় যে ক’ভিড ৰোগীসকলৰ পৰা ইতিবাচক মতামত লাভ কৰি তেওঁ সুখী হৈছে৷ তেওঁ গোটেই টীমটোক এই নিৰৱচ্ছিন্ন কৰা কামৰ বাবে প্ৰশংসা কৰে৷ চিবিপিএচিএছত ২১০গৰাকী ৰোগী ভৰ্তি কৰা হৈছিল আৰু ইয়াৰে ৩৭গৰাকী সুস্থ হৈছে৷ তেওঁ কয় যে আয়ুৰ্বেদ হৈছে ভাৰতৰ পৰম্পৰা ঔষধ আৰু ইয়াৰ অপৰিসীম সম্ভাৱনা আছে৷ ইয়াৰ জ্ঞান আৰু অভিজ্ঞতাই সমগ্ৰ বিশ্বৰ লোকসকলক বিশেষকৈ ক’ভিডৰ বিৰুদ্ধে যুঁজাত উপকৃত কৰিব৷ মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বৰ্তমান ৪২২টা চৰকাৰী আৰু ১৭৭টা ব্যক্তিগত লেবৰেটৰীত কভিড-১৯ৰ নমুনা পৰীক্ষা কৰা হৈছে৷ দৈনিক ডেৰ লক্ষাধিক লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ বৰ্তমানলৈকে ২৯,৪৪,৮৭৪টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ তদুপৰি, দেশত ভেণ্টিলেটৰ, আইচিইউ বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ একেদৰে, পিপিই কিট আৰু এন৯৫ মাস্ক প্ৰস্তুতৰ হাৰো দ্ৰুত গতিত বৃদ্ধি কৰা হৈছে বুলি তেওঁ সদৰি কৰে৷ উল্লেখ্য যে আয়ুৰ্বেদিক চিকিৎসাত হাৰ্বেল চিকিৎসাৰ উপৰি যোগ, ধ্যান আৰু প্ৰাণায়াম অন্তৰ্ভূক্ত কৰা হৈছে৷
পৰ্যালোচনা বৈঠকত জিএনচিটিডি (আয়ুষ)ৰ সঞ্চালক ড০ আৰ কে মানচন্দা, চিবিপিএচিএছৰ সঞ্চালক তথা অধ্যক্ষ ড০ বিদুলা গুজ্জৰৱাৰ লগতে জ্যেষ্ঠ ফেকাল্টি আৰু চিকিৎসক তথা মন্ত্ৰালয়ৰ বিষয়ববীয়া উপস্থিত থাকে৷
*****
MV/SK/DB
(ৰিলিজ আই ডি : 1626766)
অতিথি কক্ষ : 253