স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে সমৰ্পিত নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰিলে ডা০ হৰ্ষ বৰ্ধনে

আয়ুৰ্বেদৰ জৰিয়তে ক’ভিড ৰোগীক চিকিৎসা আগবঢ়াই উল্লেখযোগ্য ভূমিকা পালন কৰিছে চিবিপিএচিএছেঃ ডা০ হৰ্ষ বৰ্ধন

Posted On: 24 MAY 2020 7:21PM by PIB Guwahati

কেন্দ্ৰীয় স্বা্স্থ্য মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনে আজি কভিড-১৯ৰ বাবে সমৰ্পিত নতুন দিল্লীৰ নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰে৷ এই উপলক্ষে তেওঁ কেন্দ্ৰটোত কভিড-১৯ ৰোগীক চিকিসা ব্যৱস্থা পৰ্যালোচনা কৰে৷ স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিকিসকসকলৰ লগতে কভিড-১৯ ৰোগীৰ সৈতে মত বিনিময় কৰে৷ তেওঁ ক’ভিড-১৯ৰ নামত সমৰ্পিত স্বাস্থ্য কেন্দ্ৰটোৰ সুবিধাৰ বিষয়ে মতামত বিচৰাৰ লগতে আয়ুৰ্বেদিক ঔষধৰ জৰিয়তে কৰা চিকিসাৰ ফলাফলো জানিব বিচাৰে৷

কেন্দ্ৰটোৰ সা-সুবিধা সন্দৰ্ভত মত বিনিময় আৰু পৰিদৰ্শন কৰি চিবিপিএচিএছে ডিচিএইচচি হিচাপে কৰা কামক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে চিবিপিএচিএছৰ গোটেই টীমটোৱে উসাহ, উদ্দীপনা আৰু সাহস তথা নিৰন্তৰ প্ৰচেষ্টাৰে কভিড আক্ৰান্ত ৰোগীসকলক আগবঢ়োৱা চিকিসা নিতান্তই প্ৰশংসনীয় আৰু এনে কাম কৰা এইখনেই ভাৰতৰ প্ৰথম আয়ুৰ্বেদ চিকিসালয়৷ চিবিপিএচিএছে সমগ্ৰ দেশত আয়ুৰ্বেদৰ জৰিয়তে কভিড ৰোগীক আগবঢ়োৱা চিকিসাই নিদৰ্শন দাঙি ধৰিছে৷ তেওঁ কয় যে কভিড ৰোগীসকলৰ পৰা ইতিবাক মতামত লাভ কৰি তেওঁ সুখী হৈছে৷ তেওঁ গোটেই টীমটোক এই নিৰৱচ্ছিন্ন কৰা কামৰ বাবে প্ৰশংসা কৰে৷ চিবিপিএচিএছত ১০গৰাকী ৰোগী ভৰ্তি কৰা হৈছিল আৰু ইয়াৰে ৩৭গৰাকী সুস্থ হৈছে৷ তেওঁ কয় যে আয়ুৰ্বেদ হৈছে ভাৰতৰ পৰম্পৰা ঔষধ আৰু ইয়াৰ অপৰিসীম সম্ভাৱনা আছে৷ ইয়াৰ জ্ঞান আৰু অভিজ্ঞতাই সমগ্ৰ বিশ্বৰ লোকসকলক বিশেষকৈ কভিডৰ বিৰুদ্ধে যুঁজাত উপকৃত কৰিব৷ মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বৰ্তমান ৪২২টা চৰকাৰী আৰু ১৭৭টা ব্যক্তিগত লেবৰেটৰীত কভিড-১৯ৰ নমুনা পৰীক্ষা কৰা হৈছে৷ দৈনিক ডেৰ লক্ষাধিক লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ বৰ্তমানলৈকে ২৯,৪৪,৮৭৪টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ তদুপৰি, দেশত ভেণ্টিলেটৰ, আইচিইউ বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ একেদৰে, পিপিই কিট আৰু এন৯৫ মাস্ক প্ৰস্তুতৰ হাৰো দ্ৰুত গতিত বৃদ্ধি কৰা হৈছে বুলি তেওঁ সদৰি কৰে৷ উল্লেখ্য যে আয়ুৰ্বেদিক চিকিসাত হাৰ্বেল চিকিসাৰ উপৰি যোগ, ধ্যান আৰু প্ৰাণায়াম অন্তৰ্ভূক্ত কৰা হৈছে৷

পৰ্যালোচনা বৈঠকত জিএনচিটিডি (আয়ুষ)ৰ সঞ্চালক ড০ আৰ কে মানচন্দা, চিবিপিএচিএছৰ সঞ্চালক তথা অধ্যক্ষ ড০ বিদুলা গুজ্জৰৱাৰ লগতে জ্যেষ্ঠ ফেকাল্টি আৰু চিকিসক তথা মন্ত্ৰালয়ৰ বিষয়ববীয়া উপস্থিত থাকে৷

*****

MV/SK/DB



(Release ID: 1626766) Visitor Counter : 164