ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

‘উমংগ মোবাইল এপ’-ৰ জৰিয়তে বতৰ বি়জ্ঞান বিভাগৰ তথ্য সেৱাৰ সুবিধা

Posted On: 22 MAY 2020 6:57PM by PIB Guwahati

ভাৰত চৰকাৰৰ উমংগ মোবাইল এপ-ৰ জৰিয়তে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য সেৱা আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, উমংগ মোবাইল এপ-ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনিফাইড মোবাইল এপ্লিকেশ্যন ফৰ নিউ-এজ গভাৰ্নেন্স। অসমীয়াত যাক কব পাৰি নতুন যুগৰ শাসনব্যৱস্থাৰ বাবে উপযোগী একীভূত মোবাইল সংসাধন বুলি। এই এপটো মাত্ৰ এটাতে সকলো সোমাই থকা বিধৰ। ই একীভূত, সুৰক্ষিত, বহু চেনেলযুক্ত, বহু প্লেটফৰ্ম, বহু ভাষিক আৰু বহু সেৱাৰ বাবে বাৰুকৈয়ে উপযোগী। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন নিকায়-সংস্থা আদিৰ উচ্চ প্ৰভাৱশালী সেৱাৰ ক্ষেত্ৰত মুক্ত প্ৰৱেশাধিকাৰ প্ৰদানৰে শক্তিৱন্ত কৰি তোলা এই এপ-টো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনত আনুষ্ঠানিক ভাবে মুকলি কৰিছিল। ইয়াৰ জৰিয়তে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সেৱা সমূহক একেটা এপৰ মাধ্যমেৰে নাগৰিকসকলৰ ওচৰত উপলব্ধ কৰোৱাৰটোৱেই আছিল এই এপৰ মূল উদ্দেশ্য। এই পৰ্যন্ত এইটো এপৰ জৰিয়তে ১২৭টা বিভাগ আৰু ২৫খন ৰাজ্যৰ প্ৰায় ৬৬০বিধ সেৱা আৰু প্ৰায় ১৮০বিধ বিভিন্ন প্ৰকাৰৰ বিল পৰিশোধ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়া তথ্য মতে, দেশৰ ২.১কোটি এনৰয়ড, আইঅএছ, ৱে আৰু কেএআইঅএছ উপভোক্তাই এই এপ ব্যৱহাৰ কৰে।

চৰকাৰী সেৱাসমূহক অনলাইন ব্যৱস্থাৰে উপলব্ধ কৰাই নাগৰিকসকলক ইজ অব লিভিঙৰ আনন্দ দিয়াৰ বাবে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। শেহতীয়া ভাবে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য সেৱাও এই উমংগ এপ-ৰ জৰিয়তে উপলব্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে মন্ত্ৰালয়টোৱে। এপটোত বতৰ সংক্ৰান্তীয় ৭ ধৰণৰ তথ্য উপলব্ধ হব। সেয়া হৈছে- বতৰৰ শেহতীয়া স্থিতি; তিনিঘণ্টাৰ মূৰে মূৰে ভাৰতৰ ৮০০টা কেন্দ্ৰৰ পৰা সংগৃহিত তথ্যৰে দুৰ্যোগ সম্পৰ্কীয় সকীয়নি; ২৪ঘণ্টা আৰু আগন্তুক ৭টা দিনৰ বাবে দেশৰ ৪৫০খন মহানগৰীৰ বতৰৰ আগলি বতৰা; বৃষ্টিপাত, পৰ্যটন, সতৰ্কবাণী আৰু ঘূৰ্ণি আদিৰ আগতীয়া তথ্য এই এপৰ জৰিয়তে উপলব্ধ হব।

 

Screenshot_20200521-232416 https://static.pib.gov.in/WriteReadData/userfiles/image/image002FIZ5.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0034HIV.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image004WGO1.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image0051WYP.jpg

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image006GVOC.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image007HQ8Y.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image00870L4.jpg

উমংগ এপ-ত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যসেৱা উপলব্ধ হোৱা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে ধৰা-বিজ্ঞান মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে।

উমংগ এপ ডাউনলোড কৰাৰ বাবে 97183-97183  লৈ মিছ কল কৰাৰ উপৰি তলত উল্লেখ কৰা লিংককেইটাও ব্যৱহাৰ কৰিব পাৰিব।

  1. Web: https://web.umang.gov.in/web/#/

 

  1. Android: https://play.google.com/store/apps/details?id=in.gov.umang.negd.g2c

 

  1. iOS: https://apps.apple.com/in/app/umang/id1236448857

****

RJ/NG/RP/KB



(Release ID: 1626353) Visitor Counter : 582