স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ডা০ হৰ্ষ বৰ্ধন

“অৰ্থনৈতিক কাম-কাজ আৰু মানৱ সক্ষমতা বৃদ্ধিৰ মুলতে হৈছে স্বাস্থ্য”

জন স্বাস্থ্যৰ প্ৰতি দক্ষ, ফলপ্ৰসূ আৰু দায়বদ্ধতাৰে কাম কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধঃ ডা০ হৰ্ষ বৰ্ধন

Posted On: 22 MAY 2020 5:39PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধন ২০২০-২১ বৰ্ষৰ বাবে বিশ্ব স্বা্স্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে৷ কাৰ্যকৰী পৰিষদৰ ১৪৭সংখ্যক অধিৱেশনৰ এক ভাৰ্চুৱেল বৈঠকত তেওঁক নিৰ্বাচিত কৰা হয়৷ ডা০ হৰ্ষ বৰ্ধনে জাপানৰ ডা০ হিৰোকী নাকাটানিৰ স্থানত অধিষ্ঠিত ব৷

কাৰ্যকৰী পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লৈ আৰম্ভণিতে তেওঁ ভিড-১৯ মহামাৰীৰ ফলত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ লগতে উপস্থিত সন্মানীয় বক্তিসকলক এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকা সকলো স্বাস্থ্য কৰ্মী তথা অন্য ভিড যোদ্ধাসকলৰ গৰিমা, সংকল্প শক্তি আৰু নিষ্ঠাৰ প্ৰতি হাত-চাপৰিৰে অভিবাদন জনাবলৈ আহ্বান জনায়৷

তেওঁ কয়, “মোৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু ভৰসাৰ বাবে সন্মানীত বোধ কৰিছো, ভাৰত আৰু মোৰ দেশবাসীয়েও গৌৰৱান্বিত অনুভৱ কৰিছে৷”  ভিড-১৯ক মানৱ সভ্যতাৰ এক বৃহ দুখজনক কাহিনী বুলি স্বীকাৰ কৰি তেওঁ অহা দুটা দশকত এনে বহু প্ৰত্যাহ্বানৰ সন্মুখীন লাগিব বুলি কয়৷ তেওঁ কয়, “এই প্ৰত্যাহ্বান নিৰ্মূলৰ বাবে একেলগে কাম কৰাটো প্ৰয়োজন , কিয়নো ইয়াৰ অন্তৰালত সকলোৰে একেই বিপদ আছে৷তেওঁ লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুল দৰ্শনো এইটোৱেই৷ এই মহামাৰীয়ে স্বাস্থ্য ক্ষেত্ৰৰ প্ৰতি আমি কৰি অহা অৱহেলাৰ বিপৰীতে উচিত শিক্ষা প্ৰদান কৰিলে৷ এই বিশ্বজনীন সংকটৰ সময়ত ক্ষতিশংকা ব্যৱস্থাপনা আৰু নিৰ্মূলকৰণ, দুয়োটাকে অধিক শক্তিশালী কৰিবলৈ বিশ্ব জন স্বাস্থ্যত বিনিয়োগ কৰাৰ বাবে সমগ্ৰ বিশ্বৰে সহযোগিতাৰ প্ৰয়োজন

 

ডা০ হৰ্ষ বৰ্ধনে ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ অভিজ্ঞতা সম্পৰ্কে শ্বেয়াৰ কৰে৷ তেওঁ কয়, “আমাৰ দেশত মৃত্যুৰ হাৰ মাত্ৰ % ১৩৫ কোটি লোকৰ বসতিপ্ৰধান এখন দেশত . মিলিয়ন লোক ভিড-১৯ত আক্ৰান্ত হৈছে৷ আৰোগ্যৰ হাৰ ৪০ শতাংশতকৈ অধিক আৰু আক্ৰান্তৰ দুগুণ হৈছে ১৩ দিনত৷

 

সংস্থাটোৰ কাৰ্যকৰী পৰিষদৰ নতুন অধ্যক্ষ হিচাপে ডা০ হৰ্ষ বৰ্ধনে এই ৰোগত মৃত্যুৰ হাৰ হ্ৰাস কৰা, বিশ্বজুৰি সৃষ্টি হোৱা ঔষধ আৰু প্ৰতিষেধৰ নাটনি দূৰ কৰাত ক্ষেত্ৰত বিশ্ব সমূদায়ৰ সহায় বিচৰা লগতে নতুন ৰোডমেপ প্ৰস্তুত কৰি উচ্চ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যোৱাটো প্ৰয়োজন বুলি কয়৷ তেওঁ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰন্তৰ সহযোগিতাই যিকোনো ধৰণৰ সংস্কাৰ সাধনৰ লগতে বহনযো্গ্য উন্নয়নৰ লক্ষ্য উপনীত হোৱা আৰু বিশ্বজনীন স্বাস্থ্য সেৱাক অধিক ফলপ্ৰসূ, দক্ষ আৰু সম্পদৰ উচিত ব্যৱহাৰত শক্তি যোগান ধৰিব৷ মোৰ বিশ্বাস সমূহীয়া প্ৰচষ্টাৰে আমি সকলো অসম্ভৱ সম্ভৱ কৰি তুলি পাৰো৷

ডা০ হৰ্ষ বৰ্ধনে উল্লেখ কৰে যে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি হৈছে জাতি, বৰ্ণ, ধৰ্ম, অৰ্থনীতি, সামাজিক পৰিৱেশ, ৰাজনৈতিক বিশ্বাস নিৰ্বিশেষে প্ৰতিগৰাকী ব্যক্তিয়ে মানসন্মতভাৱে সু-স্বাস্থ্যৰে জীয়াই থকাটো তেওঁলোকৰ মৌলিক অধিকাৰ৷ সেইবাবে জন স্বাস্থ্যৰ প্ৰতি দক্ষ, ফলপ্ৰসূ আৰু দায়বদ্ধতাৰে কাম কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে৷

অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি ডা০ হৰ্ষ বৰ্ধনে কয়, “অৰ্থনৈতিক কাম-কাজ আৰু মানৱ সক্ষমতা বৃদ্ধিৰ মুলতে হৈছে স্বাস্থ্য৷ অৱশ্যে জন স্বাস্থ্য নীতি প্ৰকৃতিক উপযুক্তভাৱে বুজি লৈ তাৰ ভিত্তিত প্ৰস্তুত কৰিব লাগে৷ এই নীতি ভাৰতীয় পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত মানি চলা হয় আৰু এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা হৈছে৷তেওঁ স্বপ্নদ্ৰষ্টা তথা গতিশীল নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ স্বাস্থ্য নীতিসকলোৰে বাবে বিশ্বজনীন স্বাস্থ্য লক্ষ্যৰে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় ধ্বজাবাহী আঁচনি যেনে-আয়ুষ্মান ভাৰতৰ অন্তৰ্গত স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক দুটা স্তম্ভ বুলি আখ্যা দিয়ে৷

তেওঁ ভাৰতৰ পৰা পলিঅনিৰ্মূল কৰাটো বিশ্ব স্বাস্থ্য কেন্দ্ৰৰ সহায় অবিহনে অসম্ভৱ হলহেতেন বুলি সংস্থাটোৰ প্ৰতি কৃতজ্ঞতা জনায়৷ ডা০ হৰ্ষ বৰ্ধন সংস্থাটোৰ পলিঅনিৰ্মূলকৰণ অভিযানৰ এছএজিএ আৰু টিচিজিকে ধৰি সন্মানীয় সদস্য হোৱাৰ লগতে এগৰাকী উপদেষ্টা হিচাপেও সেৱা আগবঢ়াইছিল৷

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদখন ৩৪গৰাকী কাৰিকৰী দিশত যোগ্য সদস্যক তিনিবছৰৰ বাবে নিৰ্বাচিত কৰি গঠন কৰা হয়৷ ইয়াৰ মুল কাম হৈছে স্বা্স্থ্য সংসদৰ সিদ্ধান্ত আৰু নীতিসমূহ ৰূপায়ণ কৰা আৰু ইয়াৰ কাম-কাজৰ প্ৰতি পৰামৰ্শ আগবঢ়োৱা৷

এক বিশিষ্ট কেৰিয়াৰৰ অধিকাৰী ডা০ হৰ্ষ বৰ্ধনে ১৯৭৯ আৰু ১৯৮৩ত ক্ৰমে কানপুৰৰ ডিএছভিএম চিকিসা মহাবিদ্যালয়ৰ পৰা চিকিসা বিজ্ঞান বিভাগত স্বাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰে৷ ১৯৯৩ চনত দিল্লী বিধান সভালৈ নিৰ্বাচিত হৈ তেওঁ ৰাইজৰ সেৱাৰ সৈতে জড়িত হৈ পৰে৷ ২০১৪ চনত চান্দনী চ’ক সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ সেই সমষ্টিৰ পৰা পাঁচবাৰকৈ বিধানসভাত কাৰ্যনিবাহ কৰে৷ দিল্লীৰ স্বা্স্থ্য মন্ত্ৰী হিচাপে পালছ পলিঅ’ অভিযানৰ ৰূপায়ণত ব্যাপক সফল হোৱাৰ লগতে ১.২ মিলিয়ন শিশুক টিকাকৰণ কৰিছিল৷ লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৃথিৱী বিজ্ঞান মন্ত্ৰীৰ লগতে পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্বও পালন কৰিছিল৷ সপ্তদশ লোকসভাত নিৰ্বাচিত হৈ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু তেওঁৰ স্বা্স্থ্য আৰু পৰিয়াল কল্যান; বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৃথিৱী বিজ্ঞান মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়৷

 

****

MV/DB



(Release ID: 1626345) Visitor Counter : 226