কৃষি মন্ত্ৰালয়

যোৱা বছৰটোত গ্ৰীষ্মকালীন শস্যৰ বাবে অধিক ভূমি সামৰি লোৱা হৈছিল, লকডাউন হোৱা সত্বেও ক্ৰয়ৰ পৰিমাণ বৃদ্ধি হৈছে

Posted On: 22 MAY 2020 6:47PM by PIB Guwahati

গ্ৰীষ্মকালীন শস্যৰ গুটি সিঁচনঃ

গ্ৰীষ্মকালীন শস্যৰ গুটি সিঁচাৰ বাবে ব্যৱহৃত ভূমিৰ পৰিসৰৰ গড় হিচাপ তলত উল্লেখ কৰা হৈছেঃ

  • ধানঃ যোৱা বছৰৰ ২৫.২৯ লাখ হেক্টৰ ভূমিৰ তুলনাত এইবাৰৰ একে সময়তে প্ৰায় ৩৪.৮৭ লাখ হেক্টৰ ভূমি গ্ৰীষ্মকালীন ধানৰ গুটি সিঁচাৰ বাবে ঠিক কৰা হৈছে।
  • মাহজাতীয় শস্যঃ যোৱা বছৰৰ ৯.৬৭ লাখ হেক্টৰ ভূমিৰ তুলনাত এইবাৰৰ একে সময়তে প্ৰায় ১২.৮২ লাখ হেক্টৰ ভূমি গ্ৰীষ্মকালীন মাহজাতীয় শস্যৰ গুটি সিঁচাৰ বাবে ঠিক কৰা হৈছে।
  • গোটা খাদ্যশস্যঃ যোৱা বছৰৰ ৭.৩০ লাখ হেক্টৰ ভূমিৰ তুলনাত এইবাৰৰ একে সময়তে প্ৰায় ১০.২৮ লাখ হেক্টৰ ভূমি গ্ৰীষ্মকালীন গোটা খাদ্যশস্যৰ গুটি সিঁচাৰ বাবে ঠিক কৰা হৈছে।
  • তৈলবীজঃ যোৱা বছৰৰ ৭.৩৪ লাখ হেক্টৰ ভূমিৰ তুলনাত এইবাৰৰ একে সময়তে প্ৰায় ৯.২৮ লাখ হেক্টৰ ভূমি তৈলবীজ সিঁচাৰ বাবে ঠিক কৰা হৈছে।  

মাহজাতীয় শস্য আৰু তৈলবীজৰ ক্ৰয়ঃ লকডাউনৰ সময়তে নাফেডে ৫.৮৯ লাখ মেট্ৰিকটন বুট, ৪.৯৭ লাখ মেট্ৰিকটন সৰিয়হ, ৪.৯৯ লাখ মেট্ৰিকটন ৰহৰ দাইল ক্ৰয় কৰিছে।  

ঘেঁহু ক্ৰয়ঃ ২০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বিপণনৰ সময়ত ৩৩৭.৪৮ লাখ মেট্ৰিকটন ঘেঁহু ভাৰতীয় খাদ্য নিগমৰ গোদামলৈ অনা হৈছিল, তাৰে ৩২৬.৯৬ লাখ মেট্ৰিকটন ক্ৰয় কৰে।

পি এম-কিষাণঃ কৃষি বিভাগ, কৃষক কল্যাণ সমিতি আৰু ভাৰত চৰকাৰে ক’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়তে কৃষকসকলৰ কৰ্মক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰবাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ২৪.৩.২০২০ তাৰিখৰ পৰা আজিলৈকে লকডাউন চলি থকা সময়তে ৯.৫৫ কোটি কৃষকৰ পৰিয়ালৰ বাবে এতিয়ালৈকে ১৯১০০.৭৭ কোটি টকা মোকলাই দিছে।

*****

APS/PK/MS/BA/PRK



(Release ID: 1626305) Visitor Counter : 173