ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী গাডকাৰিয়ে ক’ভিডোত্তৰ সময়ত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব পৰাকৈ প্ৰযুক্তিগত উন্নয়নত মনোনিৱেশ কৰাৰ আহ্বান জনায়

Posted On: 20 MAY 2020 5:21PM by PIB Guwahati

কেন্দ্ৰীয় ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ, পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্ৰক ক’ভিডোত্তৰ সময়ত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব পৰাকৈ প্ৰযুক্তিগত উন্নয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। লঘূ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্ৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা সাহাৰ্য পেকেজে ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগক পুনৰ কৰ্মক্ষম কৰি তুলিব। নাগপুৰৰপৰা দুটা পৃথক ভিডিঅ’ কনফাৰেন্সযোগে কনফেডাৰেশ্যন অৱ ফৰিদাবাদ ইণ্ডাষ্ট্ৰীজ এচ’চিয়াশ্যন আৰু মেটেৰিয়েলছ ৰিচাইক্লিং এচ’চিয়াশ্যন অৱ ইণ্ডিয়াৰ লগত মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পেকেজে থলুৱা উদ্যোগক নতুন জীৱন দিব।

শ্ৰী গাডকাৰিয়ে কয় যে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুদানে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্ৰক বহু পৰিমাণে সহায় কৰিব। তেওঁ কয় যে ৩১ মাৰ্চলৈকে প্ৰায় ৬ লাখ ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ পুনঃগঠন কৰা হৈছে আৰু এই সংখ্যা ৩১ ডিচেম্বৰলৈকে ২৫ লাখ হ’বগৈ। ১০ হাজাৰ কোটিৰ যি পুঁজিৰ বাবে পুঁজি ঘোষণা কৰা হৈছে তাক অন্যান্য পুঁজিৰ সৈতে লগ লগাই ৫০ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হ’ব। 

ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ লিকুইডিটীক ইকুইটী বজাৰৰ সৈতে সংলগ্ন কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ষ্টক বজাৰত ৭.৫% তকৈ অধিক শ্বেয়াৰ থকা ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক চৰকাৰে সহযোগিতা কৰিব। ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক দিবলগীয়া ধনৰাশি ৪৫ দিনৰ ভিতৰত আদায় দিয়াৰ বাবে জাননী জাৰি কৰা হৈছে। তেওঁ কয় যে ডাঙৰ উদ্যোগৰ ক্ষেত্ৰতো একেই জাননী জাৰি কৰা হৈছে। মন্ত্ৰালয়ৰ সমাধান পৰ্টেলে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক প্ৰায় ৪০ হাজাৰ কোটি টকা মুকলাই দিয়াত সহায় কৰিছে। ডাঙৰ উদ্যোগক সামগ্ৰী যোগান দিব পৰা সামৰ্থৰ ভিত্তিত তেনে সংস্থাক ঋণ প্ৰদানৰ আঁচনিৰ কথাও চিন্তা কৰা হৈছে।   

ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ প্ৰতি মানুহৰ ধাৰণা সলনি হোৱাক লৈ আনন্দিত মন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰমৱৰ্দ্ধমান বিনিয়োগে এই ক্ষেত্ৰখনক এক নতুন শীৰ্ষত অৱতৰণ কৰাব। মন্ত্ৰীগৰাকীয়ে কয় যে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক্ষেত্ৰই বহুদিনৰপৰাই এনে এক নৱউন্মেষণৰ পথ বিচাৰি আছিল। একেদৰে বিশ্বৰ অন্য দেশৰ নিবিদা লাভৰ সুযোগো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

উক্ত ক্ষেত্ৰৰ প্ৰতিনিধিসকলক একত্ৰিত হ’বলৈ আহ্বান জনাই শ্ৰী গাডকাৰিয়ে কয় যে প্ৰস্তাৱিত দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছৱেৰ ওচৰে পাজৰে ভূমিৰ মূল্য কম হৈ থকা অঞ্চলত ঔদ্যোগিক খণ্ড গঢ়ি তোলাৰ কথা ভাৱিব পাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, এনে দিশত কাম কৰিব খোজা উদ্যোগক সহায় কৰিবলৈ তথা কোনো ধৰণৰ প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা বিচাৰ কৰিবলৈ তেওঁ সাজু আছে।  

***

RCJ/MS/SKP/PRK



(Release ID: 1625545) Visitor Counter : 221