প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আয়ুষ্মান ভাৰতৰ ১ কোটি সংখ্যক গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

আয়ুষ্মান ভাৰতৰ সৈতে জড়িত চিকিসক, নাৰ্ছ আৰু সকলো সহযোগীক প্ৰশংসা কৰি তেওঁ কয় যে

আয়ুষ্মান ভাৰতৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ই বহনযোগ্য তথা আটাইতকৈ উন্নত চিকিৎসা সেৱা সহজলভ্য

Posted On: 20 MAY 2020 11:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীৰ সংখ্যা কোটিৰ সীমা অতিক্ৰম কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে৷ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংখ্যাই এক কোটিৰ সীমা অতিক্ৰম কৰাটোৱে প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰিব৷

তেওঁ কয়, “দুবছৰতকৈ কম সময়ৰ ভিতৰতে এই প্ৰচেষ্টাই বহুতৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷ মই সকলো হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছো৷ মই তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷

শ্ৰী মোদীয়ে কয় যে তেওঁ আয়ুষ্মান ভাৰতৰ সৈতে জড়িত চিকিসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা অন্যান্য সকলোৱে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁলোকৰ প্ৰচেষ্টালীয়ে ইয়াক বিশ্বৰ সৰ্ববৃহ স্বাস্থ্যসেৱা আঁচনিত পৰিণত কৰিলে৷ এই প্ৰচেষ্টাই বহু ভাৰতীয়, বিশেষকৈ দুখীয়া আৰু পিছপৰা লোকসকলৰ মনত বিশ্বাস জন্মাইছে৷

আয়ুষ্মান ভাৰতৰ সুবিধাসমূহ ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো বহনযোগ্যতা বুলি কয়৷

টুইটাৰত শ্ৰী মোদীয়ে কয়, “হিতাধিকাৰীসকলে আটাইতকৈ উন্নত মানৰ তথা সহজলভ্য স্বাস্থ্য সেৱা কেৱল তেওঁলোকে পঞ্জীয়ন কৰা স্থানতে নহয়, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত লাভ কৰিব৷ এইটোৱে যিসকল লোকে ঘৰৰ পৰা আঁতৰত কাম কৰে তেওঁলোকক সহায় কৰে আৰু কোনো ঠাইত পঞ্জীয়ন কৰাৰ বেলিকা তেওঁ সেই ঠাইৰ স্থায়ী বাসিন্দা নহলেও হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁ আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ অসমৰ্থ৷ অৱশ্যে তেওঁ আয়ুষ্মান ভাৰতৰ কোটি সংখ্যক হিতাধিকাৰী মেঘালয়ৰ পূজা থাপাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে৷

************

VRRK/VJ/DB



(Release ID: 1625338) Visitor Counter : 228