পোষ্ট কৰা হৈছে:
19 MAY 2020 7:37PM by PIB Guwahati
বিশেষ ৰে’লৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিসকলক অনা-নিয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষ ৰে’লৰ ব্যৱস্থা কৰাৰ বাবে দিয়া নিৰ্দেশৰ সমান্তৰালভাৱে ভাৰতীয় ৰে’লৱে ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
১৯ মে’, ২০২০(১৬০০বজা)লৈকে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত ১,৫৯৫খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচল কৰা হৈছে৷ ২১লাখতকৈ অধিক যাত্ৰীয়ে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে৷
এই ১,৫৯৫খন ৰে’ল ক্ৰমে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, চণ্ডীগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পুডুচেৰী, পাঞ্জাৱ, ৰাজস্থান, ওড়িশা, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগৰ পৰা চলাচল কৰিছে৷
এই শ্ৰমিক বিশেষ ৰে’লসমূহৰ যাত্ৰা উত্তৰপ্ৰদেশ, বিহাৰ, ৰাজস্থান, পশ্চিমবংগ, চত্তীশগড়, ঝাৰখণ্ড, হিমাচলপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মনিপুৰ, মিজোৰাম, ওড়িশা, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰত অন্ত পৰিছে৷
ৰে’লত উঠাৰ পূৰ্বে যাত্ৰীসকলৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ যাত্ৰাৰ সময়ত যাত্ৰীসকলক বিনামূলীয়া খাদ্য আৰু পানী যোগান ধৰা হৈছে৷
****
DJN/MKV/DB