ৰেল মন্ত্ৰালয়

প্ৰব্ৰজিত শ্ৰমিকক অতি সোনকালে আৰু সুৰক্ষিতভাৱে ঘৰ পোৱাটো নিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ সংযোগ থকা দেশৰ সকলো জিলালৈকে শ্ৰমিক বিশেষ ৰে’লগাড়ী চলাবলৈ সাজু হৈ আছে

কেন্দ্ৰীয় ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰীয়ে সকলো জিলাৰ উপায়ুক্তক ঘৰৰ পৰা আঁতৰি থকা শ্ৰমিকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ গন্তব্য স্থানৰ তথ্যসহ ৰাজ্যিক সংযোগী বিষয়াৰ জৰিয়তে ৰে’ল বিভাগত আবেদন কৰিবলৈ আহ্বান জনায়।

ভাৰতীয় ৰে’ল বিভাগে এদিনত ৩০০ খনকৈ শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে।

দেশৰ বিভিন্ন জিলাত ঘৰৰ পৰা আঁতৰি থকা শ্ৰমিকসকলে সুবিধাজনকভাৱে ঘৰ পাবগৈ পাৰিব।

Posted On: 16 MAY 2020 9:12PM by PIB Guwahati

ভাৰতীয় ৰেল বিভাগে ৰেলৰ সংযোগ থকা দেশৰ সকলো জিলালৈকে শ্ৰমিক বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় ৰেল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰীয়ে সকলো জিলা উপায়ুক্তক ঘৰৰ পৰা আঁতৰি থকা শ্ৰমিকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ গন্তব্য স্থানৰ তথ্যসহ ৰাজ্যিক সংযোগী বিষয়াৰ জৰিয়তে ৰেল বিভাগত আবেদন কৰিবলৈ আহ্বান জনায়। ভাৰতীয় ৰেল বিভাগে এদিনত ৩০০ খনকৈ শ্ৰমিক বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে যদিও ইয়াৰ আধাতকৈও কম গাড়ীহে এতিয়ালৈকে ব্যৱহাৰ হৈছে। এই ব্যৱস্থা সম্পূৰ্ণ কাৰ্যকৰী কৰিলে সমগ্ৰ দেশত ঘৰৰ পৰা আঁতৰি থকা শ্ৰমিকসকলে আৰামত ঘৰ পাবগৈ পাৰিব। ভাৰতীয় ৰেল বিভাগে শ্ৰমিকৰ প্ৰকৃত প্ৰয়োজনীয়তা সাপেক্ষে ৰেলগাড়ীৰ চলাচল কৰাবলৈ সাজু আছে।

আজি পৰ্যন্ত মুঠ ১১৫০ খন শ্ৰমিক বিশেষ ৰেলগাড়ীৰ জৰিয়তে ১৫ লাখ প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ উভতিছে। ভাৰতীয় ৰেল বিভাগে অতি সহজে প্ৰতিদিনে ইয়াৰ দুগুণ যাত্ৰী কঢ়িওৱাৰ ব্যৱস্থা কৰিব পাৰে।

প্ৰতিখন জিলাই ঘৰলৈ যাব বিচৰা প্ৰব্ৰজিত শ্ৰমিকৰ তথ্য যোগান ধৰাৰ লগেলগে ভাৰতীয় ৰেল বিভাগে অধিক ৰেলগাড়ীৰ চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। 

****

MKV/PRK



(Release ID: 1624808) Visitor Counter : 158