কৃষি মন্ত্ৰালয়

ই-নামত আজি সংযোজন হ’ল ৩৮খন নতুন কৃষি মাণ্ডি

পান-ইণ্ডিয়া ইলেক্ট্ৰনিকছ কৃষিজাত সামগ্ৰী বাণিজ্য পৰ্টেলে দেশৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১,০০০ মাণ্ডি স্থাপনৰ লক্ষ্যত উপনীত

Posted On: 15 MAY 2020 4:34PM by PIB Guwahati

দেশত অতিৰিক্ত ৩৮খন কৃষি মাণ্ডি নতুনকৈ ই-নামত সংযোজনৰ জৰিয়তে ৪১৫খন মাণ্ডি ই-নামৰ সৈতে সংযোজনৰ যি পৰিকল্পনা কৰা হৈছিল সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে৷ এই নতুনকৈ সংযোজন কৰা ৩৮খন কৃষি মাণ্ডিক ভিতৰত মধ্যপ্ৰদেশত ১৯খন, তেলেংগানাত ১০খন, মহাৰাষ্টত ৪খন আৰু গুজৰাট, হাৰিয়ানা, পাঞ্জাৱ, কেৰালা আৰু জম্মু আৰু কাশ্মীৰত ১খনকৈ আছে৷

প্ৰথম পর্যায়ৰ ই-নাম মঞ্চত সমগ্ৰ দেশৰ ৫৮৫ খন মাণ্ডি আছিল৷ দ্বিতীয় পর্যায়ত ইয়াত অতিৰিক্তভাৱে ৪১৫খন মাণ্ডি সংয়োজন হ’ল৷ এই সকলো মিলাই ১৮ খন ৰাজ্য আৰু খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১,০০০ খন মাণ্ডি এই ই-নাম প্ৰক্রিয়াত সংযোজন হ’ল৷

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্ত ক্ষদ্ৰ খেতিয়ক কৃষি বাণিজ্য সংঘ (এছএফএচি)ই এই ই-নাম প্ৰক্রিয়া ৰূপায়ণ কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছে৷ এই প্ৰক্রিয়া বাস্তবায়িত কৰিবলৈ ই-নামৰ সৈতে যুক্ত ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন, ৰাজ্যিক বিপণন পৰিষদ, মাণ্ডি সম্পাদক, পৰিদর্শক, মান নির্ধাৰক, সামগ্ৰী ওজনকাৰী, সেৱা প্ৰদানকাৰী, কৃষক, খাদ্য সংসাধন সংস্থা, ব্যৱসায়ী আৰু সকলো ই-নাম দলৰ সহায় লাভ কৰা হৈছে৷

‘এক দেশ, এক বজাৰ’ নীতিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৬ বৰ্ষৰ ১৪ এপ্রিলত প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় কৃষি বজাৰ বা ই-নামৰ উদ্বোধন কৰে৷ ক্ষুদ্ৰ কৃষকসকলৰ স্বার্থ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ এই প্ৰচেষ্টা হাতত লয়৷ ভাৰতৰ কৃষিজাত সামগ্ৰীৰ বজাৰসমূহক একেটা সমন্বিত অনলাইন বজাৰৰ অধীনলৈ অনাৰ বাবেই এই প্ৰচেষ্টা লোৱা হয়৷

এই ই-নাম পোর্টেলৰ জৰিয়তে একেলগে কি সামগ্ৰী আহিল, ইয়াৰ পৰিমাণ, মূল্য ইত্যাদিৰ যাৱতীয় তথ্য পোৱা যাব৷ তদুপৰি, কৃষিজাত সামগ্ৰী ক্ৰয় বিক্ৰয় তথা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ দাম প্ৰদানৰ সুযোগ আছে৷

বিগত চাৰি বছৰত .৬৬ কোটি কৃষক, .৩১ লাখ ব্যৱসায়ী আৰু ৭৩,১৫১গৰাকী মধ্যভোগী উপকৃত হৈছে৷ তদুপৰি, ১০১২টা খাদ্য সংসাধন সংস্থাও ইয়াত যোগ দিয়ে৷ যোৱা ১৪ মে’লৈকে এই ই-নাম প্ৰক্রিয়াৰ জৰিয়তে .৪৩ কোটি মেট্রিক টন কৃষিজাত সামগ্ৰী তথা ৩৮.১৬ লাখ বাঁহ আৰু নাৰিকল বিক্রী কৰি নতুন লক্ষ্য অতিক্ৰম কৰিছে৷ ই-নাম প্ৰক্রিয়াৰ জৰিয়তে ১লাখ কোটি টকাৰ ব্যৱসায় হৈছে৷ বর্তমান এই প্ৰক্রিয়াৰ জৰিয়তে খাদ্যশস্য, তৈলবীজ, তন্তু, ফল আৰু শাক-পাছলিকে ধৰি ১৫০বিধ সামগ্ৰী বেচা-কিনা হৈছে৷

ক’ভিড-১৯ মহামাৰীৰ বাবে দেশজোৰা লকডাউনৰ নিষেধাজ্ঞা বাহাল থকাৰ বাবে কৃষকসকলে সন্মুখীন হোৱা সমস্যা লাঘৱ কৰিবলৈ কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিংহ টোমাৰে ই-নামৰ তিনিটা মডিউলৰ কথা ঘোষনা কৰে৷

(১)ই-নামৰ এফ পি অ’ মডিউলঃ ডীমড বজাৰ বা উপ বজাৰ অঞ্চল হিচাপে গণ্য কৰি এফপিঅ’সকলে ব্যৱসায় কৰিব পাৰিব৷ ১৪ মে’লৈকে ১০১২টা এফপিঅ’ ই-নাম প্ৰক্রিয়াৰ সৈতে সংযোগ কৰা হৈছে৷ এই সংস্থাবোৰে ৮.১১ কোটি টকা মুল্যৰ ৩,০৫৩ মেট্রিক টন কৃষিজাত সামগ্ৰী ক্ৰয় কৰিছে। ৪২টা এফপিঅ’ই তেওঁলোকৰ নিজা সংগ্ৰহ কেন্দ্ৰৰ পৰা ব্যৱসায় কৰিছে৷

(২) গুডামঘৰভিত্তিক ইলেক্ট্ৰনিক নেগচিয়েবল ৱায়াৰহাউচ ৰিচিপ্ট বানিজ্যঃ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্য চৰকাৰে গুদাম ঘৰ সমূহক ডীমড বজাৰ হিচাপে ঘোষণা কৰিছে৷ ৰাজস্থান চৰকাৰেও ১৩৮টা চৰকাৰী তথা সমবায় গুদাম ঘৰক উপ-বজাৰ অঞ্চল হিচাপে ঘোষণা কৰিছে। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱ চৰকাৰে গুদামঘৰভিত্তিক বানিজ্য কৰিবলৈ আইন সংশোধনৰ প্ৰচেষ্টা হাতত লৈছে৷

(৩)লজিষ্টিক মডিউলঃ ইয়াৰ জৰিয়তে কৃষিজাত সামগ্ৰী পথাৰৰ পৰা মাণ্ডি তথা মাণ্ডিৰ পৰা গুদামঘৰলৈ পৰিবহন কৰাৰ বিষয়টো সহজ হ’ব৷ ৯টা লজিষ্টিক সেৱা প্ৰদানকাৰীৰ অধীনত . লাখ পৰিবহন সংস্থাই তেওঁলোকৰ ১১.৩৭ লাখ ট্ৰাকক ই-নাম প্ৰক্রিয়াৰ সামগ্ৰী সৰবৰাহৰ সৈতে যুক্ত কৰিছে৷

১ মে, ২০২০ত ইউনিফাইড মার্কেট প’র্টেল(ইউএমপি) আৰু ই-নাম প’ৰ্টেল আৰম্ভ কৰা হয়। ইয়াৰ ফলত দুটা প্ৰক্রিয়াৰে কৃষিজাত সামগ্ৰীৰ বাণিজ্যৰ বৃহ বজাৰ সৃষ্টি হয়৷

‘এক দেশ, এক বজাৰ’ লক্ষ্যত উপনীত হোৱাত ই-নাম প্ৰক্রিয়াই ডাঙৰ ভূমিকা পালন কৰিব৷ কৃষক, ব্যৱসায়ী আৰু মাণ্ডিবোৰে একেলগে কাম কৰি ই-নাম প’র্টেলৰ জৰিয়তে দেশজুৰি কৃষিজাত সামগ্ৰী অনলাইনত ক্ৰয়-বিক্ৰয় দিশত আগুৱাই নিব৷

*****

APS/PK/MS/BA/DB



(Release ID: 1624439) Visitor Counter : 205