ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
‘মিউৰেট অব পটাছ’ৰ প্ৰতি মেট্ৰিক টনৰ দাম ১৯,০০০টকাৰ পৰা ১৭,৫০০টকালৈ হ্ৰাস কৰিলে ‘ভাৰত পটাছ লিমিটেড’য়ে
प्रविष्टि तिथि:
15 MAY 2020 4:44PM by PIB Guwahati
‘ভাৰত পটাছ লিমিটেড’(আইপিএল)-য়ে অহা ১৮মে’, ২০২০পৰা প্ৰযোজ্য হোৱাকৈ প্ৰতি মেট্ৰিক টন ‘মিউৰেট অব পটাছ’ৰ দাম ১৯,০০০টকাৰ পৰা ১৭,৫০০টকালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ফলত মেট্ৰিক টন ‘মিউৰেট অব পটাছ’ৰ প্ৰতিটো বেগৰ দাম ৭৫টকাকৈ হ্ৰাস পাব।
শস্যাদিৰ শ্ৰীবৃদ্ধিৰ বাবে অতিকে ফলপ্ৰসু এইবিধ ৰাসায়নিক দ্ৰব্যক ‘পটাছিয়াম ক্ল’ৰাইড’ বুলিও জনা যায়। প্ৰ’টিন আৰু চেনী উত্পাদনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইফালে গছ-বনৰ পাতৰ আকাৰ আৰু সতেজতা অটুট ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰা এইবিধ দ্ৰব্যই উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াক নিয়মীয়া কৰি ৰখাত সহযোগিতা আগবঢ়াই আওপকীয়াকৈ খৰাঙৰ বিপৰীতেও সুৰক্ষা দান কৰে।
মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যমান অৱনমিত হোৱাৰ লগতে যোৱা ১এপ্ৰিল, ২০২০ৰ পৰা প্ৰযোজ্য হোৱা প্ৰতি মেট্ৰিক টনত ৬০৪টকাকৈ ৰাজ সাহায্য কৰ্তনৰ চৰকাৰী সিদ্ধান্তৰ পিচতো ‘মিউৰেট অব পটাছ’ৰ দাম হ্ৰাসৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তথ্য স্পষ্ট কৰিছে ‘ভাৰত পটাছ লিমিটেড’-য়ে ।
***
RCJ/RKM/KB
(रिलीज़ आईडी: 1624320)
आगंतुक पटल : 243