ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এনআইপিইআৰ-গুৱাহাটীয়ে প্ৰস্তুত কৰি উলিয়ালে উদ্ভাৱনীমূলক ৩ডি সামগ্ৰী

এইচএএলৰ সৈতে সহযোগিতা স্থাপনৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে এই সামগ্ৰীসমূহ

Posted On: 15 MAY 2020 4:06PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গুৱাহাটীৰ নেচনেল ইন্সটিটিউট অব্ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছয়ে দুটা সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে৷

প্ৰথমটো সামগ্ৰী হ’ল ৩ডি প্ৰিণ্টেড হেণ্ডছ-ফ্ৰী সামগ্ৰী যাক দুৱাৰ, খিৰিকী, ড্ৰয়াৰ (অনুভূমিক আৰু উলম্বিক), ৰেফ্ৰিজাৰেটৰ বন্ধ অথবা খুলিবলৈ, এলিভেটৰৰ বাটন টিপিবলৈ, লেপটপ/ডেস্কটপৰ কীব’ৰ্ড টিপিবলৈ আৰু যিকোনো ছুইটচ বাটন অন/অফ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি৷ উক্ত স্থানসমূহত ভাইৰাছৰ সংক্ৰমণৰ প্ৰৱণতা অধিক হোৱা হেতুকে এই সামগ্ৰীবিধে সংক্ৰমণৰ সমস্যা হ্ৰাস কৰিব৷

 

আনবিধ সামগ্ৰী হ’ল ন’ভেল ক’ৰনা ভাইৰাছৰ বিস্তৃতি ৰোধ কৰাৰ বাবে ৩ডি প্ৰিণ্টেড এণ্টিমাইক্ৰ’বায়েল মুখৰ আৱৰণী৷ মুখ, চকু, নাক আদিৰ জৰিয়তে ভাইৰাছ কিদৰে বিয়পে সেই সন্দৰ্ভত গভীৰ অধ্যয়নৰ পিছত ইয়াক ডিজাইন কৰা হৈছে৷

 

********

RCJ/RKM/MANN



(Release ID: 1624302) Visitor Counter : 187