প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় নৌ-সেনা বাহিনীয়ে অভিনৱ ভাবে বিকশিত কৰা কম খৰছী পিপিই কিট-ৰ অচিৰেই হব দ্ৰুত দ্ৰুত উতপাদন, পেটেণ্ট বিচাৰি আবেদন
प्रविष्टि तिथि:
14 MAY 2020 3:27PM by PIB Guwahati
চিকিত্সালয় ব্যৱহৃত ব্যক্তিগত সুৰক্ষা উপকৰণ(পিপিই) উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফলতা আহৰণ কৰি ভাৰতীয় নৌ সেনাবাহিনীয়ে অভিনৱ ভাবে বিকশিত কৰা কম খৰছী পিপিই কিটৰ পেটেণ্ট বিচাৰি ইতিমধ্যে আবেদন দাখিল কৰা হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান ‘নেশ্যনেল ৰিছাৰ্চ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন’(এনআৰডিচি)ৰ সহযোগত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ‘ইণ্টেলেকচুৱেল প’পাৰ্টী ফেচিলিটেশ্যন চে’ল’(আইপিএফচি)-য়ে ইতিমধ্যে এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।
মুম্বাইস্থিত ‘ইনষ্টিটিউট অব নেভেল মেডিচিন’(আইএনএম)ত অলপতে গঠন কৰা ‘উদ্ভাৱন কোষ’ত নিয়োজিত ভাৰতীয় নৌ সেনা বাহিনীৰ এগৰাকী চিকিত্সকে এইবিধ অভিনৱ পিপিই উদ্ভাৱন কৰি উলিয়াইছে। মুম্বাইৰ নৌ-বহৰত ইতিমধ্যে এইবিধ ‘পিপিই’-ৰ এক পৰীক্ষামূলক উত্পাদন সম্পন্নও কৰা হৈছে।
সম্প্ৰতি বজাৰত উপলব্ধ অন্য ‘পিপিই’সমূহৰ তুলনাত এবিধ বিশেষধৰণৰ বস্ত্ৰৰে প্ৰস্তুত কৰা এইবিধ ‘পিপিই’-য়ে অধিক সুৰক্ষাদানৰ সামৰ্থ্য বহণ কৰাৰ লগতে পৰিধান কৰোতাসকলক উশাহ-নিশাহ লোৱাত আন ‘পিপিই’-তকৈ অধিক সহজ অনুভৱ কৰাব। সেয়ে ভাৰতৰ দৰে উষ্ম আৰু অধিক আদ্ৰতাযুক্ত জলবায়ুৰ দেশৰ বাবে এইবিধ ‘পিপিই’ অধিক উপযোগী হ’ব। ইয়াত ব্যৱহাৰ কৰা প্ৰযুক্তিবিধৰ ইতিমধ্যে ‘আইচিএমআৰ’-অনুমোদিত পৰীক্ষাগাৰত পৰীক্ষণ আৰু প্ৰত্যায়িতকৰণৰ প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছে।
*************
VM/ MS/KB
(रिलीज़ आईडी: 1624255)
आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada