কৃষি মন্ত্ৰালয়

কৃষিজাত সামগ্ৰীৰ বিপণনৰ বাবে ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ১৭৭খন বজাৰক ‘ই-নাম’ৰে সংলগ্ন কৰাৰ পদক্ষেপ

কৃষকসমাজক উপকৃত কৰিব পৰাকৈ ‘ই-নাম’ক শক্তিশালী কৰি তোলা হ’ব : শ্ৰী নৰেন্দ্ৰ সিং তোমৰ

Posted On: 11 MAY 2020 2:24PM by PIB Guwahati

কৃষক ৰাইজে তেওঁলোকৰ উত্পাদিত সামগ্ৰী অনলাইন পৰ্টেলৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰিব পৰাকৈ ৰাষ্ট্ৰীয় কৃষি বজাৰ, চমুকৈ ই-নামক শক্তিন্ত কৰাৰ উদ্যোগ হিচাপে এই পৰ্টেলটোৰ সৈতে ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭৭খন নতুন বজাৰ আজি আনুষ্ঠানিকভাবে সংলগ্ন কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে। আজি ই-নামৰে সংলগ্ন কৰা বজাৰ সমূহৰ ভিতৰত আছে-গুজৰাটৰ ১৭খন, হাৰিয়াণাৰ ২৬খন, জম্মু-কাশ্মীৰৰ ১খন, কেৰালাৰ ৫খন, মহাৰাষ্ট্ৰৰ ৫৪খন, ওড়িশাৰ ১৫খন, পাঞ্জাৱৰ ১৭খন, ৰাজস্থানৰ ২৫খন, তামিলনাডুৰ ১৩খন  আৰু পশ্চিমবংগৰ ১খন বজাৰ। আজি সংলগ্ন কৰা ১৭৭খন বজাৰৰ সৈতে এই মুহূৰ্তত ই-নামত সংযোজিত হোৱা মুঠ বজাৰৰ সংখ্যা হলগৈ ৬২খন।

ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰা এই অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শ্ৰী তোমৰে কৃষক ৰাইজ্ক উপকৃত কৰিব পৰাকৈ ই-নাম বিপণন ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি গঢ়ি তোলা হব বুলিও মন্তব্য কৰে।

ইতিপূৰ্বে, দেশৰ ১৭খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১.৬৬কোটি কৃষক, ১.৩০লাখ বেপাৰী আৰু ৭১,৯১১ কমিছন এজেণ্টক ভিত্তি কৰি মুঠ ৭৮৫খন বজাৰ ই-নামৰে জড়িত কৰা হৈছিল। যোৱা ৯মে পৰ্যন্ত এই ই-নাম প্লেটফৰ্মৰে ৩৭,৯৩লাখ বাঁহ আৰু নাৰিকল খেতিয়কৰ মুঠ ৩.৪৩ কোটি মেট্ৰিক টন পৰিমানৰ উত্পাদিত সামগ্ৰীৰ বেহা-বেপাৰ সম্পন্ন কৰা হৈছে। এই পৰিমাণৰ বাণিজ্যৰ জৰিয়তে ১লাখ কোটিৰো অধিক টকাৰ লেন-দেন সম্পন্ন কৰিব পৰা গৈছে। সেইদৰে বিগত সময়চোৱাত ১,২৫লাখৰো অধিক কৃষকক উপকৃত কৰি ই-নাম প্লেটফৰ্মৰ জৰিয়তে ৭০৮কোটি টকা পৰিমাণৰ ধন হস্তান্তৰিত কৰা হৈছিল। ই-নামৰ জৰিয়তে বজাৰ কিম্বা দেশৰ সীমাৰ বাহিৰতো বেপাৰ কৰিব পৰা যায়। এই পৰ্যন্ত ১২খন ৰাজ্যৰ ২৩৬খন বজাৰৰ মাজত বেহা-বেপাৰ সম্পন্ন কৰিব পৰা ব্যৱস্থা থকাৰ বিপৰীতে ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত আন্তঃ ৰাজ্যিক বেহা-বেপাৰ সম্পন্ন কৰাৰ উপৰি কৃষকসকলক দূৰৈৰ বেপাৰীৰ সৈতে পোণপটীয়া ভাবে কথা-বতৰা পতাৰো সুবিধা প্ৰদান কৰা হয়। আজিৰ তাৰিখত ই-নামৰ জৰিয়তে খাদ্য সামগ্ৰী, তৈল বীজ, শাক-পাচলি আৰু ফল-মূলকে ধৰি ১৫০বিধ সমাগ্ৰীৰ বেহা-বেপাৰ কৰি থকা হৈছে। ই-নামত ১,০০৫টা কৃষক-উত্পাদক সংস্থাৰ পঞ্জীয়ণভুক্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত এইসমূহ সংস্থাই ২৯০০মেট্ৰিক টন পৰিমাণৰ সামগ্ৰীৰ বেহা সম্পন্ন কৰি ৭.৯২কোটি টকা পৰিমাণৰ লেন-দেন কৰিবলৈ সক্ষম হৈছে।

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লকডাউনৰ সময়চোৱাত বজাৰত ভিৰ কমোৱাৰ লক্ষ্যৰে কৃষি মন্ত্ৰালয়ে যোৱা ২ এপ্ৰিলৰ পৰা ই-নাম প্লেটফৰ্ম ব্যৱহাৰ কৰি কৃষক ৰাইজৰ উত্পাদিত সামগ্ৰীৰ বিপণন প্ৰক্ৰিয়া তিনিধৰণে সম্পন্ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে, ১৫খন ৰাজ্যৰ ৮২টা কৃষক-উত্পাদক সংস্থাই ১২০৪৮কুইণ্টল সামগ্ৰীৰ বিনিময়ত ২.২২কোটি টকাৰ বিপণন কৰাৰ উপৰি ৯টা লজিষ্টিক প্ৰতিষ্ঠানে ই-নামৰ সৈতে জোঁট বান্ধি ২,৩১,৩০০পৰিবহনকাৰীৰ ১১,৩৭,৭০০খন ট্ৰাকৰ জৰিয়তে ই-নামৰে বিপণন সম্পন্ন কৰা বিভিন্ন পক্ষসমূহৰ পৰিবহণ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে।

 

*****

APS/PK/MS/BA/KB



(Release ID: 1623187) Visitor Counter : 199