ৰেল মন্ত্ৰালয়

১০মে’, ২০২০ (১৫০০ঘণ্টা) পৰ্যন্ত ৩৬৬ খন ‘শ্ৰমিক বিশেষ’ ৰেলগাড়ীৰ চলাচল কৰালে ভাৰতীয় ৰে’লৱে’-ই

যাত্ৰীসকলক বিনামূলীয়াকৈ আহাৰ আৰু পানী বিতৰণ

যাত্ৰী প্ৰেৰণ কৰা আৰু আদৰিব লগা দুয়ো প্ৰান্তৰ ৰাজ্য চৰকাৰসমূহৰ সহমতৰ আধাৰতহে এইসমূহ ৰে’লগাড়ীৰ প্ৰচালনৰ ব্যৱস্থা

সামাজিক ব্যৱধান বিধিৰ পালন

প্ৰতিখন শ্ৰমিক বিশেষ ৰে’লগাড়ীত প্ৰায় ১২০০ যাত্ৰীৰ ভ্ৰমণ

Posted On: 10 MAY 2020 4:30PM by PIB Guwahati

দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু একাংশ সাধাৰণ লোকক স্ব-ৰাজ্যলৈ যোৱাৰ বাবে কেন্দ্ৰীয় গৃহ-পৰিক্ৰমা মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰাৰ পৰৱৰ্তি পদক্ষেপ হিচাপে ভাৰতীয় ৰেল বিভাগে এলানি শ্ৰমিক বিশেষ ৰেলগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি, ১০মে, ২০২০ পৰ্যন্ত সমগ্ৰ দেশতে ৩৬৬খন বিশেষ ৰেলগাড়ীৰ চলাচল কৰোৱা হয়। ইয়াৰে ২৮৭খন ৰেলগাড়ীয়ে নিৰ্দ্ধাৰিত যাত্ৰা সম্পূৰ্ণ কৰি ইতিমধ্যে লক্ষ্যস্থানত উপস্থিত হৈছেগৈ। বাকী ৭৯খন ৰেলগাড়ীয়ে অদ্যাপি যাত্ৰা অব্যাহত ৰাখিছে।

ইতিমধ্যে যাত্ৰা সম্পূৰ্ণ কৰা ৰেলসমূহৰ ভিতৰত ১খনে অন্ধ্ৰপ্ৰদেশ, ৮৭খনে বিহাৰ, ১খনে হিমাচলপ্ৰদেশ, ১৬খনে ঝাৰখণ্ড, ২৪খনে,মধ্যপ্ৰদেশ, ৩খনে মহাৰাষ্ট্ৰ, ২০খনে ওড়িশা, ৪খনে ৰাজস্থান, ২খনে তেলেংগাণা, ১২৭খনে উত্তৰপ্ৰদেশ আৰু ২খন ৰেলে পশ্চিমমবংগত যাত্ৰাৰ সামৰণি পেলাইছেগৈ।

এইসমূহ ৰেলগাড়ীত তিৰুচ্ছিৰাপল্লী, তিতলাগড়, বাৰাউনী, খাণ্ডোৱা, জগন্নাথপুৰ, খুৰ্দা ৰোড, প্ৰয়াগৰাজ, চাপ্ৰা, বালিয়া, গঁয়া, পিৰ্ণিয়া, বাৰানসী, দাৰভাংগা, গোৰক্ষপুৰ, লক্ষ্ণৌ, জৌনপুৰ, হাটীয়া, বস্তি, কাটিহাৰ, দানাপুৰ, মুজাফৰপুৰ, সহৰ্ষা আদিৰ প্ৰব্ৰজিত শ্ৰমিকক স্ব-ভূমিলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সমূহ শ্ৰমিক বিশেষ ৰেটলগাড়ীত সামাজিক বিধি কঠোৰ ভাবে পালন কৰি প্ৰতিখনত প্ৰায় ১২০০যাত্ৰীক লক্ষ্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰাৰ পূৰ্বে প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। যাত্ৰীসকলক বিনামূলীয়াকৈ আহাৰ আৰু পানীৰ যোগান ধৰা হৈছে।

****

DJN/MKV



(Release ID: 1623028) Visitor Counter : 233