স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

তামিলনাডু, কৰ্ণাটক আৰু তেলেংগাণাত ক’ভিড-১৯ প্ৰতিৰোধ-প্ৰবন্ধনৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰ্যালোচনা কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

Posted On: 08 MAY 2020 6:13PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কভিড-১৯ৰ প্ৰতিৰোধ-প্ৰবন্ধনৰ বাবে তামিলনাডু, তেলেংগাণা আৰু কৰ্ণাটকে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰ্যোলোচনা কৰে। আজি তেওঁ ৰাজ্যকেইখনৰ স্বাস্থ্যমন্ত্ৰী ত্ৰয় যথাক্ৰমে ড০ চি বিজয়াভাস্কৰ, শ্ৰী এটেলা ৰাজেন্দ্ৰ আৰু ড০ কে সুধাকৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। আজিৰ আলোচনাত ৰাজ্যকেইখনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াবৰ্গয়ো ভাগ লয়। উল্লে্খ্য যে, বিগত দিনদিয়েকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশ, বিহাৰ, দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, পশ্চিমবংগ, ওড়িশা, আদি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতেও এই সংক্ৰান্তীয় আলোচনা অনুষ্ঠিত কৰিছিল। আলোচনাত স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়েও অংশগ্ৰহণ কৰে।

আলোচনাৰ পাতনিতে মন্ত্ৰী ড০ বৰ্দ্ধনে দেশে আৰম্ভ কৰা কভিড-১৯বিৰোধী যুঁজথনত সকলো ৰাজ্যই আন্তৰিকতাৰে অংশগ্ৰহণ কৰি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ দেশৰ সাম্প্ৰতিক পৰিৱেশ আৰু কভিড-১৯ৰ বিৰুদ্ধ কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত তথ্য অৱগত কৰে। কভিড-১৯ৰ প্ৰতিৰোধ, সামগ্ৰিক পৰিস্থিতিৰ নিৰীক্ষণ আৰু কাৰ্যপন্থাৰ প্ৰভাৱশালী ৰূপত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰন্তৰ তদাৰকী কৰি থকাৰ লগতে যাৱতীয় পৰামৰ্শ আগবঢ়াই অহাৰ কথাও বিশেষ ভাবে উল্লেখ কৰে।

মন্ত্ৰী ড০ বৰ্দ্ধনে কটভিড-১৯ৰ সন্ত্ৰাস ৰোধৰ লগতে ই সৃষ্টি কৰা যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ দেশ এতিয়া সকলো প্ৰকাৰেই সাজু বুলি মন্তব্য কৰি কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সংঘবদ্ধ ভাবে কৰা আন্তৰিক প্ৰয়াসৰ সুবাদত দেশত আজি কেৱল কটভিড-১৯ আক্ৰান্তক চিকিত্সা কৰাৰ বাবে আচুতীয়া হাস্পটালৰ সংখ্যা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি পাইছে। সেই হিচাপত বাঢ়িছে আইচলেশ্যন আৰু আইচিইউ ব্যৱস্থা সংলগ্ন বিচনাৰ সংখ্যা। কোৱাৰেণ্টাইন কক্ষৰ যথোচিত ব্যৱস্থা কৰাৰ লগতে আক্ৰান্ত কিম্বা সাম্ভাব্যসকলক তথ্য পোৱাৰ লগে লগেই তত্কালিনভাবে চিনাক্ত কৰি আচুতীয়াকৰণ, আবদ্ধকৰণ আৰু প্ৰয়োজনী চিকিত্সা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ বাবে প্ৰয়োজনীয় মাস্ক, ব্যক্তিগত সুৰক্ষা যতন, ভেণ্টিলেটৰ আদি পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই থকাৰ কথাও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰভাৱশালী ৰূপত তদাৰকী, আক্ৰান্তৰ সংস্পৰ্শ আহোতাসকলৰ অনুসন্ধান আৰু অবিলম্ব পৰীক্ষণৰ জৰিয়তে ৰোগাক্ৰান্তৰ চিনাক্তকৰণত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়। যিবোৰ জিলাত কৰোনাৰ প্ৰাদুৰ্ভাৱ অদ্যাপি নাই অথবা যিবোৰ জিলাত বিগত ১৪ দিনত কৰোনাৰ কোনো সংক্ৰমণ ধৰা পৰা নাই, তেনে জিলাত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰে আক্ৰান্ত(এছএআৰআই) অথবা ইনফ্লুৱেঞ্জা সদৃশ ৰোগ(আইএলআই)ত আক্ৰান্তৰ তথ্য আহৰণ অভিযান তীব্ৰ কৰি তুলিবলৈও ৰাজ্যসমূহক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

*****

MV/KB



(Release ID: 1622348) Visitor Counter : 167