প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশাখাপট্টনমৰ গেছ লীক পৰিঘটনাৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

পৰিস্থিতি স্বাভাৱিক কৰিবলৈ সকলো ধৰণৰ প্ৰয়াস কৰা হৈছে

Posted On: 07 MAY 2020 6:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনমৰ গেছ লীক পৰিঘটনাৰ খতিয়ান ল’বলৈ আজি ৰাতিপুৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে৷ আক্ৰান্ত লোকসকলৰ সুৰক্ষা তথা দুৰ্যোগৰ পৰা অঞ্চলটো সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তেওঁ আলোচনা কৰে৷ এই বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ৰাজ্যিক গৃহ মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় আৰু শ্ৰী জি কিষাণ ৰেড্ডীকে ধৰি জ্যেষ্ঠ বিষয়ববীয়াসকল৷

আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি এই পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সাহায্য আগবঢ়োৱা হ’ব বুলি নিশ্চিতি প্ৰদান কৰে৷ তেওঁলোকে পৰিস্থিতিটো সুক্ষ্মভাৱে তথা নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি আছে৷

এই বৈঠকৰ ঠিক পিছতে কেবিনেট সচিবে গৃহ মন্ত্ৰালয়, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, ৰসায়ন আৰু পেট্ৰ’কেমিকেল, ফাৰ্মাচিউটিকেল, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব; ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ)ৰ সদস্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ সঞ্চালক প্ৰধান; স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান আৰু এইমছৰ সঞ্চালক আৰু অন্যান্য চিকিৎসা বিশেষজ্ঞসকলৰ সৈতে এক পুনৰীক্ষণ বৈঠকত পৰিস্থিতি স্বাভাৱিক কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ এই বৈঠকত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবো উপস্থিত আছিল৷

বৈঠকত পুণেৰ এনডিআৰএফৰ চিবিআৰএনৰ দল এটা নাগপুৰৰ এনইইআৰআইৰ এটা বিশেষজ্ঞৰ দলৰ সৈতে বিশাখাপট্টনমলৈ গৈ ৰাজ্য চৰকাৰৰ এই পৰিস্থিতিৰ পৰা উদ্ধাৰ ব্যৱস্থাপনাত সহায় কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

উল্লেখ্য, উক্ত ঘটনাটো বিশাখাপট্টনম জিলাৰ গোপালপট্টনম মণ্ডলৰ আৰ আৰ ভেংকটাপুৰম গাঁৱত পুৱা ৩ বজাত ৰাসায়নিক কাৰখানা এটাত ষ্টাইৰিন গেছৰ লীক হোৱাৰ ফলত সংঘটিত হয়৷ গেছ লীকৰ এই ঘটনাৰ দ্বাৰা নাৰাৱা, বি চি ক’লনী, বাপুজী নগৰ, কাম্পালাপেলাম আৰু কৃষ্ণা নগৰকে ধৰি নিকটৱৰ্তী গাঁওকেইখন আক্ৰান্ত হয়৷ ষ্টাইৰিন এবিধ বিষাক্ত গেছ আৰু ই ছাল, চকু তথা শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

 

*****

VG/SNC/VM/MANN



(Release ID: 1622029) Visitor Counter : 109