স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাট আৰু মহাৰাষ্ট্ৰত ক’ভিড-১৯ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ পৰ্যালোচনা ড০ হৰ্ষ বৰ্ধনৰ

ৰাজ্যসমূহক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস

“আহক আমি ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাকৈ সময়সাপেক্ষ চিকিৎসাৰ বাবে প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু সম্পৰ্ক চিনাক্তকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰো”

Posted On: 06 MAY 2020 5:40PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী নীতিনভাই পেটেল আৰু মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেৰ লগতে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যৰ একাংশ জ্যেষ্ঠ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্য দুখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ আৰু পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

 

ৰাজ্য দুখনৰ একাংশ জিলাত ক’ভিড-১৯ৰ স্থিতি আৰু এই সম্পৰ্কীয় মৃত্যুৰ হাৰ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি ড০ হৰ্ষবৰ্ধনে এই হাৰ হ্ৰাস কৰাৰ বাবে ৰাজ্যখনত উপযুক্ত ব্যৱস্থা, অধিক সক্ৰিয়ভাৱে নিৰীক্ষণ তথা চিকিসাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা প্ৰতিৰোধমুলক ব্যৱস্থাৰ প্ৰতি পদ্ধতিগতভাৱে কাৰ্যকৰী কৰিবলৈও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

ড০ হৰ্ষবৰ্ধনে ৰাজ্যখনত এছএআৰআই আৰু ইনফ্লুয়েঞ্জাসদৃশ ৰোগী চিনাক্তকৰণৰ বাবে ক’ৰোনাৰ প্ৰভাৱ নথকা জিলাসমূহতো নিৰীক্ষণ আৰু পৰীক্ষণ কৰাৰ আহ্বান জনায়৷ বৈঠকত এইটো কথা উল্লেখ কৰা হয় যে কেতবোৰ অঞ্চলত একাংশ ৰোগীয়ে তেওঁলোক সংক্ৰমিত হোৱাৰ তথ্য ভয়তে বেয়া পৰিস্থিতি নোহোৱাকৈ লুকুৱাই থাকে৷ সেই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক জনসাধাৰণৰ মাজত সজাগতাৰে এই ভয় আঁতৰ কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট সমূদায়ৰ সৈতে কাম কৰিবলৈ আহ্বান জনায়৷ এই ভাইৰাছ সংক্ৰমিত হোৱাৰ প্ৰথম অৱস্থাতে উপযুক্ত চিকিসাৰ জৰিয়তে আৰোগ্য হোৱাটো যে সম্ভৱ সেইটো জনসাধাৰণক অৱগত কৰিবলৈ কয়৷ তেওঁ গাঁৱে গাঁৱে সমূদায়ৰ একাংশ স্বেচ্ছাসেৱকক গাঁওবাসীৰ মাজত হাত ধোৱা, সামাজিক দুৰত্ব বজাই ৰখাৰ দৰে প্ৰতিৰোধমুলক উপায়সমূহৰ বিষয়ে সজাগতামুলক কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাবলৈ কয়৷ ঔৰংগবাদ আৰু পুনেই এই কাম কৰি আছে বুলি উল্লেখ কৰে৷

ড০ হৰ্ষ বৰ্ধনে কয়, ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে তাক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰা হ’ব৷একাংশ জিলাই মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে দুৰাৰোগ্য ৰোগৰ সৰ্বাধিক আশংকা থকা লোকসকলৰ চিকিসাৰ প্ৰতি দিয়া গুৰুত্বৰ প্ৰশংসা কৰে৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোক তথা জটিল ৰোগত আক্ৰান্ত লোকসকলৰ চিকিসাৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰ-স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰসমূহত অগ্ৰাধিকাৰ দিবলৈ কয়৷ তেওঁ ক’ভিড-১৯ৰ উপৰি গৰ্ভৱতী মহিলা, টিকাকৰণ অভিযান, যক্ষ্মা, ডায়েলিছিচ ৰোগী, কেন্সাৰ ৰোগীৰ চিকিসাত কোনো ধৰণৰ অৱহেলা নকৰিবলৈও ৰাজ্যসমূহক আহ্বান জনায়৷

ড০ হৰ্ষ বৰ্ধনে সকলো ৰাজ্যক তেওঁলোকৰ অনুৰোধ ক্ৰমে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াকে গঠিত অতিৰিক্ত টীম প্ৰেৰণৰ আশ্বাস দিয়ে৷ তেওঁ লগতে কনটেক জৰিয়তে সঠিক সময়ত দিল্লী এইমছৰ চিকিসা নিৰ্দেশনা তথা ব্যৱস্থাপনাৰ সহায় ল’বলৈ কয়৷ উল্লেখ্য যে (+91 9115444155) নম্বৰত ফোন কৰি দেশৰ যিকোনো ঠাইতে কনটেকৰ চিকিসকৰ পৰা ক’ভিড-১৯ৰ চিকিসাৰ নিৰ্দেশনা জানিব পাৰি৷

তেওঁ ৰাজ্য দুখনত আৰোগ্য এপ ম’বাইল এপ্লিকেশ্যন আৰু ১৯২১ত ফোন কৰি আইভিআৰএছ বাৰ্তালাপৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰো আহ্বান জনায়৷ লেণ্ডলাইনৰ পৰাও এই নম্বৰত ফোন কৰিব পাৰে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুজৰাটৰ ছুৰাটৰ জিলা দণ্ডাধীশ, আয়ুক্ত আৰু অন্যান্য বিষয়াবৰ্গক লৈ গঠন কৰা ‘ক’ৰোনা যুদ্ধ সমিতি’ৰ জৰিয়তে বস্তি অঞ্চলৰ প্ৰতিটো পৰিয়ালত চাবোন আৰু মাস্ক বিতৰণৰ লগতে হাত ধোৱাৰ মেচিন স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে৷ তেওঁ বাকী জিলাসমূহকো এই উপায় অৱলম্বন কৰিবলৈ আহ্বান জনায়৷

পৰ্যালোচনা বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব প্রীতি সুদান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অ’এছডি ৰাজেশ ভূষণ, স্বাস্থ্য বিভাগৰ বিশেষ সচিব সঞ্জিভা কুমাৰ, এনএইচএমৰ এমএছ আৰু এম ডি বন্দনা গুৰনানীকে ধৰি ডিজিএইএছ ড০ ৰাজীৱ গাৰ্গ, যুটীয়া সচিব ড০ মনোহৰ আগনানি, লৱ আগৰৱাল, এনচিডিচি ড০ এছ কে সিং, মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰৰ প্ৰধান সচিব, পৌৰ আয়ুক্ত, সকলো উপায়ুক্ত, জিলা দণ্ডাধীশে অংশগ্ৰহণ কৰে৷

*****

MV/DB



(Release ID: 1621662) Visitor Counter : 162