বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চি এচ আই আৰৰ সঞ্চালক প্ৰধানে কম্পেণ্ডিয়াম অৱ ইণ্ডিয়ান টেক্নলজিছ ফৰ কম্বেটিং ক’ভিড-১৯ মুকলি কৰে

এই কম্পেণ্ডিয়ামত নীতি নিৰ্ধাৰক, উদ্যোগ, উদ্যমী, ষ্টাৰ্ট-আপ, ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ, গৱেষক, বিজ্ঞানী আদিসকলৰ সুবিধাৰ বাবে ক’ভিড-১৯ ৰ বিষয়ে যিকোনো প্ৰাসঙ্গিত তথ্য সহজতে পোৱাকৈ উপলব্ধ কৰা হৈছে

Posted On: 06 MAY 2020 5:47PM by PIB Guwahati

ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন পৰিষদ (এন আৰ ডি চি) এ সম্পাদনা কৰা ’ভিড-১৯ ৰ সৈতে যুঁজিবৰ বাবে উপলব্ধ ভাৰতীয় প্ৰযুক্তিৰ সাৰাংশ পুথি ‘কম্পেণ্ডিয়াম অৱ ইণ্ডিয়ান টেক্নলজিছ ফৰ কম্বেটিং ক’ভিড-১৯’ চি এচ আই আৰৰ  সঞ্চালক প্ৰধান আৰু ডি এচ আই আৰৰ সচিৱ ড০ শেখৰ চি মাণ্ডেই নতুন দিল্লীস্থিত চি এচ আই আৰৰ মূখ্য কাৰ্যালয়ত মুকলি কৰে। ইয়াত ক’ভিড-১৯ৰ লগত সম্পৰ্কিত প্ৰায় ২০০ টা ভাৰতীয় প্ৰযুক্তি, চলি থকা গৱেষণা কাৰ্য, বাণিজ্যিকীকৰণৰ বাবে সাজু থকা প্ৰযুক্তি, ৰোগী বিচাৰি উলিওৱা, পৰীক্ষণ কৰা আৰু চিকিসা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰয়াস আৰু পদক্ষেপ আদিৰ তথ্য উপলব্ধ আছে। ড০ মাণ্ডেই এন আৰ ডি চি এই পদক্ষেপৰ শলাগ লয়।

এন আৰ ডি চিৰ মূখ্য পৰিচালন সঞ্চালক ড০ এইচ পুৰুষোত্তমে কয় যে এন আৰ ডি চিয়ে ’ভিড-১৯ ৰ সৈতে যুঁজিবৰ বাবে দেশত উপলব্ধ বিভিন্ন উদ্ভাৱনী প্ৰযুক্তি আৰু লগতে এতিয়াও গৱেষণা চলি থকা প্ৰযুক্তিসমূহ একত্ৰিত কৰি নীতি নিৰ্ধাৰক, উদ্যোগ, উদ্যমী, ষ্টাৰ্ট-আপ, ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ, গৱেষক, বিজ্ঞানী আদিসকলৰ সুবিধাৰ বাবে একে ঠাইতে পোৱাকৈ তথ্য সজাই ৰখাৰ প্ৰয়াস কৰিছে। তেওঁ কয় য়ে ইয়াত অন্তৰ্ভুক্ত প্ৰযুক্তিসমূহ ভাৰতীয় চিকিসা গৱেষণা পৰিষদৰদ্বাৰা অনুমোদিত।

এই কম্পেণ্ডিয়ামত উপলব্ধ তথ্য বিভিন্ন চৰাকাৰী সংস্থা আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ-বিজ্ঞান বিভাগ, ভাৰতীয় চিকিসা গৱেষণা পৰিষদ, বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহ, বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা বোৰ্ড, প্ৰযুক্তি উন্নয়ন বোৰ্ড, ৰাষ্ট্ৰীয় উদ্ভাৱনী ফাওণ্ডেশ্যন, ষ্টাৰ্ট-আপ ইণ্ডিয়া, অখিল ভাৰতীয় প্ৰযুক্তিবিদ্যা পৰিষদ, শ্ৰী চিত্ৰা তিৰুনাল চিকিসা বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আদিকে ধৰি দেশৰ প্ৰধান প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানসমূহৰপৰা লোৱা হৈছে।

বিতং তথ্যৰ বাবে এন আৰ ডি চিৰ লগত cmdnrdc@nrdc.in যোগে যোগাযোগ কৰিব পাৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00126A0.jpg

ফটো: চি এচ আই আৰৰ সাধাৰণ সঞ্চালক আৰু ডি এচ আই আৰৰ সচিৱ ড০ শেখৰ চি মাণ্ডেই চি এচ আই আৰৰ মূখ্য কাৰ্যালয়ত এন আৰ ডি চিয়ে সম্পাদনা কৰা কম্পেণ্ডিয়াম অৱ ইণ্ডিয়ান টেক্নলজিছ ফৰ কম্বেটিং ক’ভিড-১৯ মুকলি কৰিছে। লগত এন আৰ ডি চিৰ মূখ্য পৰিচালন সঞ্চালক ড০ এইচ পুৰুষোত্তম উপস্থিত আছে।

 

****

KGS/(NRDC-CSIR) /PRK



(Release ID: 1621659) Visitor Counter : 244