বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মানুহৰ হাওঁফাওঁৰ এপিথেলিয়েল কোষত ন’ভেল ক’ৰোনা ভাইৰাছক লৈ পৰীক্ষা চলাব বিজ্ঞানীসকলে

এই ব্যৱস্থাই ক’ভিড-১৯ৰ বিৰুদ্ধে ঔষধ আৰু ভেকচিনৰ সম্ভাৱনীয়তাৰ ভিট্ৰ’ টেষ্টিং সক্ষম কৰি তুলিব

Posted On: 05 MAY 2020 7:21PM by PIB Guwahati

হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’ল’জি(চিচিএমবি)য়ে বাংগালুৰুস্থিত আইষ্টেম ৰিছার্চ প্রাইভেট লিমিটেডৰ সৈতে একেলগে ক’ভিড-১৯ৰ সম্পৰ্কীয় কাম-কাজ কৰিব৷ তেওঁলোকৰ গৱেষণাত মানুহৰ কোষত ন’ভেল ক’ৰোনা ভাইৰাছ পাদন কৰাৰ চেষ্টা কৰা ব৷ ইয়াৰ পাছতে সেই ভাইৰাছক টেষ্টটিউবত ৰাখি ক’ভিড-১৯ৰ ঔষধ আৰু ভেকচিন প্ৰস্তুত কৰাৰ কামত ব্যৱহাৰ কৰা হ’ব৷

গৱেষকসকলে মানুহৰ হাওঁফাওঁৰ এপিথেলিয়েল কোষৰ মাজত পাদন প্ৰক্রিয়াক কামত লগাই ক’ভিড প্ৰতিৰোধী চিনাক্তকৰণ মঞ্চৰ সহায়ত ন’ভেল ক’ৰোনা ভাইৰাছৰ বৈশিষ্ট্য বুজাৰ চেষ্টা কৰিব৷ তাৰপৰাই চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’ল’জিৰ বিজ্ঞানীসকলে সম্ভাৱ্য ঔষধ প্ৰস্তুত কৰাত মনোনিৱেশ কৰিব৷

বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ(চিএছআইআৰ)ৰ অধীনস্থ সংস্থা চিচিএমবিয়ে চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’ল’জিৰ সহযোগত বিগত সময়ত উন্নতমানৰ গৱেষণামুলক কাম-কাজ কৰিছে৷ বাংগালুৰুস্থিত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ প্লেটফর্ম(চি-কেম্প) হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ জৈৱপ্ৰযুক্তি শাখাৰ এক সংস্থা, যি আইষ্টেম ৰিছাৰ্চ প্রাইভেট লিমিটেডক চিকিসাশাস্ত্রত কোষৰ ব্যৱহাৰিক কামত সহায় আগবঢ়াই আহিছে৷ চিচিএমবিৰ সঞ্চালক ড০ ৰাজর্ষি পালৰ নেতৃত্বত এদল বিজ্ঞানীয়ে এই ধৰণৰ চিকিসা পদ্ধতি আৰু ৰোগৰ প্ৰকৃতিক লৈ কাম কৰিছে আহিছে৷ চিচিএমবিৰ এই প্ৰচেষ্টাৰ জৰিয়তে ক’ভিড-১৯ৰ গৱেষণাত এক বৃহ সাফল্য অৰ্জনৰ আশা কৰা হৈছে বুলি সদৰি কৰে আইষ্টেমৰ মুথ্য কাৰ্যবাহী বিষয়া ড০ যোগিন দেশায়ে৷

****

KGS/DB



(Release ID: 1621656) Visitor Counter : 193