প্ৰতিৰক্ষা মন্ত্ৰালয়

বি আৰ অ’ই লকডাউনৰ সময়ত অটল সুৰঙ্গ পথৰ কাম অব্যাহত ৰাখিছে, ছেপ্তেম্বৰ ২০২০ ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

Posted On: 05 MAY 2020 4:12PM by PIB Guwahati

সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা বি আৰ অ’ই অতি সক্ৰিয়তাৰে হিমাচল প্ৰদেশৰ পিৰ প্ৰাঞ্জল অঞ্চলত নিৰ্মাণৰত অৱস্থাত থকা অটল সুৰঙ্গ পথৰ কাম লকডাউনৰ সময়তো অব্যাহত ৰাখিছে। 

পথ মসৃণ কৰা, পোহৰ, ভেন্টিলেটৰ, ট্ৰেফিক ছিগনেল আদি বৈত্যুদিক উপায়েৰে কৰিবলগীয়া ব্যৱস্থাসমূহৰ কাম চলি আছে। সুৰঙ্গৰ উত্তৰে চন্দ্ৰা নদীৰ ওপৰত এখন ১০০ মিটাৰ দৈৰ্ঘৰ অত্যাধুনিক আন্তঃগাঁথনিযুক্ত দলং নিৰ্মাণৰ কামো চলি আছে যিটো ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে ১০ দিনৰ বাবে স্থগিত ৰখা হৈছিল।

বি আৰ অ’ৰ সাধাৰণ সঞ্চালক লেফ্টেনেন্ট জেনেৰেল হৰপাল সিঙে হিমাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰৰ লগত কথা পাতি ৫ এপ্ৰিল ২০২০ তাৰিখৰপৰা ঠাইতে শ্ৰমিকসকলক ৰখাৰ ব্যৱস্থা কৰি ৰাজ্য চৰাকাৰৰ সহযোগত কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ক’ভিড-১৯ ৰ বাবে প্ৰয়োজনীয় সকলো সুৰক্ষা ব্যৱস্থাৰে সৈতে কাম অব্যাহত ৰাখি বি আৰ অ’ই অটল সুৰঙ্গ পথ ছেপ্তেম্বৰ ২০২০ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশ্বাস দিছে।

নৱেম্বৰৰ পৰা মে’লৈকে ৰোহটাক পাছ বৰফাবৃত হৈ থাকে বাবে মনালি-সৰচ্ছু-লেহৰ পথটো বছৰত ছমাহ সম্পূৰ্ণ বন্ধ হৈ থাকে আৰু তাৰেই বিকল্প পথ হিচাপে এই সুৰঙ্গ পথ নিৰ্মাণ কৰা হৈছে। এই সুৰঙ্গ পথে মনালি আৰু লেহ উপত্যকাৰ মাজত বছৰৰ সকলো সময়তে সংযোগ ৰাখিব। আৰু মনালি-ৰোহটাক পাছ-সৰচ্ছু-লেহ পথতকৈ ৪৬ কিলোমিটাৰ দূৰত্ব কম হ’ব। তদুপৰি ই লাহোৱালৰ মানুহক দেশৰ বাকী অঞ্চলৰ লগত সমগ্ৰ বছৰধৰি সংযোগৰ সুবিধা কৰি দিয়াৰ লগতে সুৰক্ষা বলক গুৰুত্বপূৰ্ণ কূটনৈতিক অ়ঞ্চলসমূহলৈ যোৱাৰ সুবিধা প্ৰদান কৰিব। 

https://static.pib.gov.in/WriteReadData/userfiles/image/PIC1YUO3.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/PIC2IB2H.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/PIC3TUZK.jpg

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/PRK



(Release ID: 1621568) Visitor Counter : 227