ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়ে এখন কৃষিভিত্তিক এম এচ এম ই নীতি প্ৰস্তুত কৰি আছেঃ শ্ৰী নীতিন গাডকাৰি
মন্ত্ৰীগৰাকীয়ে দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছ ঘাইপথৰ লগতে সমান্তৰালভাৱে ঔদ্যোগিক খণ্ড আৰু লজিষ্টিক পাৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে
শ্ৰী গাডকাৰিয়ে কয় যে সৌন্দৰ্য আৰু শৰীৰচৰ্চা উদ্যোগে আমদানিকৃত সামগ্ৰীৰ বিপৰীতে ভাৰতীয় আয়ুৰ্বেদিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবে অনুপ্ৰেৰণা যোগাব লাগে
পোষ্ট কৰা হৈছে:
04 MAY 2020 6:34PM by PIB Guwahati
কোন্দ্ৰীয় ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ আৰু পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে আজি কয় যে মন্ত্ৰালয়ে গ্ৰাম্যাঞ্চল, জনজাতি প্ৰধান অঞ্চল, কৃষি প্ৰধান অঞ্চল আৰু বনাঞ্চলত স্থানীয় কেঁচামাল ব্যৱহাৰ কৰি সামগ্ৰী উৎপাদনৰ বাবে এখন কৃষিভিত্তিক এম এচ এম ই নীতি প্ৰস্তুত কৰি আছে।
ক’ভিড-১৯ ৰ প্ৰভাৱ সন্দৰ্ভত এচ এম ই চেম্বাৰ অৱ ইণ্ডিয়া, এচ এম ই এক্সপোৰ্ট প্ৰম’শ্যন কাউন্সিল আৰু সৌন্দৰ্য আৰু শৰীৰচৰ্চা উদ্যোগৰ প্ৰতিনিধিৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেন্সত ভাষণ দি শ্ৰী গাডকাৰিয়ে কয় যে সকলো উদ্যোগে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ব্যৱসায়িক কাম-কাজৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰৰ গুৰুত্বৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে দেশৰ ৰপ্তানি বৃদ্ধিৰ চেষ্টা কৰাৰ লগতে আমদানিকৃত সামগ্ৰীৰ বিকল্পৰ সন্ধান কৰি দেশীয় উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। তেওঁ কয় যে উদ্যোগসমূহে উদ্ভাৱনীমূলক, উদ্যোগী চিন্তা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ গৱেষণাৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত অধিক মনোযোগ দি জ্ঞানক সম্পদলৈ ৰূপান্তৰ কৰাত মনোনিবেশ কৰিব লাগে।
তেওঁ উল্লেখ কৰে যে চীনৰ পৰা বিনিয়োগ ঘূৰাই আনি আন দেশত বিনিয়োগ কৰা জাপানী উদ্যোগসমূহক জাপানৰ চৰকাৰে বিশেষ সাহাৰ্য আগবঢ়াইছে। ভাৰতে এই সুবিধা গ্ৰহণ কৰিব পাৰে। লগতে তেওঁ দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছ ঘাইপথৰ লগতে সমান্তৰালভাৱে আধুনিক আৰু প্ৰযুক্তিগত ঔদ্যোগিক খণ্ড আৰু লজিষ্টিক পাৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।
শ্ৰী গাডকাৰিয়ে কয় যে সৌন্দৰ্য আৰু শৰীৰচৰ্চা উদ্যোগে আমদানিকৃত সামগ্ৰীৰ বিপৰীতে ভাৰতীয় আয়ুৰ্বেদিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবে অনুপ্ৰেৰণা যোগাব লাগে। তেওঁ কয় যে ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়ে আয়ুস খণ্ডৰ প্ৰশিক্ষণ, দক্ষতা বিকাশ, উদ্যমিতা বিকাশ আদি বিভিন্ন আঁচনিৰ প্ৰচাৰৰ বাবে আয়ুস মন্ত্ৰালয়ৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।
মত বিনিময়ৰ সময়ত সৌন্দৰ্য আৰু শৰীৰচৰ্চা উদ্যোগৰ প্ৰতিনিধিসকলে ক’ভিড-১৯ ৰ প্ৰভাৱত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে আৰু চৰকাৰৰ সহায় বিচাৰে। শ্ৰী গাডকাৰিয়ে কয় যে চৰকাৰৰ ফলাৰপৰা নিশ্চিতভাৱে কিছু সহায় আগবঢ়োৱা হ’ব। তেওঁ কয় যে সমস্যাসমূহ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ডাঙি ধৰিব। পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে উদ্যোগসমূহক যোগাত্মক মানসিকতাৰে এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁ আহ্বান জনায়।
*****
RCJ/SKP/IA/PRK
(ৰিলিজ আই ডি : 1621083)
অতিথি কক্ষ : 362