সাংস্কৃতিক মন্ত্ৰালয়

‘লকডাউন’ৰ সময়ত ‘ৰাষ্ট্ৰীয় আধুনিক কলা বিথিকা’-ই আগবঢ়ালে ‘এনজিএমএ কে সংগ্ৰহ ছে’ শীৰ্ষক এক ‘ভাৰ্চুৱেল’ কলা প্ৰদৰ্শনীমূলক অনুষ্ঠান

শ্ৰী ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত উৎসৰ্গা কৰা হৈছে এই সপ্তাহৰ থীম ‘আৰ্টিষ্ট বাই আৰ্টিষ্ট’

प्रविष्टि तिथि: 04 MAY 2020 5:19PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা সন্ত্ৰাসৰ পৰা দেশক বচোৱাৰ কৌশল হিচাপে বলবত্ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আধুনিক কলা বিথিকানেশ্যনেল গেলাৰী অব মডাৰ্ণ আৰ্ট সাময়িক ভাবে বন্ধ ৰাখিবলগীয়া হয় যদিও কভিড-১৯য়ে পিচে অনুসন্ধিত্সু কলা ৰসিকক কলাৰ ৰসাস্বাদনত বাধা দিব নোৱাৰিলে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা বিথিকাই গৌৰৱৰে সম্প্ৰচাৰৰ দিহা কৰিছে এনজিএমএ কে সংগ্ৰহ ছে শীৰ্ষক এক ভাৰ্চুৱেল প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ। এই অনুষ্ঠানৰ জৰিয়তে কলা-বিথিকাটোত থকা কেতবোৰ দুৰ্লভ কলা-কৰ্মৰ লগতে সম্ভৱত পূৰ্বতে নেদেখা সংগ্ৰহালয়টোৰ আপুৰুগীয়া সম্পদৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যক্ৰমত দিনটীয়া আৰু সাপ্তাহিকভাবে আয়োজন কৰা কেবালানিও প্ৰদৰ্শনীৰ দিহা কৰা হৈছে।

এই সপ্তাহৰ আৰ্টিষ্ট বাই আৰ্টিষ্ট শীৰ্ষক প্ৰদৰ্শনীখন গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত উত্সৰ্গা কৰা হৈছে। এই সপ্তাহতে অৰ্থাত অহা ৭মে, ২০২০ত পুৰোধাগৰাকীৰ ১৫৯সংখ্যক জন্মদিৱস পৰাৰ পৰিপ্ৰেক্ষিতত কলাবথিকাৰ তৰফৰ পৰা এই প্ৰদৰ্শনী তেখেতৰ নামত উত্সৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  

সমাগত দিনবোৰত আৰু বহু সংখ্যক কলাকাৰৰ বহু চিন্তা-উদ্দীপক শিল্প-কৰ্মৰ প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিব পাৰিব কলা-ৰসিকসকলে। এইলানি ভাৰ্চুৱেল প্ৰদৰ্শনীৰ সুবাদত কলাৰসিক, কলা-সমালোচক, ছাত্ৰ-ছাত্ৰী, শিক্ষক আদিয়ে ঘৰত বহিয়েই এনে কলাৰ নিদৰ্শন প্ৰত্যক্ষ কৰাৰ দুৰ্লভ সুযোগ লাভ কৰিবলৈ সক্ষম হব।

 

*******

NB/AKJ/OA/KB


(रिलीज़ आईडी: 1621007) आगंतुक पटल : 257
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Tamil , Telugu