বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰস্তুতি সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে বাৰ্তালাপ ড০ হৰ্ষ বৰ্ধনৰ

ডিএছটি আৰু ইয়াৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছেঃ ড০ হৰ্ষ বৰ্ধন

ক’ভিড-১৯ৰ এক মাল্টিমিডিয়া গাইড “কভিড কথা” উন্মোচন

Posted On: 03 MAY 2020 8:36PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা পৃথিৱী মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা(ডিএছটি) বিভাগ তথা ইয়াৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ সৈতে ক’ভিড-১৯ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজৰ প্ৰতি প্ৰতিষ্ঠাসমূহে হাতত লোৱা বিভিন্ন প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত আলোচনা কৰে৷

এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ সম্পৰ্কীয় ‘ক’ভিড কথা’ শীৰ্ষক এখন মাল্টিমিডিয়া গাইড উন্মোচন কৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে দেশ সেৱা কৰা ডিএছটিয়ে ৫০সংখ্যক প্ৰতিষ্ঠা বৰ্ষত প্ৰৱেশ কৰি স্বৰ্ণ জয়ন্তী সমাৰোহ আৰম্ভ কৰাৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক কাম-কাজ আৰম্ভ কৰিছে৷

ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই ডিএছটিৰ মুখ্য আঁচনি তথা অহা পাঁচ বছৰত বিভাগটোৱে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আলোকপাত কৰে৷ তেওঁ কয় যে ডিএছটিয়ে ভিড-১৯ নিৰ্মূল কৰাৰ বাবে চিকিসা, পৰীক্ষা, স্বাস্থ্য সজাগতা, সা-সঁজুলি উদ্ভাৱনৰ ক্ষেত্ৰত পূঁজি বিনিয়োগৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বিভাগটোৱে গৱেষণা আৰু উন্নয়ন, শৈক্ষিক প্ৰতিষ্ঠান, ষ্টাৰ্ট আপ আৰু এমএছএমইৰ দ্বাৰা ঔদ্যোগিক পৰিচয় আৰু মেপিঙৰো বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷

এই উপলক্ষে বৈঠকত ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্যমিতা বিকাশ পৰিষদ(এনএছটিইডিবি), ছায়েন্স ফৰ ইকুইটি, এম্পাৱাৰমেণ্ট এণ্ড ডেভেলপমেণ্ট (ছীড) আৰু ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ৰিছাৰ্চ বোৰ্ড(ছাৰ্ব), প্ৰযুক্তি বিকাশ পৰিষদ(টিডিবি) আৰু ছাৰ্ভে অফ ইণ্ডিয়া(এছঅ’আই)ৰ দৰে একাংশ বৈধ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা বিষয়াসকলে অংশ লয়৷ তদুপৰি, তিৰুৱন্তপুৰমৰ এছচিটিআইএমএছটি, হায়দৰাবাদৰ এআৰচিআই, বাংগালুৰুৰ জেএনচিএএছআৰ, চিইএনছ, আহমেদাবাদৰ এনআইএফ আৰু কলকাতাৰ এছএনবিএনচিবিএছে এই সংকটৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত বৈঠকত অৱগত কৰে৷  

মত বিনিময় অনুষ্ঠানত ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিএছটিক অভিনন্দন জনাই ড০ হৰ্ষ বৰ্ধনে কয় যে ডিএছটি আৰু ইয়াৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছে৷ ডিএছটিয়ে বিভিন্ন প্ৰতিষ্ঠান আৰু বিষয়ত নিৰ্বাচিত বৈজ্ঞানিক মাধ্যমৰ দ্বাৰা ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় ক্ষমতা আৰু দক্ষতা শক্তিশালী কৰাৰ বাবে আমাৰ দেশত গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত সহায় কৰে৷ ডিএছটিৰ প্ৰচেষ্টাতে বিজ্ঞান পত্ৰ-পত্ৰিকা প্ৰকাশৰ সংখ্যা চীন আৰু আমেৰিকাৰ পাছতে বিশ্বৰ ভিতৰত ভাৰত তৃতীয় স্থানত থাকিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী বৰ্ধনে৷

ভাৰতৰ যিকোনো সংকটৰ সময়ত ডিএছটিয়ে প্ৰত্যাহ্বান স্বীকাৰ কৰি দেশক সহায় কৰি অহা বুলিও প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ বিগত ৪৯ বছৰে দেশত বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডত অভিনৱ উদ্ভাৱনেৰে বিশ্বত প্ৰতিষ্ঠান কৰিবলৈ সক্ষম হৈছে৷ তেওঁ চলিত বৰ্ষত বাজেটট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডৰ বাবে ৮,০০০ কোটি টকা ধাৰ্য কৰা বুলি উল্লেখ কৰে৷ ড০ হৰ্ষ বৰ্ধনে প্ৰতিষ্ঠানটোৰ এই যাত্ৰা অব্যাহত ৰখাৰ কামনাৰে শুভেচ্ছা জনায়৷

 

****


KGS/(DST)/DB



(Release ID: 1620942) Visitor Counter : 360