বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক'ভিড-১৯ৰ গাণিতিক আৰু বাহ্যিক গাথঁনি সন্দৰ্ভত গৱেষণাৰ বাবে পুঁজি আবণ্টনত এছইআৰবিৰ অনুমোদন

Posted On: 30 APR 2020 6:08PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (ডিএছটি)ৰ এক বৈধ নিকায় বিজ্ঞান আৰু অভিযান্তিক গৱেষণা পৰিষদে(এছইআৰবি) ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মেট্ৰিকছ আঁচনিৰ অধীনত গাণিতিক মডেলিং আৰু কম্পিউটেচনেল বাহ্যিক গাঁথনিৰ গৱেষণাৰ বাবে ১১টা প্ৰকল্পত পূঁজি আৱণ্টনত অনুমোদন জনাইছে৷

ইয়াৰ উদ্দেশ্য হৈছে এছআইআৰ মডেলৰ সংশোধনৰ ভিত্তিত ক’ভিড-১৯ সম্পৰ্কীয় বিভিন্ন কাৰকৰ গাণিতিক তথা বাহ্যিক গাঁথনিৰ বিষয়ে গৱেষণা কৰা৷ এই কাৰকবোৰৰ ভিতৰত জনসংখ্যাৰ অসমতা, লক্ষণ দেখা দিয়া লোকসকলৰ ভূমিকা, প্ৰব্ৰজন আৰু কোৱাৰেণ্টাইন, সামাজিক দুৰত্ব আৰু লকডাউনৰ প্ৰভাৱ, আৰ্থ-সামাজিক ইত্যাদি উল্লেখ্যযোগ্য৷ এই গৱেষণা বিশেষকৈ ভাৰতীয় পৰিৱেশৰ ভিত্তিত কৰা হ’ব৷ এই গৱেষণালানিয়ে ক’ৰোনা মহামাৰীৰ দৰে সংক্ৰমিত ৰোগৰ আগজাননী লাভ কৰাত সহায় কৰিব৷ তদুপৰি, অধিক লোকক ইয়াৰ সংক্ৰমণৰ পৰা কিদৰে ৰক্ষা কৰিব পাৰি সেই সম্পৰ্কেও আভাস দিব৷ ৰোগ সংক্ৰমণৰ গতিশীল আৰ্হি হিচাপে পৰিগণিত এই অধ্যয়নে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থাৱলীৰ লগতে অগ্ৰণী স্বাস্থ্যকৰ্মী আৰু নীতি নিৰ্ধাৰকসকলক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণত সহায় কৰিব৷

মেট্ৰিকছৰ অধীনত প্ৰথম পৰ্যায়ত অনুমোদন লাভ কৰা এঘাৰ প্ৰকল্পত গৱেষণা কৰিব ক্ৰমে-কানপুৰ আইআইটিৰ অধ্যাপক মহেন্দ্ৰ কুমাৰ বাৰ্মা, চেন্নাই ভিট বিশ্ববিদ্যালয়ৰ অধ্যাপক মিনি ঘোষ, আইআইটি গুৱাহাটীৰ অধ্যাপক সিদ্ধাৰ্থ প্ৰতীপ চক্ৰৱৰ্তী, থিৰুৱন্তপুৰমস্থিত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক উপল মান্না, ছীমবায়’ছিছ ইণ্টাৰনেচনেল ইউনিভাৰ্ছিটীৰ অধ্যাপক ছাৰবাৰ্ৰী ৰাহুল শুক্লা, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক নন্দদুলাল বৈৰাগী, আইআইআইটি গুৱাহাটীৰ ড০ সুৰজি পাঞ্জা. আইআইটি খড়গপুৰৰ ড০ গৌতম সেন, আইআইটি কানপুৰৰ ড০ হৰ্ষবৰ্ধন এইচ. কাটকাৰ, আইআইটি ৰুৰকীৰ ড০ প্ৰতিভা আৰু আইআইট ভিল্লাইৰ ড০ আৰজাদ আলম খেৰানী৷

(সবিশেষ জানিবলৈ এছইআৰবিৰ বৈজ্ঞানিক ড০ প্ৰেমিলা মোহনৰ সৈতে premilamohan@serb.gov.in বা 011-40000390 নম্বৰত ফোন কৰিব পাৰে))

 

****

KGS/( DST)/DB



(Release ID: 1620269) Visitor Counter : 109