বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

পুনঃপ্ৰয়োগৰ বাবে ‘চিএছআইআৰ’-য়ে বাচি উলিয়ালে ২৫বিধ ঔষধ/ঔষধ-অন্বেষকক

‘ভাইৰেল আৰএনএ প’লিমাৰেজ’ৰ বিপৰীতে বিস্তৃত পৰিসৰৰ নিৰাময়ক হিচাপে চিহ্নিত ‘ফেভিপিৰাভিৰ’ অতিকে সম্ভাৱনাপূৰ্ণ ঔষধ হিচাপে পৰিগণিত হৈছে

‘ফেভিপিৰাভিৰ’ৰ বাবে ‘চিএছআইআৰ –আইআইচিটি’,হাইদৰাবাদে বিকশিত কৰিছে কম ব্যয়সাপেক্ষ ‘ছিন্থেটিক পদ্ধতি’

Posted On: 30 APR 2020 7:25PM by PIB Guwahati

বিভিন্ন দিশৰ পৰা অস্ত্ৰ ধাৰণ কৰি কভিড-১৯ বিৰোধী যুঁজখনৰ নেতৃত্ব দান কৰিছে চিএছআইআৰ-য়ে। বিশেষকৈ কভিড-১৯ৰ বিৰুদ্ধে শক্তিশালী ৰূপত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নতুন ঔষধ বিকশিত কৰিবলৈ দশকজোৰা সময়ৰ প্ৰয়োজন হোৱাৰ মুহূৰ্তত ইতিমধ্যে উপলব্ধ ঔষধৰ পুনঃপ্ৰয়োগত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে প্ৰতিষ্ঠানটোৱে। সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱীতে কৰোনাভাইৰাছ আক্ৰান্ত ৰোগীৰ ওপৰত ইতিমধ্যে উপলব্ধ বিভিন্ন ঔষধৰ পুনঃপ্ৰয়োগ সম্পন্ন কৰি কভিড-১৯ৰ বিৰুদ্ধে সংশ্লিষ্ট ঔষধসমূহৰ পাৰদৰ্শীতা নিৰ্ণয়ৰ ব্যাপক প্ৰয়াস অব্যাহত আছে।

এনে এক প্ৰয়াসৰ অংশ হিচাপেই ভাৰতীয় কৰোনা আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত ইতিমধ্যে উপলব্ধ ঔষধৰ পুনঃপ্ৰয়োগৰ বাবে চিএছআইআৰ-য়ে ২৫বিধ ঔষধ আৰু এনে ঔষধ-অন্বেষকক বাচি উলিয়াইছে। এই লানি ঔষধৰ ভিতৰত ভাইৰেল আৰএনএ প’লিমাৰেজ’ৰ বিপৰীতে বিস্তৃত পৰিসৰৰ নিৰাময়ক হিচাপে চিহ্নিত ‘ফেভিপিৰাভিৰ’ অতিকে সম্ভাৱনাপূৰ্ণ ঔষধ হিচাপে পৰিগণিত হৈছে। জাপানৰ ‘ফুজিফিল্ম তোয়ামা কেমিকেল লিমিটেড’য়ে বিকশিত কৰা এই ‘ফেভিপিৰাভিৰ’-ক সাধাৰণ ইনফ্লুৱেঞ্জাৰ চিকিত্সাৰ বাবে ৰাছীয়া, চীন দেশ আৰু জাপানত অনুমোদন দিয়া হৈছিল।

‘ফেভিপিৰাভিৰ’ৰ বাবে ‘চিএছআইআৰ–আইআইচিটি’,হাইদৰাবাদে বিকশিত কৰিছে উপযোগী আৰু কম ব্যয়সাপেক্ষ এক ‘ছিন্থেটিক’ পদ্ধতি। ‘চিএছআইআৰ–আইআইচিটি’য়ে দেশৰ অগ্ৰণী ঔষধ নিৰ্মাতা কোম্পানী ‘চিপ্লা’ক এইবিধ ‘ফেভিপিৰাভিৰ’ৰ উতপাদন-বিপণনৰ দায়িত্ব অৰ্পণ কৰিছে। ‘চিপ্লা’ই ঔষধবিধৰ উতপাদন-বিপণন আনুষ্ঠানিক ভাবে মুকলি কৰাৰ আগতে ক’ভিড-১৯ৰ বিৰুদ্ধে ইয়াৰ পাৰদৰ্শিতাৰ অনুসন্ধান কৰিব। চিপ্লেঞ্জা Ciplenza)নামৰে মুকলি কৰিবলগীয়া এইবিধ ঔষধৰ এক সীমিত পৰীক্ষামূলক বিপণনৰো দিহা কৰিব প্ৰতিষ্ঠানটোৱে।    

 

#CSIRFightsCovid19

****

KGS/( CSIR release/KB



(Release ID: 1620251) Visitor Counter : 169