বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ডব্লিউআইএইচজিয়ে উদ্ঘাটন কৰিলে লাডাখ হিমালয়ত নদীৰ খহনীয়া ৩৫ হাজাৰ বছৰীয়া ইতিহাস

ডব্লিউআইএইচজিৰ এই গৱেষণাই নদীকেন্দ্ৰিক খহনীয়া আৰু পলস পৰা অৱস্থাৰ বিষয়ে বুজাত সহায় কৰিব

प्रविष्टि तिथि: 30 APR 2020 3:25PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্ত স্বতন্ত্ৰ প্ৰতিষ্ঠান ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ’ল’জি (ডব্লিউআইএইচজি)ৰ বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে এক অধ্যয়নত বৃহত্তৰ উপত্যকাটোত লাডাখ হিমালয়ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া ৩৫ হাজাৰ বছৰীয়া ইতিহাস উদ্ঘাটন কৰিলে৷ অধ্যয়নৰ পৰা জানিব পৰা গৈছে কিদৰে শুষ্ক লাডাখ হিমালয়ত নদীসমূহে দীৰ্ঘ সময় ধৰি ব্যাপক ধৰণে প্ৰভাৱিত কৰাৰ লগতে অঞ্চলটোৰ লোকসকলে পৃথক জলবায়ু, পানী আৰু পলসৰ সৈতে মোকাবিলা কৰি দেশৰ আন্তঃগাঁথনি গঢ় দিছে আৰু স্মাৰ্টচিটী বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বৈজ্ঞানিকসকলে হিমালয় আৰু ইয়াৰ জংঘলৰ পৰা বৈ অহা নদী ক’ৰপৰা ওলাইছে আৰু সেই ক্ষেত্ৰসমূহ চিনাক্ত কৰিছে, যাৰদ্বাৰা এই পলস সৃষ্টি হৈছে৷ লাডাখ হিমালয়ে বৃহত্তৰ হিমালয় পৰ্বতমালা আৰু কাৰাকোৰাম পৰ্বতমালাৰ মাজত সৰ্বাধিকৰ উচ্চতাত এক মৰুভূমিৰ সৃষ্টি কৰিছে৷ সিন্ধু আৰু ইয়াৰ উপনদীসমূহ এই স্থানৰ পৰা ওলোৱা মুখ্য নদী৷ ঝনস্কাৰ আৰু ডডা নদী সিন্ধু উপত্যকাৰ প্ৰধান নদী৷  

ডব্লিউআইএইচজিৰ এই গৱেষণাই নদীকেন্দ্ৰিক খহনীয়া আৰু পলস পৰা অৱস্থাৰ বিষয়ে বুজাত সহায় কৰিব৷ এই অধ্যয়নৰ বিষয়ে সবিশেষ জানিবলৈ এই লিংকত চাব পাৰিব৷ Link to study: https://doi.org/10.1016/j.gloplacha.2019.04.015

 

****

KGS/( DST)/DB


(रिलीज़ आईडी: 1619838) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Tamil , Telugu