বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
এছএনবিএনচিবিএছে ক’ভিড-১৯কে ধৰি ভাইৰেল সংক্ৰমণৰ চিকিৎসা বাবে উন্নত প্ৰতিৰোধ শক্তিৰ বাবে অক্সিডেটেড চাপৰ বিকল্প হিচাপে নেন’মেডিচিনৰ বিকাশ সাধন কৰিলে
प्रविष्टि तिथि:
30 APR 2020 3:21PM by PIB Guwahati
কলকাতাস্থিত নেচনেল চেণ্টাৰ ফৰ বেছিক ছায়েন্সেছ(এছএনবিএনচিবিএছ)ৰ বিজ্ঞানী এছ. এন. বসুৱে এক সুৰক্ষিত আৰু মিতব্যয়ী নেন’মেচিডিনৰ বিকাশ সাধন কৰিছে, যাৰ দ্বাৰা শৰীৰত অক্সিডেটেড চাপ সলনি কৰি বিভিন্ন প্ৰকাৰৰ ৰোগৰ চিকিৎসা সম্ভৱ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ এই গৱেষণাই ক’ভিড-১৯ বিৰোধী যুঁজত আশাৰ কিৰণ সঞ্চাৰিত কৰিছে৷ কাৰণ নেন’মেডিচিনৰ জৰিয়তে আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন স্পেছিজ(আইঅ’এছ) হ্ৰাস অথবা বৃদ্ধিৰ লগতে ৰোগৰ চিকিৎসা কৰিব পৰা যাব৷
স্তন্যপায়ী জীৱৰ শৰীৰত আৰঅ’এছৰ নিয়ন্ত্ৰিত হাৰত বৃদ্ধিৰ ক্ষেত্ৰত এই গৱেষণাই ক’ভিড-১৯কে ধৰি ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত নেন’মেডিচিনৰ প্ৰয়োগে নতুন আশা জগাই তুলিছে৷ বিভিন্ন ৰোগত ক্ৰিয়া আৰু অক্সিডাইজেশ্যন প্ৰক্ৰিয়াৰ বাবে পশুৰ শৰীৰত ইতিমধ্যে পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে আৰু এতিয়া প্ৰতিষ্ঠানটোৱে মানৱ শৰীৰত পৰীক্ষণৰ বাবে প্ৰস্তুতু চলাই আছে৷
এই ঔষধ নেমুবৰ্গীয় উপাদানৰ লগতে মেংগানিজ নিমখৰ পৰা উলিওৱা নেন’কণাৰ সৈতে জড়িত৷ নেন’প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰি মেংগানিজ আৰু চাইট্ৰেটৰ গুৰুত্বপূৰ্ণ মিশ্ৰণেৰে নেন’মেডিচিন উৎপাদন কৰা হয়৷ কৃত্ৰিমভাৱে নিৰ্মিত নেন’মেডিচিনে আমাৰ শৰীৰৰ কোষত ৰিয়েকশ্যন এণ্ড অক্সিডেশ্যন প্ৰচেছ(ৰেডক্স)ৰ ভাৰসাম্য ৰক্ষাত বিশেষ গুৰুত্ব আছে৷ কোষিকাত ৰেডক্স প্ৰক্ৰিয়াই অক্সিজেন যোগ দিয়ে অথবা হ্ৰাস কৰে৷ কোষিকাত শক্তি উৎপন্ন কৰাৰ দৰে বিভিন্ন প্ৰক্ৰিয়াৰ বাবে এইবোৰ অতি প্ৰয়োজন৷
অধিক জানিবলৈ ডা০ সমীৰ কে পাল, জ্যেষ্ঠ অধ্যাপকৰ সৈতে এই লিংকত skpal@bose.res.in যোগাযোগ কৰক৷
****
KGS/(DST)/DB
(रिलीज़ आईडी: 1619836)
आगंतुक पटल : 173