বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ক’ভিড-১৯ ৰ বাবে স্বাস্থ্য আৰু যোগাযোগৰ ক্ষেত্ৰত আশংকা সন্দৰ্ভত এক আঁচনিৰ শুভাৰম্ভ কৰে
ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় অভ্যাস কিছুমান গঢ়ি তোলা আৰু ইয়াৰ ব্যৱস্থাপনা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ – অধ্যাপক আশোতোষ শৰ্মা, সচিৱ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ
Posted On:
30 APR 2020 6:09PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদে ক’ভিড-১৯ ৰ বাবে স্বাস্থ্য আৰু যোগাযোগৰ ক্ষেত্ৰত আশংকা সন্দৰ্ভত ‘বিজ্ঞান আৰু স্বাস্থ্যক্ষেত্ৰত সজাগতাৰ বছৰ’ (য়েৰ অৱ এৱেৰনেছ অন ছায়েন্স এণ্ড হেল্থ - য়শ) শীৰ্ষক এক আঁচনিৰ শুভাৰম্ভ কৰে।
এই সৰু ফলপ্ৰসূ বিজ্ঞান আৰু স্বাস্থ্য যোগাযোগৰ প্ৰয়াসে তৃণমূল পৰ্যায়ৰপৰা সকলোকে স্বাস্থ্য সম্পৰ্কে সজাগ কৰি আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে বিজ্ঞানসন্মত মানসিকতাৰে বহল মাত্ৰাত জনসাধাৰণক এক স্বাস্থ্যকৰ জীৱন প্ৰদান কৰিবলৈ সক্ষম হ’ব।
বৰ্তমানৰ এই মহামাৰীৰ সময়ত সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে আৰু এনে পৰিস্থিতিত বিজ্ঞানসন্মত মানসিকতা তথা সজাগতা আটাইতকৈ প্ৰয়োজনীয় বিষয় হৈ পৰিছে। ক’ভিড-১৯ ৰ সংক্ৰমণ বা নিৰাময়ৰ বিষয়ে সত্য আৰু বিজ্ঞানসন্মত তথ্য সকলোৱে জানিলেহে এই মহামাৰীক প্ৰতিহত কৰিব পৰা যাব। এই আঁচনিয়ে বিজ্ঞান, স্বাস্থ্য আৰু আপাতকালীন যোগাযোগ বিষয়ৰ চফটৱেৰৰ সুবিধা, প্ৰচাৰ-পত্ৰ প্ৰকাশ, দৃশ্য-শ্ৰাৱ্য, ডিজিটেল মঞ্চ, লোক পৰিৱেশ্য কলা, দেশৰ বিভিন্ন অঞ্চলত আঞ্চলিক ভাষাত প্ৰশিক্ষণপ্ৰাপ্ত লোকৰদ্বাৰা এই সংকটৰ সৈতে মোকাবিলা কৰাৰ সন্দৰ্ভত মত বিনিময় আদি সামৰি লৈছে।
এই আঁচনি প্ৰস্তুত কৰাৰ সময়ত বিদ্যায়তনিক ব্যক্তি, গৱেষণা সংস্থা, সংবাদ মাধ্যম, স্বেচ্ছাসেৱী প্ৰতিষ্ঠান আদিৰ লগত আলোচনা কৰি ৰণনীতি তৈয়াৰ কৰা হৈছে। ক’ভিড-১৯ ৰ সংক্ৰমণ বা নিৰাময়ৰ বিষয়ে সত্য আৰু বিজ্ঞানসন্মত তথ্য সকলোৰে মাজলৈ লৈ যাবলৈ আৰু স্থানীয় পৰ্যায়ত জনসম্প্ৰদায়ৰ পৰা উচিত সঁহাৰি লাভ কৰিবলৈ এক অতিশয় সূক্ষ্ম বিশ্লেষণেৰে তৈয়াৰী আঁচনিৰ প্ৰয়োজন হয় আৰু এনে আঁচনি অবিহনে বিপদসংকূল পৰিস্থিতি নিয়ন্ত্ৰণ তথা ক’ৰোনাৰ দৰে মহামাৰীৰ ব্যৱস্থাপনা সম্ভৱ নহয়।
এই আঁচনিৰ ক্ষেত্ৰত যিসকল লোকে সন্মুখৰপৰা যুঁজ দিছে, তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে। ব্যক্তিগত স্বচ্ছতা, শাৰীৰিক দূৰত্ব আদি প্ৰয়োজনীয় সুৰক্ষা বিধি মানি চলিহে জনসাধাৰণৰ মাজত সজাগতা প্ৰচাৰ কৰা সম্ভৱ। তথ্যৰ সঠিক প্ৰচাৰৰদ্বাৰাও মানুহৰ মাজত ঘনীভূত হোৱা অহেতুক আশংকা নোহোৱা কৰি আত্মবিশ্বাসেৰে বহনক্ষম স্বাস্থ্যসন্মত জীৱনশৈলীক আঁকোৱালি লোৱাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে।
"কোনো প্ৰতিকাৰক ঔষধ নোহোৱা অৱস্থাত ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণেই ইয়াৰ পৰা বাচি থকাৰ একমাত্ৰ পথ। ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় অভ্যাস কিছুমান গঢ়ি তোলা আৰু ইয়াৰ ব্যৱস্থাপনা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ", বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মাই কয়।
(অধিক তথ্যৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদৰ পৰামৰ্শদাতা আৰু মূৰব্বী ড০ মনোজ কুমাৰ পাটাইৰিয়াৰ লগত mkp[at]nic[dot]in বা ৯৮৬৮১১৪৫৪৮ যোগে যোগাযোগ কৰিব পাৰে।)
****
KGS/( DST)/PRK
(Release ID: 1619834)