বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিদ্যুৎস্থিৰতা গুণসম্পন্ন বিজাণুনাশক প্ৰযুক্তিক বাণিজ্যিকীকৰণৰ বাবে পঠিওৱা হৈছে

Posted On: 29 APR 2020 12:44PM by PIB Guwahati

চণ্ডীগড়ৰ চি এচ আই আৰ-কেন্দ্ৰীয় বৈজ্ঞানিক সা-সৰঞ্জাম সংস্থানে (চি এচ আই আৰ-চি এচ আই অ) কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ফলপ্ৰসূভাৱে বিজাণুনাশক ব্যৱহাৰৰ উদ্ভাৱনী প্ৰযুক্তি প্ৰস্তুত কৰি উলিয়াইছে। চি এচ আই আৰ-চি এচ আই অই  এই প্ৰযুক্তিৰ ষন্ত্ৰ বৃহ মাত্ৰাত উপাদন কৰি বাণিজ্যিকীকৰণৰ বাবে নাগপুৰস্থিত ৰাইট ৱাটাৰ চল্যুশ্যনচ প্ৰাইভেট লিমিটেডলৈ পঠিয়াইছে। চি এচ আই আৰ-চি এচ আই অৰ বিজ্ঞানীসকলৰমতে এই প্ৰযুক্তি কৰোনাৰ লগতে অন্যান্য ৰোগৰ বিজাণুনাশৰ ক্ষেত্ৰত অতিশয় সামৰ্থবান তথা ফলপ্ৰসূ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001SKOM.jpg

স্থিতিশীল বিদ্যুতৰ নীতি অনুযায়ী বিদ্যুস্থিৰতা গুণসম্পন্ন বিজাণুনাশক প্ৰযুক্তিৰ যন্ত্ৰবিধ সাজি উলিওৱা হৈছে। ই মাইক্ৰঅৰ্গেনিজমচ আৰু ভাইৰাছ নাশ কৰিব পৰাকৈ বিজাণুনাশক দ্ৰৱ্যসমূহ ১০-২০ মাইক্ৰমিটাৰ পৰিসৰত একেবাৰে মিহি মিহি টোপালেৰে সমানভাৱে ছটিয়াব পাৰে। টোপালবোৰ সৰু হোৱাৰ বাবে ই অধিক ঠাই সামৰি লব পাৰে। পৰম্পৰাগত সঁজুলিসমূহৰ তুলনাত অতি কম দ্ৰৱ্যৰে অধিক ঠাই সামৰি লোৱাৰ সামৰ্থ থকাৰ বাবে এই যন্ত্ৰ ব্যৱহাৰৰ ফলত পৰিৱেশত ৰসায়নিক দ্ৰৱ্যৰ কু-প্ৰভাৱো হ্ৰাস পায়।   

ৰসায়নিক বিজাণুনাশক দ্ৰৱ্যৰ টোপালবোৰ যন্ত্ৰটোৰপৰা সমানভাৱে ছটিয়াব পাৰে বাবে লুকাই থকা কোনো বিজাণু সাৰি যাব নোৱাৰে আৰু ইয়াৰ ফলত বিজাণু তথা ভাইৰাছৰ নাশ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এই প্ৰযুক্তিৰ আৱিষ্কাৰক, জ্যেষ্ঠ বিজ্ঞানী ড০ মনোজ কে পেটেলে কয়।

ৰাইট ৱাটাৰ চল্যুশ্যনচ প্ৰাইভেট লিমিটেডৰ সঞ্চালক অভিজিত গান আৰু চণ্ডীগড়ৰ চি এচ আই আৰ-চি এচ আই অৰ বাণিজ্য আৰু প্ৰকল্প আঁচনি বিভাগৰ মূৰব্বী ড০ সুৰেন্দৰ সিং চেইনীৰ মাজত প্ৰযুক্তিক বাণিজ্যিকীকৰণৰ বাবে পঠিওৱাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। চণ্ডীগড়ৰ চি এচ আই আৰ-চি এচ আই অৰ সঞ্চালক ড০ সঞ্জয় কুমাৰ আৰু অন্যন্য বিভাগীয় মূৰব্বীসকলৰ উপস্থিতিত এক ভিডিঅকনফাৰেন্সযোগে এই প্ৰযুক্তি পঠিওৱাৰ অনুষ্ঠান সম্পাদন কৰা হয়।  

আমি ৰাজহুৱা স্থান, বিশেষকৈ চিকিসালয়, হাঁহ-কুকুৰা পালন কেন্দ্ৰ, ৰেলগাড়ী আৰু বাছ, বিমানবন্দৰ আৰু আকাশীযান, কাৰ্যালয়, শ্ৰেণীকোঠা, হোটেল আদিত ব্যৱহাৰৰ বাবে এই বিদ্যুস্থিৰতা গুণসম্পন্ন বিজাণুনাশক প্ৰযুক্তিৰ যন্ত্ৰবিধ সাজি উলিয়াইছো। ই এক স্বাস্থ্যসন্মত জীৱনশৈলী প্ৰদান কৰাৰ লগতে জনস্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগাবলৈ সক্ষম হব আৰু ভাৰত চৰকাৰৰ স্বাস্থ্যৱান ভাৰত অভিয়ানৰ লগত প্ৰত্যক্ষভাৱে ইয়াক সংযোগ কৰিব পৰা যাব।চণ্ডীগড়ৰ চি এচ আই আৰ-চি এচ আই অৰ সঞ্চালকগৰাকীয়ে কয়।

বিভিন্ন ঔদ্যোগিক আৰু সামাজিক ব্যৱহাৰৰ বাবে, যেনে কীটনাশক ছটিওৱা, ধূলি আঁতৰাই পৰৱেশ পৰিষ্কাৰ কৰা আদি বিদ্যুস্থিৰতা গুণসম্পন্ন দ্ৰৱ্য ছটিয়াবপৰা কেইবাটাও প্ৰযুক্তি ইতিমধ্যে উদ্যোগলৈ পঠিওৱা হৈছে। ড০ সুৰেন্দৰ সিং চেইনীয়ে কয়। (ইণ্ডিয়ান চায়েন্স ৱায়াৰ)

(বিতং তথ্যৰ বাবে ড০ সুৰেন্দৰ সিং চেইনীৰ লগত sssaini@csio.res.in যোগে যোগাযোগ কৰিব পাৰিব)

****

KGS/( DST/(India Science Wire))/PRK



(Release ID: 1619295) Visitor Counter : 218