হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ নমুনা সংগ্ৰহৰ বাবে আগৰতলা স্মাৰ্ট চিটিয়ে ব্যৱহাৰ কৰিছে ভ্ৰাম্যমান কিয়’স্ক

प्रविष्टि तिथि: 28 APR 2020 5:18PM by PIB Guwahati

আগৰতলা স্মাৰ্ট চিটিয়ে এক ভ্ৰাম্যমান ক’ভিড-১৯ নমুনা সংগ্ৰহ কিয়’স্ক নিৰ্মাণ কৰি চহৰখনৰ মুখ্য চিকিৎসা বিষয়াৰ হাতত অৰ্পন কৰিছে। এই কিয়’স্কে নমুনা সংগ্ৰহকাৰী চিকিৎসকৰ সুৰক্ষা সুনিশ্চিত কৰে আৰু পিপিই বা ব্যক্তিগত সুৰক্ষা সঁজুলিৰ অপব্যয় ৰোধ কৰে। ক’ভিড-১৯ ৰ বিৰুদ্ধে কৰা যুঁজখনত আগৰতলাই গ্ৰহণ কৰা এই পদক্ষেপ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

এই কিয়’স্কটো এখন তিনিচকীয়া বাহনৰ ওপৰত স্থাপিত কৰা হৈছে, যাতে ঠেক বাট-পথেৰেও ইয়াক প্ৰৱেশ কৰাব পাৰি আৰু বিভিন্ন ৰাজহুৱা স্থানলৈ গৈ নমুনা সংগ্ৰহ কৰাত সহায় হয়। ইয়াৰ বাবে কোনো ৰোগীয়ে নমুনা দিবৰ বাবে চিকিৎসালয়লৈ যাব নালাগে। এই কিয়’স্কে অতি কম সময়ৰ ভিতৰতে বৃহৎ সংখ্যক লোকৰ নমুনা পৰীক্ষাৰ সুবিধা প্ৰদান কৰিব পাৰে। উল্লেখ্য যে এই পদক্ষেপ গ্ৰহণ কৰিছে আগৰতলা পৌৰ নিগমৰ পৌৰ আয়ুক্ত তথা আগৰতলা স্মাৰ্ট চিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়াই।

 

***

RJ/NG/RD


(रिलीज़ आईडी: 1619121) आगंतुक पटल : 223
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu