বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯য়ে কেন্দ্ৰীয় স্নায়ু-তন্ত্ৰৰ ক্ষতি কৰি গোন্ধ অথবা সোৱাদ নোপোৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে বুলি এক অধ্যয়ণৰ তথ্য প্ৰকাশ

Posted On: 26 APR 2020 6:31PM by PIB Guwahati

আইআইটি, যোধপুৰৰ এটা বিজ্ঞানীৰ দলে এক অধ্যয়নৰ আধাৰত প্ৰকাশ কৰা তথ্য মতে এছএআৰএছ-কভ-২ ভাইৰাছৰ দৰেই কভিড-১৯য়েও স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰাৰ লগতে ভাইৰাছৰ সংক্ৰমণৰ বাবে অতিকে স্পৰ্শ-কাতৰ হিচাপে চিহ্নিত মগজুকো ভয়াবহ ৰূপত ক্ষতিগ্ৰস্ত কৰিব পাৰে। ইয়াৰ ফলত আক্ৰান্তসকলে কোনো বস্তুৰ গোন্ধ কিম্বা সোৱাদ পোৱাৰ সামৰ্থ্যও হেৰুৱাব পাৰে।

ড০ সুৰজিত্ ঘোষ আৰু তেওঁৰ দলটোৱে প্ৰকাশ কৰা তথ্য মতে, এছএআৰএছ-কভ-২ য়ে hACE2 হিচাপে চিহ্নিত মানুহৰ ঘ্ৰাণেন্দ্ৰিয়ৰ দৰে সংগ্ৰাহকক প্ৰভাৱিত কৰে। এই সংগ্ৰাহকে সংগ্ৰহ কৰা তথ্যকে আমাৰ মগজুৱে কেৱল প্ৰকাশ কৰে। যিহেতু, নাক-মুখবোৰ ভাইৰাছৰ বাবে মানৱ-শৰীৰত প্ৰৱেশৰ দ্বাৰো হয়। এই প্ৰৱেশদ্বাৰৰে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ লগতে ভাইৰাছবোৰে এই ইন্দ্ৰিয়সমূহক ক্ষতিগ্ৰস্তও কৰিব পাৰে। সেয়ে, এছএআৰএছ-কভ-২ দৰেই কভিড-১৯য়েও মানুহৰ স্নায়ুতন্ত্ৰক প্ৰভৱিত কৰাৰ লগতে মগজুকো ক্ষতিগ্ৰস্ত কৰিব পাৰে বাবেই এইবিধ ভাইৰাছে মানুহৰ ঘ্ৰাণ আৰু সোৱাদ লব পৰা শক্তিশূণ্য কৰিব পাৰে বুলি বিজ্ঞানীৰ দলটোৱে আংশকা প্ৰকাশ কৰিছে।

বিজ্ঞানীৰ দলটোৱে দাখিল কৰা গৱেষণা পত্ৰখন এচিএছ কেমিকেল নিউৰছায়েন্স-য়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে বিজ্ঞান আৰু আভিযান্ত্ৰিক গৱেষণা পৰিষদ(এছইআৰবি)য়ে ইয়াৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। গৱেষণা পত্ৰখনত কভিড-১৯য়ে স্নায়ুতন্ত্ৰৰ ক্ষতি কৰিব পৰা আশংকাৰ দিশটোকো গুৰুত্ব প্ৰদান কৰি ইয়াৰ প্ৰতিৰোধ আৰু নিৰাময়ৰ কৌশল ৰচনা কৰাৰ উচিত বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে।

[Publication:

https://dx.doi.org/10.1021/acschemneuro.0c00201

For more details, please contact Prof Surajit Ghosh, sghosh@iitj.ac.in, Mob: +91-9903099747]

 

****

 

KGS/(DST)/KB



(Release ID: 1618625) Visitor Counter : 170