প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউন সত্ত্বেও পূৰ্ববৰ্ষৰ তুলনাত তিনিসপ্তাহ পূৰ্বেই ৰোহটং পাছ মুকলি কৰিলে সীমান্ত পথ সংগঠনে

Posted On: 25 APR 2020 7:30PM by PIB Guwahati

লকডাউনৰ মাজতেই পূৰ্ববৰ্ষৰ তুলনাত তিনি সপ্তাহ পূৰ্বেই ব’র্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন (বিআৰঅ’) বা সীমান্ত পথ সংগঠনে আজি ৰোহটং পাছৰ (সমুদ্রপৃষ্ঠৰ পৰা ১৩,৫০০ ফুট উচ্চতাত) বৰফ পৰিষ্কাৰৰ পিছত পথটি মুকলি কৰি দিছে। এইটো হৈছে হিমাচল প্রদেশৰ লাহাউল আৰু স্পিটি জিলাৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ প্রধান সংযোগী পথ। বিগত বৰ্ষৰ ১৮ মে’ তাৰিখে ৰোহটং পাছ খুলি দিয়া হৈছিল।

কৃষকসকলে যাতে পুনৰ কৃষি কাৰ্য আৰম্ভ কৰিব পাৰে আৰু ক’ভিড-১৯ ৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত লাহাউল উপত্যাকালৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা সাহায্য সামগ্ৰী অনাৰ ক্ষেত্ৰত সুচলতা আনিবৰ বাবে পথত পৰি থকা বৰফ আঁতৰাবৰ বাবে হিমাচল চৰকাৰে সীমান্ত পথ সংগঠনক আহ্বান জনাইছিল।

বিআৰঅ’-এ মানালি আৰু খোকছৰ উভয় দিশেই অত্যাধুনিক যন্ত্রপাতিৰ সহায়ত কাম আৰম্ভ কৰে। ৰাহালা জলপ্ৰপাত, বিয়াছ নালা আৰু ৰানী নালাত তাপমাত্রা অতি নিম্ন হোৱা, ধাৰাবাহিক তুষাৰপাতৰ বাবে কামত কিছু পলম হ’লেও বিআৰঅ’-ৰ দলকেইটাই লাহাউল উপত্যকাৰ বাসিন্দাসকলৰ বাবে সাহায্য সামগ্ৰী সৰবৰাহৰ বাবে ক’ভিড-১৯ জনিত সকলোধৰণৰ সতর্কতা অৱলম্বন কৰি দিনে নিশাই অবিৰতভাৱে কাম কৰিছিল।

বিআৰঅ’-ৰ তত্ত্বাৱধানত ৰোহটং পাছত প্রায় ১৫০ জন কৃষক আৰু অত্যাৱশ্যকীয় পণ্য সামগ্ৰী সৰবৰাহকাৰী যানবাহনৰ প্রথমটো কনভয় আজি আনুষ্ঠানিকভাৱে লাহাউল উপত্যকালৈ যাত্রা কৰে। পূৰ্বৰ বছৰৰ তুলনাত ৰোহটং পাছ তিনি সপ্তাহ পূৰ্বেই খুলি দিয়াৰ খবৰ লাভ কৰি স্থানীয় জনসাধাৰণে স্বাভাৱিকতে স্বস্তি লাভ কৰিছে। এতিয়া কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে স্থানীয় জনসাধাৰণৰ মাজলৈ প্রয়োজনীয় সাহায্য সামগ্ৰীৰ লগতে চিকিৎসা সেৱা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব। ইয়াৰ উপৰিও এই জিলাৰ মেৰুদণ্ডস্বৰূপ কৃষিকাৰ্য পুনৰায় আৰম্ভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।


উক্ত পথটি খোলাৰ বাবে বৰফ আঁতৰোৱা কাম প্রতিবছৰে কৰা হয়, কাৰণ এই পথটো প্রায় ছয় মাহ ধৰি অর্থাৎ নৱেম্বৰৰ মাজভাগৰ পৰাই মে’ মাহৰ মাজভাগলৈ প্ৰচুৰ পৰিমাণৰ বৰফেৰে ঢাক খাই থাকে। এই পথটি বিগতবছৰ ১২ ডিচেম্বৰ পর্যন্ত খোলা আছিল। শীত কালত এই সমগ্ৰ উপত্যাকাই যিকোনো সৰবৰাহৰ বাবে কেৱল বিমান বাহিনীৰ ওপৰত নির্ভৰশীল হৈ থাকিব লাগে

এইসমূহৰ উপৰিও, ক’ভিড-১৯ ৰ বিৰুদ্ধে চৰকাৰৰ প্রচেষ্টালৈ সমর্থন আগবঢ়াই সীমান্ত পথ সংস্থা বিআৰঅ’ৰ আটাইবোৰ কৰ্মীয়েই সম্মিলিতভাৱে এদিনৰ দৰমহা কৰ্তন কৰি এক কোটি টকা প্রধানমন্ত্রীৰ কেয়াৰ ফাণ্ডলৈ আগবঢ়াইছে।

 

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD



(Release ID: 1618365) Visitor Counter : 163