বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ইউ ভি নিসংক্ৰমণ ট্ৰ’লিয়ে কাৰ্যকৰীভাৱে পৰিস্কাৰ কৰিব পাৰে চিকিৎসালয় চৌহদ

আন ভাইৰাছ আৰু বেক্টেৰিয়াৰ লেখীয়াকৈ ক’ৰোনা ভাইৰাছৰ ক্ষেত্ৰতো ইউভিচি পোহৰ অতি স্পৰ্শকাতৰ

ক্ষেত্ৰ পৰীক্ষাৰ বাবে হায়দৰাবাদৰ ইএছআইচি হস্পিতালত সংস্থাপন কৰা হৈছে এই ব্যৱস্থা

Posted On: 25 APR 2020 3:46PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ়্ান আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধীনৰ এক স্বায়ত্ত্ব শাসিত আৰ এণ্ড ডি কেন্দ্ৰ ইণ্টাৰনেশ্যনেল এডভান্সড ৰিচাৰ্ছ চেণ্টাৰ ফৰ পাউদাৰ মেটালাৰ্জী এণ্ড নিউ মেটেৰিয়েলছ আৰু হায়দৰাবাদ ইউনিভাৰ্ছিটিয়ে মেকিনছ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহযোগত চিকিৎসালয় চৌহদ তাৎক্ষণিকভাৱে পৰিস্কাৰ কৰি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ এক ইউভিচি ভিত্তিক নিসংক্ৰমণ ট্ৰ’লি প্ৰস্তুত কৰি উলিয়াইছে।

আল্ট্ৰাভায়’লেট ৰশ্মি যদিহে ইয়াৰ তৰঙ্গদৈৰ্ঘ্য ২০০ ৰ পৰা ৩০০ এনএমৰ ভিতৰত তাকে তেন্তে ই বীজাণু নিস্ক্ৰিয় কৰিব পাৰে। উল্লেখ্য যে বায়ু আৰু কঠিন পৃষ্ঠভাগ দুয়োটা স্থানতে থকা বীজাণু একেসময়তে ই নিস্ক্ৰিয় কৰিব পাৰে। সাধাৰণতে চিকিৎসালয় আৰু অন্যান্য সংক্ৰমণৰ সম্ভাৱনা থকা ঠাইবোৰত ৰাসায়নিক সংক্ৰমণ নাশকে অতি সহজে বেক্টেৰিয়া আৰু ভাইৰাছ আদি নাইকিয়া কৰিব নোৱাৰে। আৰু ৰোগীৰ বিচনা আদি সঘনাই সালসলনি কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিততে সংক্ৰমণ হোৱাৰ সমভাৱনীয়তা বৃদ্ধি পায়। পিছে সুখবৰটো হৈছে যে ক’ৰোনা ভাইৰাছ এই আল্ট্ৰাভায়োলেট ৰশ্মি বা অতিবেঙুণীয়া ৰশ্মিৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ।  এই ৰশ্মিৰ ২৫৬ এনএমত এই ভাইৰাছ নিস্ক্ৰিয় হৈ পৰে।  সেয়েহে এই ৰশ্মিৰ যোগেদি ক্ষীপ্ৰতাৰে সংক্ৰমণ নাশ কৰিব পৰা যায়।

সংশ্লিষ্ট প্ৰতিষ্ঠানকেইটাই প্ৰস্তুত কৰি উলিওৱা এই ইউভিডি ট্ৰ’লিৰ অৱয়ৱ হৈছে – উচ্চতা 1.6mx প্ৰস্থ 0.6m x দৈৰ্ঘ্য 0.9m)। ইয়াত আছে ৬ টা ইউভিচি জাৰ্মিচাইডেল টিউব। ইয়াত থকা লেম্পকেইটাই বেৰ, বিচনা আৰু কোঠাৰ বতাহত থকা বীজাণু নাশ কৰাৰ বিপৰীতে মঁজিয়াত থকা বীজাণু নাশ কৰে  ইয়াত থকা দুটা সৰু সৰু আল্ট্ৰা ভায়োলেট লাইটে।

 

তথ্য প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই এই সন্দৰ্ভত কয়, "চিকিৎসালয় কোঠা, বিভিন্ন সা-সৰঞ্জাম আন্যান্য উচ্চ শংকাপূৰ্ণ স্থানৰ পৃষ্ঠভাগবোৰৰ শুকান নিসংক্ৰমণ আৰু ষ্টেৰিলাইজেশ্যন কৰিবলৈ এক গভীৰ আল্ট্ৰাভায়োলেট ৰশ্মি ব্যৱহাৰ কৰাটো আটাইতকৈ দৃঢ় উপায়, যিটো এক সামগ্ৰিক পেকেজত থকা ডিজাইনাৰ ট্ৰ’লিৰ দ্বাৰা সম্পাদিত হয় আৰু ইয়াৰ কাৰ্যক্ষেত্ৰ এতি সৰল, ক্ষীপ্ৰ আৰু কাৰ্যকৰী হয়।"

 

[সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক এন অপৰ্ণা ৰাও, CPRO, ARCI, aparna@arci.res.in, মোবাইল: +91-9849622731]

 

****

 

KGS/(DST)/RD


(Release ID: 1618271)