ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত চৰকাৰৰ প্ৰচেষ্টাৱলীৰ প্ৰতি সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইফক’ইঃ গৌড়া

পোষ্ট কৰা হৈছে: 24 APR 2020 6:12PM by PIB Guwahati

ভিড-১৯ বিৰোধী যুঁজত চৰকাৰক সহায় কৰাৰ লগতে ইয়াৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা সমস্যা সমাধানৰ কৰাত ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্ত অগ্ৰণী সাৰ সমবায় সংস্থা ইফক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

 

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই ইফক এই সহায়ৰ বাবে প্ৰশংসা কৰে৷ ইফক পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ ইউ.এছ. অৱস্তিলৈ লিখা এক পত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে ভিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ বাবে সমগ্ৰ বিশ্বই এক জটিল পৰ্যায়ৰ মাজেৰে দিন অতিবাহিত কৰিছে৷ এই মহামাৰীয়ে জীৱন আৰু জীৱিকা, বিশেষকৈ সমাজৰ দুখীয়া আৰু প্ৰান্তীয় লোকসকলৰ জীৱনত ব্যাপক প্ৰভাৱ পেলাইছে৷ ভিড-১৯এ বিশ্বত ব্যাপক হাৰত ধ্বংসাত্মক ৰূপ লৈছে৷ অকলে এই ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰি৷ তেওঁ ইয়াৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন বুলি কয়৷

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইফক পিএম-কেয়াৰ্ছ পুঁজিলৈ ২৫ কোটি টকা বৰঙণি আগবঢ়োৱাৰ বাবে সংস্থাটোৰ সৈতে জড়িত প্ৰশংসা কৰে৷ ইফক চিইঅগৰাকীয়েও মন্ত্ৰী গৌড়াক তেওঁৰ এই সাহমুলক বক্তব্যৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকে দেশৰ কৃষকসকলৰ মাজত ভিড-১৯ৰ সংক্ৰমণৰ শৃংখলা ৰোধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে৷

 

মন্ত্ৰীগৰাকীয়ে কয় যে সাৰ কোম্পানীসমূহে আগন্তুক খাৰিফ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দেশত পৰ্যাপ্ত সাৰ যোগানৰ দিশত কাম কৰি আছে৷

 

***

RCJ/RKM/DB


(ৰিলিজ আই ডি : 1618199) অতিথি কক্ষ : 192