বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউটৰদ্বাৰা ক’ভিড-১৯ ৰ পি চি আৰ আৰু লেম্প পৰীক্ষণৰ বাবে ক্ষূদ্ৰ চুম্বকীয় কণা ভিত্তিক আৰ এন এ নিষ্কাশন সঁজুলি প্ৰস্তুত

प्रविष्टि तिथि: 24 APR 2020 6:29PM by PIB Guwahati

শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিয়ে কভিড-১৯ ৰ পৰীক্ষণৰ বাবে চুৱাবৰ পৰা আৰ এন এ নিষ্কাশন কৰিবপৰা এক উদ্ভাৱনী সঁজুলি চিত্ৰা মেগনা প্ৰস্তুত কৰি উলিয়াইছে। 

ভিড-১৯ মহামাৰীৰ কাৰক হিচাপে চিহ্নিত হোৱা চাৰ্ছ-কভ-২ এটা আৰ এন এ ভাইৰাছ, যি জীৱদেহত থকা এডলীয়া পলিমাৰযুক্ত পদাৰ্থ আৰু জীৱৰ জেনেটিক তথ্যৰ সম্ভেদ দিয়ে। অতি দৰকাৰী কথাটো হল পৰীক্ষা কৰা চুৱাবৰ নমুনাত ভাইৰাছটোৰ আৰ এন এ ৰ উপস্থিতি নিশ্চিত কৰা।

এই চিত্ৰা মেগনা সঁজুলিবিধৰ ক্ষেত্ৰত পৰীক্ষণৰ বাবে সংগ্ৰহ কৰা চুৱাবৰ নমুনাৰপৰা ক্ষূদ্ৰ চুম্বকীয় কণাৰে আৰ এন এক ঘন কৰি পেলায়। এই সঁজুলিবিধৰ এটা ডাঙৰ সুবিধা হৈছে যে চুৱাবৰ নমুনা সংগ্ৰহৰ ক্ষেত্ৰত বা পৰিৱহণৰ ক্ষেত্ৰ অলপ হীন-দেড়ী হলেও চুম্বকীয় কণা ভিত্তিক আৰ এন এ নিষ্কাশন প্ৰযুক্তিৰে যথেষ্ট পৰিমাণত আৰ এন এ পাব পৰা যায়। যিহেতু পি চি আৰ আৰু লেম্প পৰীক্ষণৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ আৰ এন এ প্ৰয়োজন হয়, এই উদ্ভাৱনে এটা ডাঙৰ সমস্যাৰ সমাধান কৰিলে। আমদানিকৃত সঁজুলিসমূহতকৈ সহজ এই সঁজুলিবিধৰ পেটেন্ট বিচাৰি শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউটে ইতিমধ্যে আবেদন কৰিছে।

চিত্ৰা মেগনাই কেৱল লেম্প পৰীক্ষণৰ বাবেই নহয় আৰ টি- পি চি আৰ পৰীক্ষণৰ বাবেও উচ্চ মানৰ ডাঠ আৰ এন এ নিষ্কাশন কৰিব পাৰিব। কেইটামান প্ৰধান দেশীয় নিৰ্মাণকাৰীৰ বাবে সৰহভাগ আৰ এন এ নিষ্কাশন সঁজুলি বিদেশৰপৰা আমদানি কৰা হয় আৰু সেয়ে পৰীক্ষণ সম্পাদনৰ সংখ্যা ভাৰতত অতি কম হৈয়ে আছে।  

[বিতং তথ্যৰ বাবে শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিৰ জনসংযোগৰক্ষী বিষয়া স্বপ্না ভামাদেৱনক ৯৬৫৬৮১৫৯৪৩ নম্বৰযোগে বা  pro@sctimst.ac.in ই-মেইলযোগে যোগাযোগ কৰিব পাৰে।]

****

KGS/( DST)/PRK


(रिलीज़ आईडी: 1618166) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Telugu , English , हिन्दी , Gujarati , Tamil , Malayalam