কৃষি মন্ত্ৰালয়
‘ডিএআৰই’-‘আইচিএআৰ’-ৰ কাৰ্যক্ৰম পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে
‘আইচিএআৰ’-‘কেভিকে’-ৰ জৰিয়তে কৃষকৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ জনপ্ৰিয়কৰণৰ আহ্বান শ্ৰী নৰেন্দ্ৰ সিং তোমৰৰ
Posted On:
23 APR 2020 8:55PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰে আজি ‘কৃষি গৱেষণা আৰু শিক্ষা বিভাগ’(ডিএআৰই) আৰু ‘কৃষি গৱেষণা পৰিষদ’(আইচিএআৰ)ৰ কাৰ্যক্ৰমৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা সভাত তেওঁ কৃষকসকলৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ জনপ্ৰিয়কৰণৰ বাবে আইচিএআৰ আৰু কৃষি বিকাশ কেন্দ্ৰসমূহ(কেভিকে)ৰ নেটৱৰ্ক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট সকলক আহ্বান জনায়।
২০১৪চনৰ পৰা ২০১৯ৰ সময়চোৱাত ‘আইচিএআৰ’-য়ে ১২৩৪বিধ শস্যৰ সঁচ বিকশিত কৰিছিল। ‘আইআৰএআৰ’-ৰ বহু সংখ্যক সঁচ তথা প্ৰযুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিময়ৰ অনুমোদন লাভ কৰাৰ উপৰি দেশৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে।
দেশৰ ১১২খন প্ৰত্যাশী জিলাত ‘কৃষি কল্যাণ অভিযান’ ৰূপায়ণ কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ দুটা পৰ্যায় সম্পূৰ্ণ হৈছে আৰু এই সময়চোৱাত ‘কৃষি বিকাশ কেন্দ্ৰ’সমূহৰ জৰিয়তে ১১.৫লাখ কৃষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ৫০০০ৰো অধিক ক্ষেত্ৰ ভিত্তিক প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। অভিযানৰ তৃতীয় পৰ্যায়ত কৃষক পৰিয়ালসমূহৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰায় ১৭লাখ কৃষকক বিভিন্ন শস্যৰ খেতি সম্পৰ্কত প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে। আনহাতে এই সময়চোৱাত জল-সম্পদৰ উচিত ব্যৱহাৰৰ পৰম্পৰা গঢ়াৰ বাবে ব্যাপক জনসচেতনতা বৃদ্ধিৰ বাবে দেশৰ ২৪৩টা ‘কেভিকে’-ৰ জৰিয়তে ৪৬৬খন মেলাৰো আয়োজন কৰা হৈছে। এই মেলাত ৩.১৪লাখ কৃষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল। ইফালে দেশৰ ৩৪গৰাকী সাংসদ, ৫০গৰাকী বিধায়ক আৰু ২০০০অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা বৃক্ষ-ৰোপণ অনুষ্ঠানসমূহৰ জৰিয়তে ৭.১ লাখ গছপুলিও ৰোপণ কৰা হৈছে।
পৰ্যালোচনা সভাত কৃষি ৰাজ্য মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালা, শ্ৰী কৈলাশ চৌধুৰী, ডিএআৰই-ৰ সচিব আৰু আইচিএআৰৰ মহা-নিৰ্দেশক ড০ ত্ৰিলোচন মহাপাত্ৰৰ লগতে বিভাগৰ অন্য জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকে।
******
APS/PK/MS/BA/KB
(Release ID: 1617896)
Visitor Counter : 201