ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

শুভাৰম্ভৰ দুসপ্তাহৰ ভিতৰতে ‘ডিঅপিটি’-ৰ অনলাইন ক’ৰোনা পাঠ্যক্ৰমত ২,৯০,০০০ৰো অধিকৰ প্ৰশিক্ষণ আৰু ১,৮৩,০০০ ইউজাৰ্ছ : ড০ জিতেন্দ্ৰ সিং

Posted On: 23 APR 2020 7:16PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ(ডিঅপিটি)য়ে ৰূপায়ণ কৰা অনলাইন কৰোনা পাঠ্যক্ৰমে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে আৰু শুভাৰম্ভৰ দুটা সপ্তাহৰ ভিতৰতে ২,৯০,০০০গৰাকী লোকে এই প্ৰশিক্ষণ লাভ কৰাৰ লগতে আৰু ১,৮৩,০০০গৰাকীয়ে ইতিমধ্যে এই প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি পঞ্জীয়ণ কৰাইছে।

আজি এই তথ্য প্ৰকাশ কৰিছে উত্তৰ-পূব উন্ন্য়ণ বিভাগৰ স্বতন্ত্ৰ দায়িত্বৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব বহন কৰা ড০ জিতেন্দ্ৰ সিঙেএই সন্দৰ্ভত মন্তব্য কৰি ড০ সিঙে কয় যে এয়া এক নিতান্তই নতুন অভিজ্ঞতা। সম্ভৱতঃ ডিঅপিটি-য়ে এই প্ৰথমবাৰৰ বাবে কৰোনা-যোদ্ধাসকলক কৰোনা সম্পৰ্কীয় বিধি-ব্যৱস্থা তথা অন্যান্য প্ৰয়োজনীতা সম্পৰ্কত প্ৰশিক্ষণ প্ৰদানৰে এক কৰ্ম-বাহিনী গঠনৰ লক্ষ্যৰে আইগট (https://igot.gov.in.) প্লেটফৰ্ম আৰম্ভ কৰিছিল। এই প্লেটফৰ্মৰ সেৱা এনৰইড ফোনৰ জৰিয়তেও উপলব্ধ কৰিব পৰাকৈ https://bit.ly/dikshaigot. লিংকৰো শুভাৰম্ভ কৰা হৈছে।

 

<><><><><>

VG/SNC/KB



(Release ID: 1617727) Visitor Counter : 188