নৌ-পৰিবহন মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ৰ ছাইন-ইন/ছাইন-অফৰ এছঅ’পি অনুসৰণ কৰি ১৪৫ গৰাকী ভাৰতীয় চালকক কঢ়িয়াই মুম্বাই বন্দৰ আহি পালে জাৰ্মান ক্ৰুজ জাহাজ

Posted On: 23 APR 2020 7:34PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতীয় নাবিকসকলৰ বাবে ছাইন-ইন/ছাইন-অফৰ এছঅ’পি জাৰি কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে জাৰ্মান ক্ৰুজ জাহাজেৰে ১৪৫ জনীয়া ভাৰতীয় নাবিকৰ এটা দল আজি মুম্বাই বন্দৰত উপস্থিত হ’বলৈ সক্ষম হৈছে।

 

মুম্বাই প’ৰ্ট ট্ৰাষ্টে তিনিটা পৰ্যায়ত তীক্ষ্ণ স্বাস্থ্য পৰীক্ষাৰ অন্তত ভাৰতীয় নাবিকৰ দলটোৰ সদস্যসকলক বন্দৰত নামিবলৈ দিয়ে। সদস্যসকলৰ বাবে জাহাজৰ বাৰ্থতেই সকলোধৰণৰ চিকিৎসা পৰীক্ষাৰ ব্যৱস্তা কৰা হয়। ট্ৰাষ্টৰ চিকিৎসক আৰু নাৰ্ছৰ সহায়ত বন্দৰৰ স্বাস্থ্য বিষয়াসকলৰ তৰফৰ পৰা প্ৰথম পৰ্যায়ৰ চিকিৎসা পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। দ্বিতীয় পৰ্যায়ত এমচিজিএম স্বাস্থ্য বিষয়াসকলে এই নাবিকৰ দলটোৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু ১৪ দিনলৈ কোৰেণ্টাইনত থকাৰ বাবে মোহৰ লগাই দিয়ে। তৃতীয় তথা অতি গুৰুত্বপূৰ্ণ পৰ্যায়টোত জাহাজৰ পৰা নমা আটাইকেইগৰাকী সদস্যৰে ‘স্বোৱাব’ৰ নমুনা গ্ৰহণ কৰা হয়।

ইয়াৰ পিছতেই আটাইখিনি পিপিইৰ ক্ষেত্ৰতেই শুল্ক, প্ৰব্ৰজন, নিৰাপত্তা আৰু বন্দৰ ক্লীয়াৰেন্সৰ দিশবোৰ সম্পাদন কৰা হয় আৰু প্ৰতিটো ক্ষেত্ৰতে সামাজিক দূৰত্ব বজাই ৰখা হয়। এই সমগ্ৰ ব্যৱস্থাটোত জড়িত দলটো তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ নহা পৰ্যন্ত মুম্বাইতেই কোৰেণ্টাইনত তাকিব লাগিব।

***

YB/AP/RD



(Release ID: 1617725) Visitor Counter : 130