খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

পুষ্টিকৰ, উন্নত মানৰ খাদ্য প্ৰস্তুত কৰি ক’ভিড-১৯ ৰোগীৰ মাজত যোগান ধৰিছে খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠান আইআইএফপিটিয়ে

Posted On: 23 APR 2020 4:23PM by PIB Guwahati

খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক আগশাৰীৰ গৱেষণা আৰু শৈক্ষিক প্ৰতিষ্ঠান আইআইএফপিটি-এ ভাৰতৰ কভিড-১৯ যুঁজলৈ সহযোগিতা আগবঢ়াইছে৷ কেন্দ্ৰীয় খাদ্য সংশাধন মন্ত্ৰী শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদলে কভিড-১৯ ৰোগীৰ বাবে পুষ্টিসমৃদ্ধ খাদ্য তৈয়াৰৰ ক্ষেত্ৰত হাতত লোৱা পদক্ষেপক প্ৰশংসা কৰিছে৷

ভাৰতীয় খাদ্য সংশাধন প্ৰযুক্তি প্ৰতিষ্ঠান(আইআইএফপিটি)-এ তামিলনাডুৰ তঞ্জাভুৰ মেডিকেল কলেজত কভিড-১৯ৰ চিকিৎসা পৰীক্ষাৰ অধীনত থকা আৰু শেহতীয়াকৈ এই মহামাৰীৰ পৰা সুস্থ হৈ উঠা ব্যক্তিসকলৰ বাবে এইধৰণৰ পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰিছে৷

আইআইএফপিটি-এ ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তঞ্জাভুৰ জিলা প্ৰশাসন আৰু তঞ্জাভুৰ চিকিৎসা মহাবিদ্যালয়ক সহযোগ কৰিছে৷ প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ চি. আনন্দ ৰামকৃষ্ণনে কয় যে ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছোৱাত নাগৰিকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবলৈ পুষ্টিকৰ খাদ্য তৈয়াৰত মনোনিৱেশ কৰি তেওঁলোকৰ বিজ্ঞানীয়ে নতুন খাদ্য সামগ্ৰীৰ ফৰ্মূলা প্ৰস্তুত কৰে৷ কেইবাটাও থলুৱা খাদ্য সম্ভাৰেৰে পেকেটৰ ৰূপত প্ৰস্তুত কৰা এই সামগ্ৰীসমূহ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নিয়মীয়াকৈ যোগান ধৰা হয়৷ জিলা উপায়ুক্ত আৰু টিএমচিৰ ডীনৰ উপস্থিতিত ২১ এপ্ৰিল, ২০২০ত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আইআইএফপিটিৰ কৰ্মচাৰীয়ে অত্যন্ত সতৰ্কতাৰে সকলো সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে আৰু পেকেটত অন্তৰ্ভুক্ত কৰিছে৷

আআইএফপিটিৰ বিষয়েঃ

আইআইএফপিটি হ’ল খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান৷ তামিলনাডুৰ তাঞ্জাভুৰত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত৷ তদুপৰি, পঞ্জাবৰ বাথিন্দা আৰু অসমৰ গুৱাহাটীত ইয়াৰ যোগাযোগ কাৰ্যালয় আছে৷ আইআইএফপিটি-এ খাদ্য সংশাধন, মূল্য সংযোজন, খাদ্যৰ মান আৰু সুৰক্ষা নিশ্চিত কৰা আদি ক্ষেত্ৰত বিভিন্ন সেৱা আগবঢ়ায়৷

****

RJ/NG/MS



(Release ID: 1617712) Visitor Counter : 157