ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

তামিলনাডুৰ পাট-মুগাৰ লেটা-উত্পাদকসকললৈ সহায়ৰ হাত খাদী আয়োগৰ

Posted On: 23 APR 2020 4:55PM by PIB Guwahati

যি সময়ত সমগ্ৰ দেশে মাৰাত্মক কৰোনাৰ বিৰুদ্ধে যুঁজি থাকিবলগীয়া হৈছে, সেই সময়ত তামিলনাডুৰ পাট-মুগাৰ লেটা-উত্পাদকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্যখনৰ খাদী প্ৰতিষ্ঠানসমূহৰ সহযোগত তেওঁলোকৰ পৰা লেটা ক্ৰয় কৰি খাদী আৰু গ্ৰামোদ্যোগ আয়োগ-য়ে আকৌ এবাৰলৈ নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

দেশ জুৰি বলবত্ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত লেটা উত্পাদনৰে জড়িতসকলে তেওঁলোকৰ উত্পাদিত লেটাসমূহ বিক্ৰী কৰিব নোৱাৰা হোৱাত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল। এনে পৰিস্থিতিৰ পৰা লেটা উত্পাদকসকলক  উদ্ধাৰ কৰাৰ লগতে পাট-মুগাৰ বস্ত্ৰ উত্পাদনৰে জড়িত খাদী প্ৰতিষ্ঠানসমূহলৈ নিয়মীয়াকৈ লেটাৰ যোগান ধৰিবলৈয়ো খাদী আয়োগে এই উদ্যোগ গ্ৰহণ কৰে।

এই সন্দৰ্ভত মন্তব্য কৰি আয়োগৰ অধ্যক্ষ বিনয় চাক্সেনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বক্তব্যৰ উদ্ধৃতি দি কয় যে, কৃষকসকল আমাৰ দেশৰ মেৰুদণ্ডস্বৰূপ। এওঁলোকৰ কল্যাণৰ কথা মনত ৰাখিয়ে, এনেধৰণৰ ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাতো দেখাত সহজ যেন লাগিলেও বাস্তৱত কিন্তু ইমান সহজ নহয়। নিয়মমতে খাদী প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰয়োজনীয় লেটাসমূহ কেৱল ৰাজ্য-চৰকাৰ পৰিচালিত উদ্যান-শস্যৰ বিপণন কেন্দ্ৰসমূহৰ পৰাহে ক্ৰয় কৰা হয়। কৃষকসকলৰ পৰা পোন-পতীয়াকৈ লেটা কিনিবলৈ বিচাৰিলে জিলা-প্ৰশাসনৰ লগতে উদ্যান শস্য বিভাগৰ পৰা অনুমতি গ্ৰহণ কৰিবলীয়া হয়। অৱশ্যে, শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত লেটা-উত্পাদকসকলৰ সমস্যা হৃদয়ংগম কৰি আয়োগৰ চেন্নাই কাৰ্যালয়ে গ্ৰহণ কৰা বিশেষ তত্পৰতাৰ পিছত সংশ্লিষ্ট জিলা প্ৰশাসনে যাৱতীয় অনুমতি প্ৰদান কৰে আৰু আয়োগে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয়। সঠিক সময়ত লেটাবোৰ সংগ্ৰহৰ ব্যৱস্থা নকৰিলে এইবোৰ সমূলঞ্চে নষ্ট হলহেতেন আৰু উত্পাদকসকলো লোকচানৰ সন্মুখীন হবলগীয়া হলহেতেন।

আয়োগৰ চেন্নাই কাৰ্যালয়ে ৪০লাখ টকাৰো অধিক ধন আদায় দি প্ৰায় ৯৫০০কিলোগ্ৰাম লেটা ক্ৰয় কৰিছে।

 

*****

RCJ/SKP/IA/KB



(Release ID: 1617696) Visitor Counter : 176