বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিডৰ ঔষধত নহৰু অত্যাশকীয় তেল ব্যৱহাৰৰ দিশত কাম কৰিছে বিজ্ঞানীসকলে

Posted On: 23 APR 2020 2:33PM by PIB Guwahati

হালিস্থিত জৈৱপ্ৰযুক্তি কেন্দ্ৰৰ অভিনৱ আৰু প্ৰায়োগিক জৈৱপ্ৰক্ৰিয়াকৰণ বিভাগে(ডিবিটি-চিআইএবি) সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ভিড-১৯ৰ প্ৰতিৰোধ, চিকিসা আৰু ৰোগাক্ৰান্ত ৰোগীক আৰোগ্য কৰি তোলাৰ ক্ষেত্ৰত ঐষধ প্ৰস্তুত কৰাৰ বাবে এলানি গৱেষণা প্ৰকল্প হাতত হৈছে৷

ৰসায়ণ, কেমিকেল ইঞ্জিনিয়াৰিং, জৈৱপ্ৰযুক্তি, আণৱিক, জীৱবিদ্যা, পুষ্টি, নেনপ্ৰযুক্তি ইত্যাদি বিভিন্ন ক্ষেত্ৰত সৈতে জড়িত দেশৰ বিভিন্ন স্থানৰ বিশেষজ্ঞ তথা বিজ্ঞানীসকলক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ বাবেই এই পৰিকল্পনা কৰা হৈছে৷

ইফালে, প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা এলানি প্ৰতিৰোধমুলক প্ৰচেষ্টা হিচাপে নেনকমপ্লেক্সৰ জৰিয়তে এণ্টিভাইৰেল প্ৰলেপযুক্ত সামগ্ৰী, জঅক্সাইডসমৃদ্ধ চিত্ৰনলা তেল, কাৰ্বপল আৰু ট্ৰাইথানলসমৃদ্ধ এলকলিক ছেনিটাইজাৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি, এণ্টিভাইৰেল ফডাইনেমিক থেৰাপীৰ লগতে কৰোনা সংক্ৰমিত লোকক বুকুত সোপা মাৰি ধৰি থকাটো নাইকিয়া কৰিবলৈ নাকৰ স্প্ৰে প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে৷

এই ঔষধ আৱিস্কাৰ অভিযানৰ অধীনত লোৱা গৱেষণাত ফলমুলৰ গুটি আৰু প্ৰাকৃতিকভাৱে উপলব্ধ নহৰুৰ তেলক এচিই-২ প্ৰটিন ইনহিবিটৰ হিচাপে ছাৰ্ছ-কভি-২ প্ৰতিৰোধৰ বাবে ব্যৱহাৰৰ দিশত কাম কৰি থকা হৈছে৷

এণ্টিভাইৰেল ঔষধ হিচাপে লিংগিন ডেৰাইভ নেনকেৰিয়াৰ(এলএনচি) বিকাশ সাধন কৰাৰ লগতে জীৰাসমৃদ্ধ প্ৰটিন পাউডাৰ নিউট্ৰাচিউটিলে হিচাপে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷

গৱেষকসকলে ছমাহৰ পৰা এবছৰ সময় নিৰ্ধাৰণ কৰি কম ব্যয়েৰে এই ঔষধ প্ৰস্তুত কৰাৰ দিশত কাম কৰিছে৷ ৰসায়ণ উদ্যোগ আৰু বিএছএল-৩ সুবিধাযুক্ত চৰকাৰৰ অন্যান্য গৱেষণাগাৰত এই অধ্যয়ন সম্পন্ন কৰা হব৷

****

KGS/( DST- (Vigyan Samachar))/DB



(Release ID: 1617513) Visitor Counter : 223