হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ফৰিদাবাদ জিলা প্ৰশাসনে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে; নীৰিক্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ সহায় লৈছে

Posted On: 22 APR 2020 6:07PM by PIB Guwahati

খাদ্য বিতৰণৰ কৰ্ম আঁচনি

দেশজুৰি টলি থকা লকডাউনৰ সময়ত নগৰাঞ্চলত বাস কৰা বহু দুখীয়া পৰিয়াল অৰ্থৰ অভাৱত ভূগিছে। দিনে আয় কৰি পৰিয়ালক পোহপাল দিয়াসকলৰ খাদ্যবস্তু ক্ৰয় কৰিবলৈও সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ফৰিদাবাদ পৌৰনিগমৰ অধীনৰ ৪০ টা ৱাৰ্ডৰ স্থানীয় এন জি অ’ সমূহক কামত লগোৱা হৈছে। তদুপৰি ৱাৰ্ডৰ কাউন্সিলাৰ আৰু স্বেচ্ছাসেৱীসকলে খাদ্যবস্তু বিতৰণৰ ক্ষেত্ৰত প্ৰশাসনক সহায় কৰিব।

হাৰিয়ানা নগৰ উন্নয়ন সমিতিৰ ফৰিদাবাদৰ প্ৰশাসকে এই কৰ্ম আঁচনিৰ সংযোগী বিষয়া হিচাপে কাম কৰি আছে আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকলে তেওঁক সহযোগ আগবঢ়াইছে। ফৰিদাবাদৰ মহকুমা দণ্ডাধীশে গাড়ীৰ প্ৰৱেশৰ বাবে অনুমতি পত্ৰ, পৰিচয় পত্ৰ আদি দিয়াত সহায় কৰিছে। নাগৰিক সমাজৰ বৰঙণি, অৰ্ধ-চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ বৰঙণি, চি এচ আৰ পুঁজি, ৰে’ড ক্ৰছ, দুৰ্যোগ ব্যৱস্থাপনা পুঁজি, পৌৰ নিগমৰ পুঁজি, মধ্যাহ্ন ভোজন তথা অংগনৱাড়ীৰ বাবে উপলব্ধ থকা খাদ্যসামগ্ৰী, ৰাজহুৱা বিতৰণ ব্যৱস্থা আদিৰ পুঁজি এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001CNRS.jpg

পৰিয়ালসমূহৰ বাবে সিজোৱা খাদ্য আৰু খাদ্য সামগ্ৰীৰ টোপোলা ঘৰে ঘৰে দিয়া হৈছে। বৰ্তমান এসপ্তাহৰ বাবে সামগ্ৰী যোগাৰ আছে।

নিয়ন্ত্ৰণ কক্ষঃ ফৰিদাবাদৰ মহকুমা দণ্ডাধীশে ক’ভিড নিয়ন্ত্ৰণ কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাম কৰি আছে। জিলা জনসংযোগ বিষয়াই মোবাইল ফোনেৰে স্বেচ্ছাসেৱীসকলৰ সহযোগত এই বিতৰণ ব্যৱস্থাৰ ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰিছে। সকলো ক্ষেত্ৰতে সামাজিক দূৰত্ব বৰ্তাই ৰখা হৈছে।  

https://static.pib.gov.in/WriteReadData/userfiles/image/image002ZDD8.jpg

 

 

’ভিড-১৯ৰ  সময়ত শুকান খাদ্যসামগ্ৰী সংগ্ৰহৰ আঁচনি

ফৰিদাবাদ জিলা প্ৰশাসনে জিলাখনৰ সকলো বয়সৰে লোকৰ বাবে খাদ্যসামগ্ৰী সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছে। সংযোগী বিষয়াৰ পৰামৰ্শমতে ৰে’ড ক্ৰছ চ’ছাইটিৰ লগলাগি মহকুমা দণ্ডাধীশে এইক্ষেত্ৰত ৰণনীতি প্ৰস্তুত কৰিছে। পৰিভ্ৰমী শ্ৰমিক, অগংঠিত ক্ষেত্ৰত কাম কৰা শ্ৰমিক, বিপদত পৰা লোকসকলৰ বিতং তথ্য চৰকাৰী সংস্থাসমূহৰপৰা সংগ্ৰহ কৰা হৈছে। ১৪,০০০ পৰিয়ালৰ বাবে আৰু ৫০% অতিৰিক্তকৈ আনুমানিক ২১,০০০ পৰিয়ালক খাদ্যসামগ্ৰী যোগান দিবলৈ প্ৰশাসন সাজু হৈছে।  .

জিলা প্ৰশাসনে ফৰিদাবাদ চেক্টৰ-১২ ত নতুনকৈ সাজি উলিওৱা ইনডোৰ ষ্টেডিয়ামখন এই কামৰ বাবে নিৰ্বাচন কৰিছে। আৰক্ষী, অগ্নি নিৰ্বাপণ, হাৰিয়ানা ৰোডৱে আদিৰ বিষয়াসকলক এই কাম পৰ্যবেক্ষণক দায়িত্ব দিয়া হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003EMP7.jpg

 

শুকান খাদ্যসামগ্ৰী ক্ৰয়ঃ জিলা প্ৰশাসনে ৰে’ড ক্ৰছ চ’ছাইটিৰ লগলাগি ২১০০০ সম্পূৰ্ণ শুকান খাদ্যসামগ্ৰীৰ টোপোলা যোগানৰ লক্ষ্যৰে সকলোকে বৰঙণি আগবঢ়াবলৈ অনুৰোধ কৰিছে। বিষয়াসকলে সামগ্ৰী পাবপৰা দুখন ঠাই বল্লভগড় আৰু পালৱালক চিনাক্ত কৰিছে।

নীৰিক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ

• আৰক্ষীয়ে ফৰিদাবাদ স্মাৰ্ট চিটি আই চি চি চি ২৪X৭ যোগে সমগ্ৰ চহৰৰ লকডাউনৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছে।

• যান-বাহন আৰক্ষীয়ে আই চি চি চি এডাপ্টিভ ট্ৰেফিক লাইট নীৰিক্ষণ কৰি আছে। ইয়াৰ ফলত স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিত এম্বুলেন্সে কোনো বাধা নোপোৱাকৈ পাৰ হৈ যাব পাৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0041O0A.jpg

সজাগতা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ

  • স্মাৰ্ট চিটি আই চি চি চি নিয়ন্ত্ৰণ কেন্দ্ৰৰপৰা আৰক্ষীয়ে পি এ ব্যৱস্থা ব্যৱহাৰ কৰি জনতাক ক’ভিড-১৯ সন্দৰ্ভত সজাগ কৰিবলৈ বিভিন্ন নিৰ্দেশনা দি আছে।
  • বাৰ্তা সলনি হৈ থকা চাইনবোৰ্ড ব্যৱহাৰ কৰি ক’ভিড-১৯ সন্দৰ্ভত সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে।
  • ফৰিদাবাদ স্মাৰ্ট চিটিয়ে ৱাটছআপ আদি ডিজিটেল মঞ্চ, জিলা হেল্প ডেস্ক আদি ব্যৱহাৰ কৰি ক’ভিড-১৯ সন্দৰ্ভত সজাগতা আনিবলৈ চেষ্টা কৰিছে।
  • ঘৰতে মাস্ক তৈয়াৰ কৰাৰ নিৰ্দেশনা আৰু কৌশল শিকাবৰ বাবেও ডিজিটেল মঞ্চসমূহ ব্যৱহাৰ কৰা হৈছে।
  • ফে’চবুক, টুইটাৰ আদিৰ যোগেদিও সুৰক্ষা সম্পৰ্কীয় সজাগতা অনাৰ চেষ্টা কৰা হৈছে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image005S0L0.gif

 

 

 

 

 

*****

RJ/NG/PRK



(Release ID: 1617344) Visitor Counter : 200