দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

মহামাৰীৰ সময়ত নিৰ্দেশনা মানি অত্যাৱশ্যকীয় সেৱা আগবঢ়াবৰ বাবে স্কিল ইণ্ডিয়াই ৯০০ জন অনুমোদিত প্লাম্বাৰৰ তালিকা প্ৰকাশ কৰিছে

ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে অত্যাৱশ্যকীয় সেৱা আগবঢ়াবৰ বাবে প্ৰস্তুত থকা দক্ষ আৰু অনুমোদনপ্ৰাপ্ত প্লাম্বাৰৰ তালিকা প্ৰকাশ কৰিছে

৭০ টাতকৈও অধিক স্বীকৃতিপ্ৰাপ্ত অংশীদাৰে আৰ্তজনক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে

ভাৰতৰ প্লাম্বিং ৱৰ্কফ’ৰ্চৰ বাবে স্বাস্থ্য আৰু সুৰক্ষা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে

प्रविष्टि तिथि: 22 APR 2020 1:50PM by PIB Guwahati

’ভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিত প্লাম্বিঙৰ দৰে অতি দৰকাৰী কামসমূহৰ ক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰবাবে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া আঁচনিৰ লগত লগলাগি সমগ্ৰ ভাৰততে লকডাউনৰ সময়ত সেৱা আগবঢ়াবৰ বাবে ৯০০ জন প্লাম্বাৰৰ তালিকা প্ৰকাশ কৰিছে। ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে ইয়াৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰক আৰ্তজনক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ অনুৰোধ কৰিছে। ৭০ টাতকৈও অধিক স্বীকৃতিপ্ৰাপ্ত অংশীদাৰ তথা প্ৰশিক্ষণ কেন্দ্ৰই ইতিমধ্যেই আৰ্তজনক/ আইচ’লেশ্যন কেন্দ্ৰত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে।

ক’ভিড-১৯ ৰ সময়ত জৰুৰী সেৱা আগবঢ়াবলৈ যোৱা প্লাম্বাৰসকলৰ বাবে ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে স্বাস্থ্য আৰু সুৰক্ষা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনাসমূহ ভালকৈ মানি চলিচেনে নাই সেইকথা ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলৰ বিশেষ টাস্কফোৰ্চে নীৰিক্ষণ কৰি থাকিব। আৱাসগৃহ, হাস্পাতাল, আচুতীয়া কক্ষ, বাণিজ্যিক কেন্দ্ৰ তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি ঠাই বিশেষে সুৰক্ষা ব্যৱস্থা কৰা হৈছে।  

https://static.pib.gov.in/WriteReadData/userfiles/image/image0018RLW.jpg

কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনাঃ

১. সামাজিক দূৰত্ব

২. যথেষ্ট পৰিমাণত বিজাণুনাশক দ্ৰৱ্য ব্যৱহাৰ কৰি সা-সঁজুলি, স্পৰ্শ কৰা ঠাইসমূহ বিজাণুমুক্ত কৰা

৩. নগদবিহীন লেন-দেনৰ ওপৰত গুৰুত্ব দিয়া

৪. ব্যৱহৃত সামগ্ৰী নষ্ট কৰি পেলোৱা

৫. বিপদৰ সময়ত গ্ৰাহকক নিজৰ সহায় হ’ব পৰাকৈ শিক্ষা দিয়া

৬. পিছত প্ৰয়োজন হ’লে বিচাৰিব পৰাকৈ তথ্য সংগ্ৰহ কৰি ৰখা

১৫ এপ্ৰিল ২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি প্লাম্বাৰসকলক ২০.০৪ ২০২০ তাৰিখৰ পৰা সেৱা আগবঢ়াবলৈ অনুমতি দিয়া হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002YKP9.jpg

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেই কয়, “ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে দিয়া স্বাস্থ্য আৰু সুৰক্ষা নিৰ্দেশনাসমূহ আদৰণীয় আৰু ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত নিশ্চিতভাৱে এইসমূহ সহায়ক প্ৰতিপন্ন হ’ব। আমি সকলোৱে একগোট হৈ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী তথা স্বাস্থ্যকৰ্মীসকলৰ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়োৱা উচিত। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ শেহতীয়া ভাষণত কোৱামতে সাতটা পদক্ষেপ প্ৰতিজন ভাৰতীয়ই মানি চলা উচিত। ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে অহৰহ বহু স্বেচ্ছাসেৱীৰপৰা বতৰা লাভ কৰি আছে যে তেওঁলোকেও এই জৰুৰীকালীন সময়ত সেৱা আগবঢ়াবলৈ আগ্ৰহী। গতিকে এই ৯০০ জনৰ তালিকা অচিৰেই দীঘল হোৱাৰ সম্ভাৱনা আছে।”

ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলৰ অধ্যক্ষ ড০ ৰাজেন্দ্ৰ কে চোমানিয়ে কয়, “ভাৰতৰ নাগৰিকৰ স্বাস্থ্য আৰু সুৰক্ষা এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ। প্লাম্বাৰসকলে দেশৰ নাগৰিকৰ স্বাস্থ্য ৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই নিৰ্দেশনাসমূহ শ্ৰী এম কে গুপ্তাৰ নেতৃত্বত প্ৰযুক্তিগত টাস্কফোৰ্চৰদ্বাৰা প্ৰস্তুত কৰা হৈছে।”

ভাৰতৰ প্লাম্বিং ক্ষেত্ৰটো অসংগঠিত ৰূপত আছে আৰু ঠিকাভিত্তিক অথবা পৰিভ্ৰমী কামৰ ওপৰতে নিৰ্ভৰশীল। ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলে চাহিদা অনুযায়ী দক্ষ শ্ৰমিক যোগানৰ কাম হাতত লৈছে। বৰ্তমান ইণ্ডিয়ান প্লাম্বিং স্কিলচ কাউন্সিলৰ অধীনত ২৩০ টা প্ৰশিক্ষণ কেন্দ্ৰ, ২৫০ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক আৰু ৮৫ জন স্বীকৃতিপ্ৰাপ্ত সহায়ক আছে।   

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে আৰম্ভণিৰেপৰা দক্ষজনক নিয়োগৰ সুবিধা দিয়াৰ বাবে কাম কৰি আছে। কাউন্সিলে ন ন আঁচনি, নতুন আন্তঃগাঁথনি, ইতিমধ্যে থকা প্ৰতিষ্ঠানৰ মেৰামতি, ৰাজ্যসমূহৰ লগত সহযোগিতা স্থাপন আদিৰ যোগেদি নীতি আৰু কৰ্মৰ মানৰ সংশোধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এতিয়ালৈকে ৩ কোটিতকৈও অধিক লোকক স্কিল ইণ্ডিয়াৰ যোগেদি প্ৰশিক্ষণ দিয়া হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ২০১৬-২০২০ ৰ অধীনত মন্ত্ৰালয়ে ৯২ লাখতকৈও অধিক প্ৰাৰ্থীক প্ৰশিক্ষণ দিছে।

************

YB/SK/PRK


(रिलीज़ आईडी: 1617270) आगंतुक पटल : 261
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Bengali , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam