উপ-ৰাষ্ট্ৰপতি সচিবালয়

বিশ্ব ধৰিত্ৰী দিৱসৰ প্ৰাকক্ষণত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডুৰ বাৰ্তা

Posted On: 21 APR 2020 6:17PM by PIB Guwahati

বিশ্ব ধৰিত্ৰী দিৱসৰ প্ৰাকক্ষণত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডুয়ে আগবঢ়োৱা বাৰ্তাৰ সম্পূৰ্ণ পাঠ তলত উল্লেখ কৰা ধৰণৰঃ

সমগ্ৰ মানৱ জাতিয়ে কভিড-১৯ৰ দ্বাৰা সৃষ্টি হোৱা এক অনাকাংক্ষিত স্বাস্থ্য সংকটৰ সন্মুখীন হোৱাৰ সময়তে আমি বিশ্ব ধৰিত্ৰী দিৱসৰ ৫০বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত উপনীত হৈছো৷ এই সংকটে পৃথিৱীৰ পৰিৱেশতন্ত্ৰলৈ কিছু অদ্ভূত পৰিবৱৰ্তনো কঢ়িয়াই আনিছে৷ দীঘলীয়া লকডাউনে বিশ্বলৈ একপ্ৰাকৰ স্থবিৰতা কঢ়িয়াই আনিছে৷ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে, বায়ুমণ্ডলৰ মান উন্নত হৈছে৷ আমাক উপলব্ধি কৰাইছে যে মানুহে প্ৰকৃতিৰ ভাৰসাম্যত বিঘিনি ঘটাইছিল৷

এতিয়া আমি এখন সেউজ আৰু স্বচ্ছ পৃথিৱী গঢ়ি তোলাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সময় আহি পৰিছে৷ পৰিৱেশ সুৰক্ষা সকলো নাগৰিকৰ আন্তৰিক দায়িত্ব হোৱা উচিত৷

বিশ্ব ধৰিত্ৰী দিৱসত মই জনসাধাৰণক আহ্বান জনাও যে আমি সকলোৱে প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত এগৰাকী সক্ৰিয় সৈনিক হোৱা উচিত৷ ইয়াৰ সহায়ত আমি পৃথিৱীখনত মানুহ আৰু অন্যান্য জীৱকূলৰ এক সুসংগত আৱাসস্থল হিচাপে গঢ়ি তুলিব পাৰো৷

বিশ্ব ধৰিত্ৰী দিৱস ২০২০ৰ বিষয়বস্তুৱে যিহেতু ক্লাইমেট একচনৰ ওপৰত মনোনিৱেশ কৰিছে, গতিকে আমি পূৰ্বৰ ভুলৰ পৰা শিকিব লাগিব আৰু মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থানৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব৷ আমি এক আন্তঃসংযোগ বিশ্বত বাস কৰো আৰু উন্নয়ন তথা আধুনিকীকৰণৰ নামত পূৰ্বৰ দৃষ্টিভংগী অব্যাহত ৰাখিব নোৱাৰো, যিহেতু আমাৰ প্ৰতিটো কাৰ্যই প্ৰকৃতিত প্ৰভাৱ পেলায়৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আমাৰ প্ৰাচীন চিকিৎসা পদ্ধতি আয়ু্ৰ্বেদেও আমাক প্ৰকৃতিৰ পাঁচটা তত্ত্বৰ কথা শিকায়৷

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী(ইউএনডিপি)ৰ মতে, সেউজ গৃহ গেছৰ নিৰ্গমন ১৯৯০ৰ স্তৰতকৈ ৫০% অধিক হৈছে৷ ইউএনডিপিয়ে লগতে উল্লেখ কৰিছে যে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত সাহসী পদক্ষেপে ২০৩০লৈ ২৬ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনৈতিক লাভ নিশ্চিত কৰিব৷ বহনক্ষম শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০৩০ৰ ভিতৰত কেৱল শক্তি খণ্ডতে পুনৰ ১৮মিলিয়ন চাকৰি সৃষ্টি কৰিব পাৰি৷

এই মহামাৰীৰ সময়ত আহক আমি সকলোৱে আমাৰ উন্নয়নমূলক আৰু অৰ্থনৈতিক ৰণকৌশলসমূহ পুনৰ পৰ্যবেক্ষণ আৰু পুনৰ উদ্ভাৱন কৰো৷ আমি অতীত আৰু কঠোৰ বাস্তৱৰ পৰা উপযুক্ত শিক্ষা গ্ৰহণ কৰি অধিক বহনক্ষম ব্যৱস্থাৰে ভৱিষ্যতক পুনৰ নিৰ্মাণ কৰিব লাগিব৷

 

কল-কাৰখানা, উদ্যোগ বন্ধ, বিমান বাতিল আৰু পথত কমসংখ্যক বাহন চলাৰ পৰিপ্ৰেক্ষিতত বায়ু প্ৰদূষণৰ হাৰ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে৷ বায়ু প্ৰদূষণে প্ৰতিবছৰে বিশ্বত প্ৰায় ৭মিলিয়নৰ প্ৰাণ কাঢ়ি নিয়ে৷ গতিকে, পুনৰ ব্যৱহাৰযোগ্য শক্তি, সেউজ গৃহৰ ধাৰণা, স্বচ্ছ প্ৰযুক্তি আৰু বৈদ্যুতিক বাহনৰ ব্যৱহাৰ আদিৰ দিশে গতি কৰাটো আমাৰ বাবে সময়ৰ আহ্বান৷

লকডাউনৰ পাছত এটাই বাক্য বাৰে বাৰে শুনা গৈছে যে ধৰিত্ৰীয়ে নিজে নিজেই সুস্থ হব ধৰিছে৷ এয়াও সত্য যে, গংগাৰ পৰা কাবেৰীলৈ ভাৰতৰ বিভিন্ন নদীৰ প্ৰদূষণৰ মাত্ৰা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে৷ বিশেষকৈ, কিছুমান স্থানত গংগাৰ পানী গা খোৱাৰ উপযোগী হৈ নাছিল, কিন্তু এতিয়া সেয়া খোৱাৰ উপযোগী হৈ উঠিছে৷

*****

 

VRRK/MS/MSY/RK/MS



(Release ID: 1616924) Visitor Counter : 290