গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিবলৈ এফচিআইয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ ২খন জাহাজ আৰু লক্ষদ্বীপলৈ ৭খন সৰু জাহাজ প্ৰেৰণ কৰিছে

যোৱা ২৭দিনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ মাহিলী গড় পৰিমাণতকৈ দুগুণ অৰ্থাৎ প্ৰায় ৬৫০০ মেট্ৰিক টন খাদ্য সামগ্ৰী আৰু লক্ষদ্বীপলৈ মাহিলী গড় পৰিমাণতকৈ তিনিগুণ অৰ্থাৎ ১৭৫০ মেট্ৰিক টন খাদ্য সামগ্ৰী পঠোৱা হৈছে

Posted On: 21 APR 2020 4:14PM by PIB Guwahati

লকডাউনৰ সময়ছোৱাত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপলৈ খাদ্য সামগ্ৰীৰ অবিৰত যোগান অব্যাহত ৰাখিছে ভাৰতীয় খাদ্য নিগমে(এফচিআই)৷ জটিল ভৌগোলিক অৱস্থিতি আৰু সীমিত যোগাযোগ সুবিধাৰ বাবে এই অঞ্চলসমূহলৈ খাদ্য সামগ্ৰীৰ নিয়মীয়া যোগান অব্যাহত ৰখাটো যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰে৷ তথাপি, ভাৰতীয় খাদ্য নিগমে দ্বীপপুঞ্জ দুটাত সময়মতে খাদ্য সামগ্ৰী যোগান ধৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ অংশস্বৰূপে এফচিআইয়ে ৰাষ্ট্ৰজোৰা লকডাউনৰ যোৱা ২৭দিনত আন্দামান নিকোবৰলৈ ২খন জাহাজ আৰু লক্ষদ্বীপলৈ ৭খন সৰু জাহাজ সঞ্চালিত কৰিছে৷ এয়া হল দ্বীপপুঞ্জ দুটালৈ জাহাজ চলাচলৰ মাহিলী গড় পৰিমাণৰ দুগুণতকৈও অধিক৷

আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপলৈ যাবলৈ স্থলপথ অথবা ৰেল পথৰ সুবিধা নথকাত খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়৷ সাগৰীয় পথেই ইয়াৰ  যোগাযোগৰ একমাত্ৰ উপায়৷ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত ভাৰতীয় খাদ্য নিগমৰ একোটাকৈ ভাণ্ডাৰ আছে৷ পৰ্ট ব্লেয়াৰ আৰু আন্দ্ৰথত থকা এই গুদামৰ সক্ষমতা হল ক্ৰমে ৭০৮০ মেট্ৰিক টন আৰু ২৫০০ মেট্ৰিক টন৷

 

লকডাউনৰ ২৭ দিনৰ সমছোৱাত প্ৰায় ১৭৫০ মেট্ৰিক টন খাদ্য সামগ্ৰী মাংগালোৰ বন্দৰৰ পৰা লক্ষদ্বীপলৈ সঞ্চালিত কৰা হৈছে৷ এয়া হল স্বাভাৱিক মাহিলী গড় পৰিমাণ ৬০০ মেট্ৰিক টনতকৈ প্ৰায় তিনিগুণ অধিক৷ একেদৰে, প্ৰায় ৬৫০০ মেট্ৰিক টন খাদ্য সামগ্ৰী কাকিনাড়া বন্দৰৰ পৰা পৰ্ট ব্লেয়াৰ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত বিভিন্ন বন্দৰলৈ সঞ্চালিত কৰা হৈছে৷ এয়া হল স্বাভাৱিক মাহিলী গড় পৰিমাণ ৩০০০ মেট্ৰিক টনতকৈ দুগুণৰো অধিক৷

লকডাউনৰ ফলত সৃষ্টি হোৱা বিভিন্ন বাধা-নিষেধ নেওচি এই দ্বীপপুঞ্জসমূহত খাদ্যৰ যোগান অব্যাহত ৰখা হৈছে৷  যোৱা ২৭ দিনত লক্ষদ্বীপত প্ৰায় ১১০০ মেট্ৰিক টন খাদ্য সামগ্ৰী আৰু প্ৰায় ৫৫০০ মেট্ৰিক টন খাদ্য সামগ্ৰী আন্দামান নিকোবৰ দ্বীপপুঞ্জত যোগান ধৰা হৈছে৷ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত লাভ কৰা অতিৰিক্ত আবণ্টন৷

****

APS/PK/MS/MS



(Release ID: 1616823) Visitor Counter : 191