ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউন সত্ত্বেও কৃষকসকলৰ চাহিদা পূৰণ কৰিবলৈ সক্ৰিয় কৰি ৰখা হৈছে সাৰৰ উৎপাদন আৰু বিতৰণ কাৰ্য

লকডাউনৰ সময়ছোৱাত ১৭ এপ্ৰিল তাৰিখে এদিনতে সৰ্বাধিক ৪১ ৰেক পৰিমাণৰ সাৰ বিভিন্ন কাৰখানা আৰু বন্দৰৰ পৰা অনা-নিয়া কৰা হৈছে

Posted On: 19 APR 2020 5:40PM by PIB Guwahati

দেশজোৰা ক’ভিড-১৯ ৰ লকডাউনৰ বাবে পৰিবহন তথা যাতায়াত ব্যৱস্থা ব্যাহত হৈ থকা সত্ত্বেও দেশৰ কৃষকসকলৰ চাহিদা পূৰণ কৰিবৰ বাবে সাৰ বিভাগ, ৰে’লৱে বিভাগ, ৰাজ্যসমূহ আৰু বিভিন্ন স্থানৰ বন্দৰসমূহে কৰা প্ৰয়াসৰ মাধ্যমেৰে সাৰৰ উৎপাদন আৰু যোগান সক্ৰিয় হৈ আছে। লকডাউনৰ সময়ছোৱাতে বিগত ১৭ এপ্ৰিল, ২০২০ তাৰিখ শুক্ৰবাৰে সৰ্বাধিক ৪১ ৰেক পৰিমাণৰ সাৰ স্থানান্তৰ কৰা হৈছে।

 

এই পদক্ষেপ সন্দৰ্ভত বেকত কৰি কালি সন্ধিয়া ৰসায়ন আৰু সাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয়, “শস্য ৰোপন কৰাৰ সময়ৰ পূৰ্বেই আমাৰ কৃষকসকলক সাৰ উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ।”

বিভিন্ন কাৰখানা আৰু বন্দৰৰ পৰা কালি ৪১ ৰেক সাৰ স্থানান্তৰ কৰা হৈছে, যিটো লকডাউনৰ সময়ত সৰ্বাধিক পৰিমাণ।”

এনে পদক্ষেপেৰে অনাগত খাৰিফ শস্যৰ ছিজন আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাৰৰ পৰ্যাপ্ত উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে কৰা প্ৰতিশ্ৰুতিও ৰক্ষা কৰিলে আৰু স্বাভাৱিক সময়ছোৱাৰ লেখীয়াকৈয়ে লকডাউনৰ সময়ছোৱাতো সাৰৰ উপলব্ধতা নিশ্চিত কৰিছে।

ৰসায়ন আৰু সাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই লগতে কয় যে দেশত সাৰৰ ক্ষেত্ৰত কোনো সমস্যাৰগ সৃষ্টি হোৱা নাই আৰু এই ক্ষেত্ৰত শংকিত হোৱাৰ কোনো কাৰণ নাই। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰসমূহৰ হাততো পৰ্যাপ্ত পৰিমাণৰ সাৰ মজুত আছে। তেওঁ লগতে কয়, “আমি ৰাজ্যিক কৃষি মন্ত্ৰীসকলৰ সৈতে অবিৰতভাৱে সংযোগ ৰক্ষা কৰি আছো।”

অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ভাৰত চৰকাৰে দেশত সাৰ কাৰখানাবোৰ সক্ৰিয় কৰি ৰখাৰ অনুমতি দিছে, যাতে কৃষি খণ্ডত এই লকডাউনে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে।”

****

RCJ/RKM/RD



(Release ID: 1616290) Visitor Counter : 248